অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে সুখবৰ। "ছিৰাত টুউৰ্চ এণ্ড ট্রেভেলচ" নামৰ প্ৰতিষ্ঠানটোৰ জৰিয়তে অতি কম খৰচত হজ্ব আৰু ওমৰাহ কৰাৰ সুবিধা প্রদান কৰাৰ উদ্দেশ্যে বুধবাৰে গুৱাহাটীৰ হাতিগাওঁ চাৰিয়ালিত "ছিৰাত টুউৰচ্ এণ্ড ট্রেভেলচ"ৰ মূখ্য কাৰ্যলয় উদ্বোধন কৰা হয়।
আব্ৰাৰুল হাছান মাহমুদৰ সঞ্চালনাত পৰিচালিত "ছিৰাত টুউৰচ্ এণ্ড ট্রেভেলচ"ৰ মূখ্য কার্যালয়টি শুভ উদ্বোধন কৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰায় ৩৫ বছৰ ধৰি সেৱা আগবঢ়াই অহা নিৰ্ভৰযোগ্য তথা দেশৰ আগশাৰীৰ উমৰাহ আৰু হজ্বৰ প্ৰতিষ্ঠান "হাবিব টুউৰচ্ এণ্ড ট্রেভেলচ"ৰ সঞ্চালক আলহাজ মৌলানা জেহেৰুল ইছলামে।
মৌলানা ফখৰুদ্দিন আহমেদ কাছিমীৰ সঞ্চালনাত চলা উদ্বোধনী অনুষ্ঠানটিত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত এ,চি,এছ, বিষয়া এমৰাণ হুছেইন খন্দকাৰ, অসম চৰকাৰৰ প্ৰাক্তন বিষয়া আবুল কাছিম, বিশিষ্ট ব্যৱসায়ী আব্দুল মজিদ, অধ্যাপক আব্দুল মন্নাফ, আছিউৰ ৰহমান, হামিদা বেগমকে আদিকৰি বহু কেইগৰাকী বিশিষ্টলোক উপস্থিত থাকে।
উল্লেখ্য মৌলানা জেহেৰুল ইছলামে প্ৰতিষ্ঠানটি উদ্বোধন কৰি নিজৰ বক্তব্যত এক ডাঙৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি কয় যে- সম্প্ৰতি ৰাজ্যখনত একাংশ অসাধু ব্যক্তিয়ে চৰকাৰী কোনো স্বীকৃতি অবিহনে উমৰাহ হজৰ নামত মানুহক বিভিন্ন সময়ত প্ৰতাৰণা কৰি আহিছে। সেয়ে ৰাইজ আৰু চৰকাৰক এই ক্ষেত্ৰত সচেতন হবলৈ তেওঁ আহ্বান জনায়। লগতে সঞ্চালক আব্ৰাৰুল হাছান মাহমুদৰ তত্বাৱধানত পৰিচালিত "ছিৰাত টুউৰচ্ এণ্ড ট্রেভেলচ"ৰ জৰিয়তে অতি কম খৰচত উন্নতমানৰ সেৱা আগবঢ়োৱা হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।
Responsive Ads Here
Thursday, July 04, 2024

Home
অসম
আঞ্চলিক
Sirat Tours & Travels | হাতিগাৱত উদ্বোধন কৰা হ'ল ছিৰাত টুউৰচ্ এণ্ড ট্রেভেলচৰ মূখ্য কাৰ্যলয়
Sirat Tours & Travels | হাতিগাৱত উদ্বোধন কৰা হ'ল ছিৰাত টুউৰচ্ এণ্ড ট্রেভেলচৰ মূখ্য কাৰ্যলয়
Tags
# অসম
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment