অৱশেষত এছ টি এফৰ জালত পৰিল ট্ৰেডিং কেলেংকাৰীত নাম সাঙোৰ খোৱা অভিনেত্ৰী চুমি বৰা আৰু স্বামী তাৰ্কিক বৰা। DIG পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত ডিব্ৰুগড়ত গ্রেপ্তাৰ কৰা হয় চুমি-তাৰ্কিকক। এই তথ্য সামাজিক মাধ্যমযোগে অভিযুক্তৰ এখন ফটোৰ সৈতে প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে।
ইতিমধ্যে চুমি বৰাক ডিব্ৰুগড় মহিলা আৰক্ষী চকীলৈ প্ৰেৰণ কৰা লগতে তাৰ্কিক বৰাক ডিব্ৰুগড় সদৰ থানাত ৰখা হৈছে। দুয়োকে পৃথকে পৃথকে জেৰা চলোৱা হব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, অনলাইন ট্ৰেডিং কেলেংকাৰীত বিশাল ফুকনৰ পাছতে নাম সাঙোৰ খাইছিল চুমি-তাৰ্কিকৰ। বিশালৰ গ্ৰেপ্তাৰৰ পাছতে ১০ দিনে স্বামীসহ আত্মগোপন কৰি আছিল চুমি বৰা। বুধবাৰে ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত আত্মসমৰ্পণ কৰিব বুলি নিজ মুখে জনাইছিল চুমিয়ে।
আত্মসমৰ্পণ কৰিব বুলি চৰ্চা চলা লগে লগে তৎপৰ হৈ পৰিছিল আৰক্ষীৰ লগতে সংবাদ মাধ্যম ৷ ইয়াৰ পাছতে নিশা ডিব্ৰুগড়লৈ আত্মসমৰ্পণৰ বাবে গৈ থকা অৱস্থাত বাহনসহ এছ টি এফৰ দলৰ জালত পৰে চুমি-তাৰ্কিক ৷
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, STF ৰ দলে ইতিমধ্যে চুমি-তাৰ্কিকৰ পৰা কেতবোৰ সামগ্ৰী জব্দ কৰি ডিব্ৰুগড়ৰ থানালৈ লৈ আহিছে ৷ ঘটনা সন্দৰ্ভত বৰ্তমানেও সম্পূৰ্ণ তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক।
আৰক্ষীৰ জালত পৰিল ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত মাইনাও ব্ৰহ্ম। বৰঝাৰ বিমান বন্দৰৰ পৰা আৰক্ষীয়ে আটক কৰে মাইনাওক। নিশা দিল্লীৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমান বিমানযোগে বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈছিল মাইনাও ব্ৰহ্ম। বৰঝাৰ আৰু বাক্সা আৰক্ষীৰ যুটীয়া অভিযানত আটক মাইনাও। ১০০ কোটি টকা আত্মসাৎ কৰি পলায়ন কৰিছিল মহিলাগৰাকীয়ে। পাণ দোকানীৰ পৰা কোটিপতি হৈছিল মাইনাও ব্ৰহ্ম।
No comments:
Post a Comment