* ভিয়েটনামৰ দেড় লাখ কেন্সাৰ ৰোগীৰ ঔষধ হিচাপে গড়ৰ খৰ্গৰ পাউডাৰ ব্যৱহৃত হৈছে
* কাজিৰঙাৰ ২.৫ হাজাৰ গড়ক কেন্দ্ৰ কৰি ২৬ লাখ কোটি টকাৰ অবৈধ আন্তৰ্জাতিক বজাৰ
* চীনৰ বৈদেশিক চোৰাংচোৱা সংস্থা প্ৰত্যক্ষভাবে জড়িত খৰ্গৰ চোৰাং ব্যবসায়ত
চুলতান
মাহমুদ মিৰ্ধা, ৯ জুলাই : ‘ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ অসম গৌৰৱ এশিঙিয়া গড়
হত্যাৰ সৈতে আন্তৰ্জাতিক চক্র জৰিত হৈ আছে৷ চীনৰ বৈদেশিক চোৰাংচোৱা
সংস্থাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ভিয়েটনামেৰ দেড় লাখ কেন্সাৰ ৰোগীৰ ঔষধ
হিচাপে গড়ৰ খৰ্গৰ পাউডাৰ প্ৰস্তুত কৰাৰ বাবে অসমৰ বিৰল প্ৰজাতিৰ গড়ক
নিৰ্বিবাদে হত্যা কৰা হৈছে৷ এই আন্তৰ্জাতিক চক্রক সহায় কৰিছে ৰাজ্যৰ একাংশ
বন বিষয়াই৷ ইটালী, চীন, ৰাছিয়া, ভিয়েটনাম আদি ৰাষ্ট্ৰৰ মাফিয়া, চোৰাং
ব্যৱসায়ীয়ে পৰ্যটকৰ ছদ্মবেশেৰে গুৱাহাটী, কাজিৰঙাৰ বিভিন্ন তিনি-চাৰি
তাৰকাবিশিষ্ট হোটেল, ৰিজ’ৰ্ট আদি ঠাইত নিৰাপদে থাকি গড় হত্যাত সহায়
আগবঢ়াইছে৷ অসমৰ ২.৫ হাজাৰ গড়ক কেন্দ্ৰ কৰি ২৬ লাখ কোটি (৮০০ বিলিয়ন ডলাৰ)
টকাৰ এক অবৈধ আন্তৰ্জাতিক বজাৰ সৃষ্টি হৈছে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ
সোণোৱাল, বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম আদি গড় হত্যা প্ৰতিৰোধ কৰাৰ
ক্ষমতাতনাই৷’ দিল্লীকেন্দ্ৰিক ‘হিউম্যান ৰাইট্চ এণ্ড এণ্টি কৰাপশ্বন
ফ’ৰাম’ চমুকৈ এইচ আৰ এ চি এফ-এ আজি দিচপুৰ প্ৰেছ ক্লাৱত এক সংবাদ মেলত এই
গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ এইচ আৰ এ চি এফৰ সাধাৰণ সম্পাদক অমিতাভ
শৰ্মা, সভাপতি গোলাপ হুছেইন, ৰাষ্ট্ৰীয় সম্পাদক পুলকেশ ৰায়মেধিয়ে সংবাদ
মেলত এই গুৰুতৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিদেশ
মন্ত্ৰী সুষমা স্বৰাজ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত কুমাৰ গ্ৰোভাৰৰ
হস্তক্ষেপ দাবী কৰি কয় যে আন্তৰ্জাতিক পৰ্যায়ৰ এক চক্র অসমৰ নিৰাপত্তা আৰু
অখণ্ডতাক এক প্ৰৰ মুখত থিয় কৰাই দিছে৷ এইচ আৰ এ চি এফৰ কৰ্মকৰ্তাসকলে
পোনপটীয়া অভিযোগ কৰে যে তদানীন্তন চি চি এফ (টি) বিষই, বৰ্তমানৰ পি পি চি
চি এফ মাথুৰ, এ চি এফ পৰেশ চন্দ্ৰ দাসে অবৈধভাৱে অন্ধ্ৰপ্ৰদেশৰ পৰা অহা
প্ৰায় ১ কোটি টকাৰ ৰঙা চন্দন কাঠ চীনলৈ পঠিওৱাত সাহায্য কৰিছিল৷ তেতিয়াৰ
পূব কামৰূপৰ ডি এফ অ’ পি চাংকাকতি সেই অবৈধ কাৰ্যত বাধা দিয়াৰ ফলত তেওঁক
বদলি কৰা হৈছিল৷ এইচ আৰ এ চি এফয়ে তদানীন্তন বনমন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ
ফালেও অভিযোগৰ আঙুলি তুলে৷ তেওঁলোকে জানিবলৈ দিয়া মতে এই ৰঙা চন্দন কাঠ যি
পথেৰে চীনলৈ গৈছে সেই পথেৰেই গড় খৰ্গও পঠিওৱা হৈছে৷ কাজিৰঙাৰ পৰা
নাগালেণ্ডৰ ডিমাপুৰ, তাৰ পৰা মণিপুৰৰ চুড়াচান্দপুৰ জিলাৰ শিশিপু, তাৰ পৰা
আকৌ ইণ্ড’-ম্যানমাৰৰ ব’ৰ্ডাৰেৰ ম’ৰে হৈ ম্যানমাৰৰ টামুত উপস্থিত হয়৷ তাৰ
পৰা মান্দালয় অথবা ভিয়েটনাম হৈ চীনৰ গঙডং প্ৰদেশ পঠিওৱা হয়৷ চীনৰ পৰা
সেইবোৰ বিশ্বৰ বিভিন্ন বজাৰলৈ যায়৷ উল্লেখযোগ্য যে ভিয়েটনামতেই ১.৫ লাখ
কেন্সাৰ ৰোগী আছে৷ প্ৰতিজন ৰোগীক ২০ হাজাৰ ডলাৰকৈ খড়গেৰ পাউডাৰৰ প্ৰয়োজন
হয়৷ কেৱল এই ৰোগীসকলৰ ঔষধৰ বাবেই ৩০০ বিলিয়ন টকা ব্যায় কৰা হৈছে গড়ৰ খৰ্গ
আহৰণত৷ প্ৰণিধান যোগ্য যে একো একোটি গড়ৰ চাৰি কেজিকৈ খড়গ থাকে৷ এক কেজি
খৰ্গৰ আন্তৰ্জাতিক বজাৰ মূল্য হৈছে ১ লাখ ডলাৰ৷ সাধাৰণ সম্পাদক অমিতাভ
শৰ্মা আমেৰিকাৰ অ’ৰেগন ষ্টেট ইউনিভাৰচিটিৰ অধ্যাপক উইলিয়াম ৰিপল,
ওয়াশ্বিংটন টাইম্চ আদি আন্তৰ্জাতিক গৱেষক আৰু গবেষণা পত্ৰৰ উদ্বৃতিৰে কয়
যে আন্তৰ্জাতিক বজাৰত সোণ, হীৰা অথবা কোকেইনৰ দামতকৈও খৰ্গৰ দাম অধিক৷ ইয়াৰ
পৰিপ্ৰেক্ষিত অসমৰ গড় হত্যা বন্ধ হোৱাৰ ক্ষেত্ৰত এক জটিল পৰিস্থিতিৰ
সৃষ্টি হৈছে বুলি প্ৰকাশ কৰে এইচ আৰ এ চি এফ-এ৷ তেওঁলোকে অসমৰ গড়ক কেন্দ্ৰ
কৰি আন্তৰ্জাতিক চক্রই ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক নেতাক ধমকি পৰ্যন্ত দিয়াৰ কথাও
জানিবলৈ দিয়ে৷ এইচ আৰ এ চি এফ-এ সেই নেতাৰ নাম প্ৰকাশৰ পৰা বিৰত থাকে যদিও
চীনা বৈদেশিক চোৰাংচোৱা সংস্থাৰ অন্যতম শীৰ্ষ এজেণ্ট জিয়াং হাই
প্ৰত্যক্ষভাৱে আন্তৰ্জাতিক চক্রটোৰ সৈতে জড়িত থকাৰ অভিযোগ কৰে এইচ আৰ এ চি
এফ-ৰ কৰ্মকৰ্তাসকলে৷ কেন্দ্ৰীয় চৰকাৰক সাবধান কৰি কয় যে অসমৰ জাতীয় সম্পদ,
স্বাভিমান-গৌৰৱ এশিঙিয়া গড় ৰক্ষাত অনতি পলমে হস্তক্ষেপ নকৰিলে চৰকাৰৰ
বিৰুদ্ধে জোৰদাৰ আন্দোলন আৰম্ভ কৰা হ’ব৷
No comments:
Post a Comment