সংবাদ প্ৰহৰী. ৯ জুলাই ঃ বাশকান্দিৰ হুজুৰৰ প্ৰিয় খলিফা বয়োজ্যেষ্ঠ আলিম হজৰত মৌলানা শ্বেখ ছমিৰ উদ্দিন চাহাবে আজি শেষ নিশ্বাস ত্যাগ কৰে৷ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত ৰজাগাধোৱা নিবাসী এই বুজুৰ্গ ব্যক্তিজন এটা সময়ত অসমৰ বিভিন্ন অঞ্চলত জমিয়ত¸ দ্বিনী তালিমী ব’ৰ্ড আদি ধৰ্মীয় সংগঠনৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত মৰহুম হজৰত শ্বেখ মৌলানা আহমদ আলী চাহাবৰ বিশ্বস্ত সহযোগী হিচাপে কাম কৰিছিল । ১৯৮৫ চনত তেখেতে লাহৰীঘাট সমষ্টিৰ পৰা UMF ৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলিছিল । অবিভক্ত নগাওঁ জিলাত ধৰ্মীয় আৰু সামাজিক ক্ষেত্ৰত তেখেতৰ অৱদান অপৰিসীম । তেখেতৰ মৃত্যু অসমবাসী মুছলমানৰ বাবে এক অপুৰণীয় ক্ষতি হিচাপে বিবেচিত হৈছে ।
Responsive Ads Here
Saturday, July 09, 2016

হজৰত মৌলানা শ্বেখ ছমিৰ উদ্দিনৰ বিয়োগ
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment