সন্ত্রাসী সংগঠন ‘আইএসআইএলৰ লোকসকল জাহান্ননামৰ কুকুৰ ঃ আসাদউদ্দিন ওয়াইসি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 9, 2016

সন্ত্রাসী সংগঠন ‘আইএসআইএলৰ লোকসকল জাহান্ননামৰ কুকুৰ ঃ আসাদউদ্দিন ওয়াইসি


সংবাদ প্ৰহৰী, ৯ জুলাই ঃ সন্ত্রাসী সংগঠন ‘আইএসআইএলৰ লোকসকল জাহান্ননামৰ কুকুৰ। আবুবকৰ আল বাগদাদিকক হাতত পালে তাক খণ্ড খণ্ড কৰা হব। শুক্রবাৰ হায়দ্রাবাদৰ এক বিশাল জনসভাত কুখ্যাত সন্ত্রাসী সংগঠন আইএসআইএল সম্পর্কে এইদৰেই মন্তব্য তথা সকীয়নি প্ৰদান কৰে মজলিশ ই ইত্তেহাদুল মুসলেমিন বা ‘মিম’প্রধান ব্যাৰিস্টাৰ আসাদউদ্দিন ওয়াইসি। ওয়াইসি লগতে কয়, ‘আইএসআইএল ইসলাম বিৰোধী শক্তিৰ উপকৰণ। নবীজিৰ মসজিদৰ সন্মূখত ইসলামৰ শত্রু আইএসআইএল আক্ৰমণ কৰে। তেওলোক ইসলামক ধ্বংস করার বাবে ঠিকা লৈছে। সেয়ে এইসকল হৈছে  জাহান্নামৰ কুকুৰ।’ তেওঁ আইএসআইএল প্রধান আবুবকৰ আল বাগদাদিকক সকীয়াই কয়, ‘আবুবকৰ যি দিনা তুমি প্ৰকৃত মুসলমানৰ সন্মূখত পৰিবা সেইদিন তোমাৰ শৰীৰক এটা নহয়, শ শ টুকুৰা কৰিব। তুমি মুসলমানক ইমানেই বিশাল যন্ত্রণা দিছা যে, তোমাক জীবিত ধৰিব পৰা গলে, তোমার হাড়় এটাকো বিচাৰি পোৱা নাযাব৷ তেও মুছলিমক অস্ত্ৰ হাতত তুলি নলবলৈ আবেদন জনায় আৰু কয়-‘ইসলামৰ বাবে মৰিব নালাগে৷ মানবতার কাৰণে জীয়াই থকা৷ এই দেশ তোমালোকৰ৷ জিহাদ কৰাৰ বােব হাথিয়াৰৰ প্ৰয়োজন নাই। লোকৰ দারিদ্রতা দূৰ কৰা, দুখীয়া ঘৰৰ ছোৱালীক বিয়া দিয়াটও এটা জিহাদ।’ওয়াইসি আৰু কয়, ‘আইএসআইএল ইসলামৰ বাবে একো কৰা নাই। তেওঁলোকে ইছলাম ধৰ্মক কলঙ্কিত কৰিব বিচাৰিছে৷পৱিত্ৰ ৰমজান মাহত বাগদাদ, ইস্তাবুল, ঢাকাসহ বিশ্বৰ বিভিন্ন প্ৰান্তত মুছলিম-অমুছলিমকে ধৰি প্ৰায় ৩০০ নিৰাপৰাধ মানুহক হত্যা কৰিছে৷ তেওঁলোক ইছলামক ধ্বংস কৰিব বিচাৰিছে৷ শেষ পৰ্যন্ত মদিনাত নবীজিৰ মছজিদকো ৰেহাই নিদিলে৷
ইয়াৰোপৰি মুছলিম যুকসকলক উদ্দেশ্যি আৰু তেও কয়- নমৰিব, ইছলামৰ কাৰণে জীয়াই থকা৷ এইক্ষেত্ৰত শিক্ষিত যুৱকসকল আগুৱাই আিহব লাগিব৷ ভাৰতৰ বাবে আজি তোমালোকৰ অতি প্ৰয়োজন৷ এই দেশৰ কুতুব মিনাৰ, তাজমহল আিদ কৰি সকলো তোমালোকৰ৷সমগ্ৰ বিশ্বখনেই তোমালোকৰ৷ এইসকল কোন? যিসকলে বোমা তৈয়াৰ কৰে৷নিৰাপৰাধ মানুহক হত্যা কৰিবলৈ লৈছে৷ ইছলামে এইবোৰ শিকোৱা নাই৷
প্ৰসঙ্গত উল্লেখ কৰা বাহুল্য যে ইয়াৰ পূৰ্বে আইএছএলৰ বিৰুদ্ধে এক বিবৃতি দিয়াত আসাদ উদ্দিন ওয়াইছিক উক্ত সন্ত্ৰাসবাদী সংগঠনটোৱে হুংকাৰ প্ৰদান কিৰিছল৷ 
ইপিনে আসাদ উদ্দিন ওয়াইছিৰ উক্ত মন্তব্যক ভাৰতৰ সংবাদ মাধ্যমে বিয়োগাত্মাক দিশলৈ প্ৰচাৰ কৰাৰ বােব সংবাদ মাধ্যমৰ বিৰুদ্ধেও দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

No comments:

Post a Comment

SPONSORED