কয়াকুছিত 'সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰতিবাদী সভা' - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 13, 2016

কয়াকুছিত 'সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰতিবাদী সভা'

ছফি আহমেদ, কয়াকুছি, ১৩ জুলাই ঃ আজি কয়াকুছি প্ৰেছ গীল্ড কাৰ্যালয়ত চৰ চাপৰি সাহিত্য পৰিষদ, অসমৰ কয়াকুছি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু কয়াকুছি প্ৰেছ গীল্ডৰ সহযোগত 'সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰতিবাদী সভা' অনুষ্ঠিত হৈ যায়। Mahananda Sarkar Dutta ৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিবাদী সভাখনত সদৌ অসম ছাত্ৰ সন্থাৰ বৰপেটা জিলা সমিতিৰ উপদেষ্টা ধৰ্মেশ্বৰ ৰয়ে সন্ত্ৰাসবাদ দমনৰ বাবে চৰাঞ্চলৰ মানুহখিনিক উচ্চ শিক্ষাৰে শিক্ষিত কৰা আৰু মহানগৰৰ ছাত্ৰ-ছাত্ৰীৰ দৰে চৰাঞ্চলৰ ছাত্ৰ-ছাত্ৰীকো সমান সুবিধা দিয়াৰ বাবে চৰকাৰৰ কৰণীয় আছে বুলি মত ব্যক্ত কৰে। সভাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় সম্পাদক Eunus Ali Ahmed , নজৰুলজ্যোতিৰ সম্পাদক Anowar Hussain , বিশিষ্ট অভিনেতা Delowar Hussain , কয়াকুছি কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ Raficul Islam , আজুৰ বৰপেটা জিলা সমিতিৰ সভাপতি Nakul Talukdar , বাহাৰুল ইছলাম আদিয়ে সন্ত্ৰাসবাদ আৰু জেহাদীৰ ভয়াবহতা আৰু শেহতীয়াকৈ সংযোজন হোৱা বৌদ্ধিক সন্ত্ৰাস তথা মেডিয়া সন্ত্ৰাসৰ বিষয়েও ভাষণ প্ৰদান কৰে। চৰ চাপৰি সাহিত্য পৰিষদৰ কয়াকুছি আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক Gulam Saruar Ahmed এ উদ্দেশ্য ব্যাখ্যা কৰা সভাত চাৰিটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।সভাত Salim Ahmed , Shah Alam , Sultan Mahmud Mirdha, আদিও উপস্থিত থাকে।

No comments:

Post a Comment

SPONSORED