
গুৱাহাটী,৩ জুলাই ঃ সাম্প্রতিক কালত প্রায় সমগ্র বিশ্বকে সন্ত্রাসবাদী আৰু মৌলবাদী কার্যকলাপে অস্থিৰ কৰি পেলাইছে। ফলত প্রায় সকলো স্থানতে সর্বসাধাৰণ ৰাইজে নিৰাপত্তাজনিত আশংকাত ভূগিবলগা হৈছে। বাংলাদেশৰ ৰাজধানী ঢাকাত যোৱা শুকুৰবাৰৰ নিশা আইছিছৰদ্বাৰা সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডই পৰৱৰ্তীকালত ভাৰতীয় সীমামূৰীয়া এলেকাত একেধৰণৰ ঘটনা সংঘটিত হ’ব পাৰে বুলি বিভিন্ন মহলে আশংকা ব্যক্ত কৰিছে। ইতিমধ্যে ৰাজ্য চৰকাৰে অসমত ‘ৰেড এলার্ট জাৰি কৰিছে। এনে পৰিপ্রেক্ষিতত সাম্প্রতিক কালত সমগ্র বিশ্বতে সন্ত্রাসবাদে ছানি ধৰা সন্ধিক্ষণত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী আৰু ধর্মাৱলম্বী লোকৰ মাজত যি সম্প্রীতি বিৰাজ কৰি আছে, এই সম্প্রীতি যাতে বিনষ্ট নহয় আৰু কোনোধৰণৰ সন্ত্রাসবাদ যাতে অসমত প্রৱেশ কৰিব নোৱাৰে তাৰ বাবে ঢাকাকে আদি কৰি বিভিন্ন ঠাইত সংঘটিত হোৱা বর্বৰ ঘটনাৰ নিন্দা আৰু ৰাজহুৱাভাৱে গৰিহণা দিয়াৰ উপৰিও সর্বসাধাৰণ ৰাইজৰ মাজত সন্ত্রাসবাদৰ ভয়াবহতাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবৰ বাবে অহা ৫ জুলাই ২০১৬ তাৰিখ মঙলবাৰে দিনৰ ১১বজাত গুৱাহাটীৰ দীঘলী পুখুৰী পাৰত এক শান্তিৰ মিছিল ওলোৱাৰ কাৰ্যসূচীত গুৱাহাটী তথা অসমৰ মুছলিম সমাজ তথা বিভিন্ন চিন্তাবিদ, সাংবাদিক, বুদ্ধিজীৱী, গণতান্ত্রিক লোকৰ সহযোগিতা কৰিবৰ বাবে বিনম্র আবেদন জনায়।
No comments:
Post a Comment