বৰপেটা এলাহবাদ বেংকৰ শাখা প্রৱন্ধকৰ সীমাহীন দুনীতি ঃঃ দুনীতিৰ বিৰুদ্ধে সৰৱ সদৌ বৰপেটা জিলা শিক্ষিত নিৱনুৱা সন্থা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, July 04, 2016

বৰপেটা এলাহবাদ বেংকৰ শাখা প্রৱন্ধকৰ সীমাহীন দুনীতি ঃঃ দুনীতিৰ বিৰুদ্ধে সৰৱ সদৌ বৰপেটা জিলা শিক্ষিত নিৱনুৱা সন্থা


ৰমজান আলী, বৰপেটা : ৰাজ্য চৰকাৰৰ বিভাগ অধীনস্থ সমূহৰ বৰমূৰীয়া বিষয়া কৰ্মচাৰীৰ লগতে একাংশ বেংক বিষয়াই সংঘটিত কৰি আহিছে লুণ্ঠন ৰাজৰ ঘটনাএই সকল লোকে সাধাৰণ খেতিয়ক ৰাইজ, নিৱনুৱা যুৱক-যুৱতীৰ লগতে শিক্ষিত চামৰ ওপৰত চলাইছে মানসিক অত্যাচাৰ। শেহতীয়া ভাৱে পোৱা তথ্য অনুসৰি বৰপেটা এলাহবাদ বেংকৰ শাখা প্রৱন্ধক গৰাকীয়ে দুটা বছৰৰ পূৰ্বৰ পৰা লাখ লাখ টকাৰ লুণ্ঠন মধ্যভোগীৰ জৰিয়তে চলাই আহিছে বুলি অভিযোগ উত্থাপন কৰিছে সদৌ বৰপেটা জিলাৰ শিক্ষিত নিৱনুৱা সংস্থাই। সন্থাৰ সভাপতি হলধৰ ডেকা আৰু সম্পাদক ছিৰাজুল হকে এক প্রেছ বিজ্ঞপ্তি যোগে জনোৱা মতে ২০১৫-২০১৬ বৰ্ষত কে ছিছি ঋণৰ নামত পাৱ লগা গৰীৱ কৃষকক প্রবঞ্চনা কৰি মধ্যভোগীৰ জৰিয়তে টকা লৈ ধনী শ্রেণীৰ মানুহৰ মাজত কেছিছি ঋণ প্রদান কৰি আহিছে। অকল সেইয়ে নহয় শেহতীয়াকৈ ১৬টা ডাইৰি ঋণ ১৬ গৰাকী হিতাধিকাৰীৰ নামত মুঠ ৬ লাখ টকাকৈ অনুমোদন কৰি হিতাধিকাৰী সকলৰ পৰা ১ লাখ টকাকৈ দি, বাকী ৫ লাখকৈ মুঠ ৮০ লাখ টকা এজন তেওঁৰ বিশ্বস্ত মধ্যভোগী দালালৰ একাউন্টত সোমাইদি দালালজনৰ জৰিয়তে সমুদায় টকা লুণ্ঠন কৰিছে আৰু এই কেলেংকাৰীৰ বাবে প্রৱন্ধক জনৰ ওপৰত ব্যৱস্থা লবলৈ সংস্থাই বৰপেটা জিলা উপায়ুক্তক আবেদন জনায় আৰু উপায়ুক্তই এক সপ্তাহৰ ভিতৰত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰিব বুলি সংস্থাৰ বিষয়ববীয়াক আশ্বাস প্রদান কৰে।

No comments:

Post a Comment

SPONSORED