
বিভিন্ন দল-সংগঠন আৰু ব্যক্তিবিশেষে ঈদ-ঊল-ফিতৰৰ শুভেচ্ছা
ইফালে ৰাজ্যৰ বিভিন্ন দল-সংগঠন আৰু ব্যক্তিবিশেষে ৰাজ্যৰ ইছলামধর্মীসকলক ঈদল-ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে। অসমৰ ৰাজ্যপাল পি বি আচার্যই ৰাজ্যবাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে। পবিত্ৰ ৰামজান মাহৰ পিচত উদ্যাপন হ'বলগীয়া ঈদত ৰাজ্যবাসীৰ মাজত শান্তি-সম্প্রীতিৰ এনাজৰীডাল সুদৃঢ় হ’ব বুলি আশা ৰাখিছে ৰাজ্যপাল আচার্যই। ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও ৰাজ্যবাসীক পবিত্র ঈদল-ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে। একেদৰে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়েও ইছলামধর্মীসকলক জ্ঞাপন কৰিছে পবিত্র ঈদৰ শুভেচ্ছা। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ ভাৰপ্রাপ্ত সভাপতি ৰিপুণ বৰাই ৰাজ্যবাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে। অসম গণ পৰিষদেও ইছলামধর্মীসকলক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে।
No comments:
Post a Comment