সংবাদ প্ৰহৰী, ৭ জুলাই ঃ বর্ষাবিঘ্নিত পৰিবেশৰ মাজতো ব্যাপক হ’ল ইছলাম ধর্মাৱলম্বী লোকসকলৰ পবিত্র উৎসৱ ঈদ-ঊল-ফিতৰ। আল্লাৰ উপাসনা, ত্যাগ-সংযমৰ আদৰ্শৰে পৰিপূর্ণ পবিত্ৰ ৰমজান মাহৰ মাহজোৰা ৰোজা পালনৰ অন্তত আজি সমগ্র বিশ্ব তথা দেশৰ লগতে অসমৰ ইছলাম ধর্মাৱলম্বী লোকসকলেও উলহ-মালহেৰে উদযাপন ঈদ উৎসৱ। প্রতিটো প্রান্তৰ মছজিদ তথা ঈদগাহ ময়দানত অনুষ্ঠিত হয় ঈদৰ সমূহীয়া নামাজ। এই নামাজত অংশগ্রহণ কৰি নিজৰ, দহৰ, সমাজৰ তথা সমগ্র বিশ্বৰ মানুহৰ শান্তি-সম্প্রীতি আৰু সমৃদ্ধিৰ কামনাৰে আল্লাহৰ ওচৰত প্রার্থনা জনায় ইছলামধর্মী জনগণে। তাৰ পিচত পৰস্পৰে পৰস্পৰক আলিংগন কৰি যাচে ঈদ মোবাৰক। ঘৰে ঘৰে অথবা ৰাজহুৱাভাৱে সুস্বাদু খাদ্য-সম্ভাৰেৰে চলে ঈদৰ ভোজ-ভাত পর্ব। আলহীদুলহীৰে ভৰি উঠে ইছলামধর্মী লোকৰ ঘৰ। ঠায়ে ঠায়ে ঈদ উপলক্ষে সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰাৰো বাতৰি আহিছে৷ আনহাতে আজি পুৱাৰ ভাগতে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত অহা এজাক মুষলধাৰ বৰষুণে ঈদৰ পৰিবেশ কিছু পৰিমাণে স্নান কৰি তোলে। ঠায়ে ঠায়ে বৰষুণৰ পানীয়ে সমূহীয়া নামাজৰ বাবে সাজু কৰি তোলা ৰাজহুৱা ঈদগাহ ময়দান বুৰাই পেলোৱাৰ ফলত সমস্যাত পৰে উদ্যোক্তাসকল। ফলত বিভিন্ন ঠাইত ৰাজহুৱা ঈদগাহ ময়দানৰ পৰিবর্তে স্থানীয় মছজিদসমূহত অনুষ্ঠিত কৰিবলগা হয় ঈদৰ সমূহীয়া নামাজ। এইদৰে বৰ্ষাবিঘ্নিত পৰিবেশৰ প্রত্যাহান নেওচি ঈদৰ সকলো কাৰ্যসূচী সফল কৰি তোলে ইছলামী জনগণে। লক্ষণীয়ভাৱে এইবাৰৰ ঈদৰ সমূহীয়া নামাজৰ পিচত ঠায়ে ঠায়ে নিনাদিত হ’ল সন্ত্রাসবাদৰ বিৰুদ্ধে প্রতিবাদ ধ্বনি। এইদৰে ৰাজ্যৰ প্ৰতিটো প্রান্তত উলহ-মালহেৰে ঈদল-ফিতৰ উদ্যাপনৰ বাতৰি আহিছে।
Responsive Ads Here
Friday, July 08, 2016

উলহ-মালহেৰে উদযাপিত হল ঈদ-ঊল-ফিতৰ ঃ ৰাজ্যজুৰি আনন্দৰ বন্যা
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment