কৃতী শিক্ষকৰ বঁটা প্রাপক, সাহিত্যিক পেঞ্চনাৰ অক্ষয় কুমাৰ মিশ্র - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 29, 2016

কৃতী শিক্ষকৰ বঁটা প্রাপক, সাহিত্যিক পেঞ্চনাৰ অক্ষয় কুমাৰ মিশ্র

সংবাদ প্ৰহৰীঃ নমস্কাৰ ছাৰ। সংবাদ প্ৰহৰীৰ প্ৰথমখন সাক্ষাৎকাৰ” অনুষ্ঠানলৈ আপোনাক স্বাগতম।
মিশ্রঃ নমস্কাৰ।


সংবাদ প্ৰহৰীঃ প্রথমেই আপোনাৰ পৰা জানিব বিচাৰিম, এগৰাকী কৃতী শিক্ষক এগৰাকী সু-সাহিত্যিক হিচাপে আপোনাৰ যথেষ্ট সুনাম আছে। আপুনি শৈশৱ কালৰে পৰাই এনে সুনাম অর্জন কৰিব পাৰিব বুলি আশা কৰিছিল নে?

মিশ্রঃ আশা মোৰ বহুত আছিল। ফলত কেৱল আশাৰ ওপৰতে নিৰ্ভৰ কৰি চলাটাে মোৰ বাবে ঠিক নহয়। ফলত আশাটাে বুকুত বান্ধি ৰাখি বাস্তৱ জীৱনৰ লগতে কাল্পনিক জগততো চকু ফুৰাই দিন অতিবাহিত কৰিবলগীয়া হয়। সময় পৰিৱর্তনশীল। গতিকে সময়ৰ লগত খাপ খুৱাই চলিবলগীয়া হয়। অৱশ্যে সৰুতে মই যিমান আদর্শবাদী, আশাবাদী আছিলো, সময়ৰ সোতত তাৰ কিছু পৰিৱর্তন ঘটিছে। ফলত শৈশৱ কালত বিচৰা আশা সম্পূর্ণ পূৰণ হােৱা নাই আৰু হােৱাটাে সম্ভৱ নহয়। তুমি কোৱাৰ দৰে মই নিজকে এগৰাকী কৃতী শিক্ষক নাইবা সু-সাহিত্যিক হিচাপে ক’ব বিচৰা নাই। কিন্তু মই এগৰাকী মানুহ হিচাপে যাতে নিজকে গৌৰৱান্বিত কৰিব পাৰো সেই আশা, আদর্শ লৈয়ে দিনবোৰ অতিবাহিত কৰিছো।

সংবাদ প্ৰহৰীঃ আপুনি যেতিয়া শিক্ষকতাৰ কাম কৰিছিল তেতিয়া ছাত্রছাত্ৰীসকলক কেনেধৰণৰ শিক্ষা দিয়াৰ বাবে অধিক চেষ্টা কৰিছিল?

মিশ্রঃ মই এটা কথা ভালদৰে জানিছিলো যে এজন ভাল শিক্ষক হ’বলৈ হ’লে প্রথমতে নিজে এগৰাকী ভাল ছাত্ৰ হ’ব লাগিব। ফলত মই কেৱল শিক্ষকতা কৰি থকা সময়তেই নহয় আজিও মই এগৰাকী ভাল ছাত্ৰ হ’বলৈ চেষ্টা কৰো। কেৱল পুথিৰ শিক্ষাই যথেষ্ট নহয় আৰু শিক্ষাটো জাপি দিয়া বস্তু নহয়। মূল শিক্ষাটো হৈছে জীৱনৰ শিক্ষা। পাঠৰ আধাৰত জীৱনৰ বহুতো শিক্ষাই ছাত্র-ছাত্রীক দিব পৰা যায়। আনহাতে ছাত্র-ছাত্ৰীসকলৰ প্ৰতীভা, অভিৰুচি আদিৰ ওপৰত গুৰুত্ব দি ছাত্ৰ-ছাত্ৰীসকলক বাবে অধিক চেষ্টা কৰিছিলো।


সংবাদ প্ৰহৰীঃ আপুনি এগৰাকী সু-সাহিত্যিক, সাংবাদিক হিচাপেও আপোনাৰ যথেষ্ট সুনাম আছে। কিন্তু মোৰ প্রশ্নটো হৈছে আপুনি লেখামেলাৰ ক্ষেত্ৰত কোনটো বিষয়ৰ ওপৰত অধিক গুৰুত্ব দি আহিছে?

মিশ্রঃ আমি প্রতিজন লোকেই সমাজৰ একো একোটা অংগ। ফলত সমাজেও আমাৰ পৰা কিবা এটা দাবী কৰে। কিন্তু মই মূলতঃ জীৱন সম্পর্কে জানিবলৈ মোৰ বেছি কৌতুহল আছিল। আচলতে জীৱনটো কি মই তাকে জানিবলৈ অধিক আগ্রহী আছিলো। যাৰ বাবে জীৱন-জিজ্ঞাসা আৰু জীৱন-তৃষ্ণা’ নামৰ দুখন পুথি প্রকাশ কৰিছে। কাৰণ জীৱন বুলি ক’লে তাত সকলো বস্তুৱেই অন্তনিহিত হৈ থাকে।

কৃতী শিক্ষকৰ বঁটা প্রাপক, সাহিত্যিক পেঞ্চনাৰ অক্ষয় কুমাৰ মিশ্রৰ সৈতে সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকৰ ‘মুক্ত আলাপ’ৰ এক দৃশ্য৷

সংবাদ প্ৰহৰীঃ সাম্প্রতিক প্রেক্ষাপটত দেখা গৈছে আমাৰ দেশ বা আমাৰ ৰাজ্যতক্ৰমাৎ বিভিন্ন অসামাজিক কার্যকলাপ বৃদ্ধি পাইছে। যদিহে এনেদৰে দিনক দিনে অসামাজিক, সন্ত্রাসী কার্যকলাপ বৃদ্ধি পাই থাকে তেন্তে ইয়াৰ পৰা আমি কি আশা কৰিব পাৰো বুলি আপুনি ভাবে?

মিশ্রঃ মানুহ আশাবাদী জীৱ। আশাই যদি নাথাকে, তেন্তে আমি জীয়াই থাকিম কেনেকৈ। নৰকত হেনো আশা নাই। গতিকে আমি এতিয়াও নৰকত বাস কৰা নাই নাইবা দেশখনতো এতিয়ালৈকে নৰকত পৰিণত হোৱা নাই। অমানৱীয়তা তথা হত্যা-হিংসাৰ মাজতো আমি আশাৰ ৰেঙণি এটা দেখা পাওঁ। ৰাতি হ’লে দিন হ’বই আৰু দিন হ’লে ৰাতিও হবই। কিন্তু সম্প্রতি দেশ বা ৰাজ্যখনত যেনেদৰে অমানৱীয়তাৰ চূড়ান্ত পর্যায় পাইছে ইয়াক লৈ ভয় হয় যদিও প্রথমে কোৱাৰ দৰে মানুহ যিহেতু আশাবাদী। তাৰ বাবেই নেকি এনে অমানৱীয়তাৰ মাজতো আমি সভ্যতাৰ তথা ভাল পথ মুকলি হ’ব বুলি আশা কৰো আৰু অমানৱীয়, অসভ্যতাই হয়তো আমাক সভ্যতাক জীয়াই ৰখাৰ বাবে চেতনা বা জাগ্রত কৰি তোলে বুলিহে মোৰ ধাৰণা হয়। কাৰণ এই সকলোতে আছেশিক্ষা আৰু এই শিক্ষাতকৈ ডাঙৰ বস্তুটো হৈছে দীক্ষা। কিন্তু এটা কথা ঠিক যে, যিসকলে অস্ত্ৰৰে খেলা কৰে তেওঁলোকক সেই অস্ত্রয়েই প্রাণ নিয়ে। এইখন আমাৰেই দেশ, আমাৰেই ৰাজ্য। ফলত আমি সকলোৱে মানুহ হিচাপে নিজৰ মানৱতা, সততা আৰু কৰ্মৰ জৰিয়তে আমাৰ দেশ বা ৰাজ্যখন জীয়াই ৰাখিব লাগিব।

সংবাদ প্ৰহৰীঃ আপোনাৰ পৰা জানিব বিচাৰিম, বৰপেটা জিলাৰ পৰা তথা অসমৰ সংবাদ জগতত আৰু এখন অসমীয়া সাপ্তাহিক কাকতৰ প্রয়োজন আছে বুলি ভাবেনে ? যদি আছে বা নাই তেন্তে কিয়?

মিশ্রঃ নিশ্চয় প্রয়োজন আছে বুলি ভাবো। অসমত সম্প্রতি দৈনিকৰ পৰা আৰম্ভ কৰি ত্রৈমাসিক কাকতলৈকে অসমীয়া, ইংৰাজী, বঙালী, নেপালী আদি ভাষাৰ ভালেকেইখন কাকত আছে। প্রতিখন কাকতৰে নিজা নিজা বৈশিষ্ট্য আছে আৰু কাকত গোষ্ঠীসকলে নিজৰ নিজৰ দৃষ্টিভংগীৰে কাকতসমূহজীয়াইৰাখিছে।কিন্তু মাজেসময়ে মোৰ অনুভৱ হয় যে কেতিয়াবা কেতিয়াবা একাংশ কাকত যেন সংবাদ মাধ্যমৰ যি গুণ বা বৈশিষ্ট্য থাকিব লাগে তাৰে বিপৰীত মেৰুতহে অৱস্থান কৰে। ই সংবাদ মাধ্যমৰ বাবে কেতিয়াও ইতিবাচক দিশ হ’ব নোৱাৰে। আনহাতে বৰপেটা জিলাকে ধৰি নামনি অসমৰ পৰা সুকীয়াকৈ এখন বাতৰি কাকতৰ প্রয়োজন আছে বুলি মই সঁচাকৈ ভাবো। কিয়নো ইয়াৰ পূর্বেও জিলাখনৰ পৰা ভালেকেইখন কাকত প্রকাশ পাইছে, কিন্তু দুৰ্ভাগ্যবশতঃ তাৰে এখনো কাকত দীর্ঘজীৱি হৈ নাথাকিল। তাৰে মাজতে তোমালোকৰ দৰে উদীয়মান আৰু অত্যুৎসায়ী যুৱকসকলে বৰপেটাৰ পৰা এখন সাপ্তাহিক কাকত প্রকাশ কৰাৰ বাবে যি চেষ্টা হাতত লৈছা, সেয়া জানিব পাৰি সঁচাকৈয়ে মই নথৈ আনন্দিত। আশা কৰো তোমালোকৰ এই সংবাদ প্ৰহৰী’ নামৰ কাকতখন দীর্ঘজীৱি হওঁক, তোমালোকে নিষ্ঠা সহকাৰে কাম কৰি যোৱা। সদায় সমাজৰ স্বার্থত অর্থাৎ সমাজে কি বিচাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তোমালোকে তোমালোকৰ ‘কলম’ নামৰ যি অস্ত্ৰ আছে তাক প্রয়োগ কৰিবা। আশা কৰো যাতে কাকতখন দীর্ঘায়ু হয় আৰু কাকতখনৰ ভৱিষ্যৎ উজ্জ্বল কামনা কৰিলো।

সংবাদ প্ৰহৰীঃ সংবাদ প্ৰহৰীৰ প্ৰথমখন সাক্ষাৎকাৰ অনুষ্ঠানত আপুনি আপোনাৰ মূল্যৱান সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ। এই অনুষ্ঠানৰ জৰিয়তে আপোনাৰ পৰা আমি বহু কথাই শিকিলো, যিবোৰ কথা কেৱল আমাৰ বাবেই নহয়, পাঠক সমাজৰ বাবেও পথ প্রদশর্ক হৈ থাকিব বুলি মোৰ ধাৰণা। আমাক মাজে সময়ে এনে আৰু বহুতো পৰামর্শ দিব বুলিও আমি আশাবাদী। সদৌ শেষত সংবাদ প্ৰহৰীৰ তৰফৰ পৰা আপোনাৰ সু-স্বাস্থ্য, দীর্ঘায়ু কামনা কৰি এই অনুষ্ঠানৰ পৰা আজিলৈ বিদায় মাগিছে৷ ধন্যবাদ।

মিশ্রঃ ধন্যবাদ।

পলকতে অক্ষয় কুমাৰ মিশ্ৰঃ



পিতৃৰ নামঃ স্বগীয় হৰেকৃষ্ণ মিশ্র
মাতৃৰ নামঃ শ্ৰীযামিনী
ঠিকনাঃ গলিয়াহাটী, বৰপেটা
জন্মঃ ৮ মার্চ, ১৯৪৪ ইং,

শিক্ষাঃ
বৰপেটা বিদ্যাপীঠৰ পৰা ১৯৬২ চনত প্ৰৱেশিকা পৰীক্ষাত সাধাৰণ গণিত বিষয়ত লেটাৰসহ প্রথম বিভাগত উত্তীর্ণ। বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা ১৯৬৩ চনত লেটাৰসহ প্রথম বিভাগত উত্তীর্ণ। ১৯৬৬ চনত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা ডিষ্টিংচনসহ বিএ পৰীক্ষাত উত্তীর্ণ। ১৯৬৬-৬৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগত এমএ অধ্যয়ন।

কর্ম জীৱনঃ
১৯৬৯ চনত বৰপেটা সংস্কৃত টোলত গ্ৰেজুৱেট শিক্ষক হিচাপে নিযুক্তি৷
বৰপেটা বিদ্যাপীঠত শিক্ষক হিচাপে নিযুক্ত। (১৯৭১-২০০৭)। বৰপেটা নৈশ বিদ্যালয়ত শিক্ষক হিচাপে (অবৈতনিক) সেৱা। (১৯৭২-১৯৭৭)

সাহিত্য-সাংগঠনিক সেৱাঃ
সম্পাদক, বৰপেটা সাহিত্য সভা (১৯৭২-১৯৭৩, ১৯৭৩-১৯৭৪, ১৯৭৪-১৯৭৫, ১৯৭৭-১৯৭৮, ১৯৭৮-১৯৭৯)
সম্পাদক, ‘বৰপেটা’ (মুখপত্ৰ, বৰপেটা সাহিত্য সভা-১৯৮১)
সভাপতি, বৰপেটা সাহিত্য সভা (১৯৯১-৯২, ১৯৯২-৯৩)
প্রকাশন সচিব, বৰপেটা জিলা সাহিত্য সভা (১৯৯২-১৯৯৯)
সভাপতি, বৰপেটা জিলা সাহিত্য সভা (২০০০-২০০২)
কার্যনির্বাহক সদস্য, অসম সাহিত্য সভা (২০০০-২০০২)
আজীৱন সভ্য, অসম সাহিত্য সভা (১৯৮০ চনৰ পৰা)
উপদেষ্টা, বৰপেটা লেখিকা সমাৰোহ সমিতি (প্রতিষ্ঠাকাল ১৯৮১ চনৰ পৰা বর্তমানলৈকে)
সভাপতি, দ্বি-ভাষিক বার্ষিক সাহিত্য পত্রিকা কিঞ্চিত’

সাংবাদিকতাঃ
গুৱাহাটীৰ পৰা প্রকাশিত ‘নিউজ ষ্টাৰ’ কাকতৰ বৰপেটাস্থ সংবাদদাতা (১৯৮২-১৯৮৯)
‘দৈনিক অসমৰ সংবাদদাতা (১৯৮৯-১৯৯৪)
‘কেবল দূৰদৰ্শনৰ নিউজ চেনেল অসম বার্তা'/“আজিৰ প্রৱাহৰ মুখ্য সম্পাদক।
সম্পাদক, বৰপেটা প্রেছ ক্লাব (১৯৮৩)
সভাপতি, বৰপেটা প্ৰেছ ক্লাব (১৯৮৬-১৯৯২)
প্রতিষ্ঠাপক সম্পাদক, বৰপেটা জিলা সংবাদসেৱী সংস্থা (১৯৮৬)
বৰপেটাৰ পৰা প্রকাশিত পষেকীয়া ‘পদক্ষেপ” আৰু বৰপেটাৰোডৰ পৰা প্রকাশিত সাপ্তাহিক কাকতৰ স্তম্ভলেখক।
‘দৈনিক অসম’, ‘আজিৰ অসম’, ‘আমাৰ অসম’, ‘আজিৰ দৈনিক বাতৰি' প্রমুখ্যে ভালেকেইখন দৈনিক, সাপ্তাহিক অসমীয়া কাকত-পত্ৰত বিবিধ বিষয়ৰ প্ৰৱন্ধ-নিৱন্ধ প্রকাশ কৰাৰ লগতে নিয়মীয়া লেখক।
ইয়াৰোপৰি বিভিন্ন সামাজিক, সাংস্কৃতিক, শৈক্ষিক অনুষ্ঠানপ্রতিষ্ঠানৰ সৈতে সক্রিয় অংশগ্ৰহণ তথা সহায়-সহযোগিতা৷

প্রকাশিত গ্ৰন্থঃ
১। ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ (১৯৮৮)
২। বাণীৰ পুত্র বাণীকান্ত (১৯৮৯)
৩। ৰমণীয় বৰণীয় (১৯৯১)
৪। জীৱন-জিজ্ঞাসা (১৯৯২)
৫। অসমীয়া সাহিত্যলৈ বৰপেটা জিলাৰ অৱদান (১৯৯৬)
৬। জীৱন-তৃষ্ণা (১৯৯৭)
৭ ৷ টেনটন (১৯৯৮)
৮। বাট্ৰাণ্ড ৰাছেল (১৯৮৮)
৯। বৰপেটা সাহিত্য সভাৰ ইতিবৃত্ত (২০০০)
১০। প্রবুদ্ধ যৌৱন (২০০৩)
১১। ঘৰে ঘৰে (২০০৩)
১২। বাক-অবাক (২০০৬)
১৩। সুৰাৰ সুতাৰে গাঁথা মালাধাৰ (২০০৬)
১৪। ব্যক্তিত্বৰ সৌৰভ কৃতিত্বৰ গৌৰৱ (২০০৮)
১৫। জীৱন কলাৰ সাধক গান্ধীজী (২০১০)

সম্পাদিত গ্রন্থঃ
১। পণ্ডিত প্রৱৰ নাৰায়ণ দেৱমিত্ৰ স্মৃতিগ্রন্থ (যুটীয়াভাৱে)
২। বিদ্যাব্যসনী জয়কৃষ্ণ
৩। কবি প্রসন্নলাল
৪। গণ জিজ্ঞাসা (কবিতা সংকলন)
৫। জীৱনী মালা (তিনিটা খণ্ড)
৬৷ ঋতুৰাগ (গল্প সংকলন)
৭। অসম কেশৰী অম্বিকাগিৰি (যুটীয়াভাৱে)
৮। লোকসেৱক যাদৱ চন্দ্ৰ দাস (যুটীয়
৯। পাটবাউসী সত্ৰৰ স্মৰণিকা (যুটীয়াভাৱে)
১০। মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ (অসমীয়া,ইংৰাজী, হিন্দী-যুটীয়াভাৱে)
১১৷ শ্ৰী শ্ৰী মথুৰা দাস বুঢ়া আতা
১২। সত্ৰীয়া শিল্পী নৰহৰি বুঢ়াভকত
১৩। নির্বাচিত প্রৱন্ধ (সহঃ সম্পাদক)
১৪। বাণীকান্ত কাকতি ঃ ব্যক্তিত্ব আৰু কৃতিত্ব (যুটীয়াভাৱে)
১৫। মদনমোহন মিশ্র স্মৃতি-অৰ্ঘ্য
১৬। সোণৰ পাহাৰ ৰূপৰ খনি (বৰপেটা জিলাৰ কিংবদন্তি)
১৭। প্রসন্নলাল চৌধুৰী ঃ ব্যক্তিত্ব আৰু কৃতিত্ব
১৮। বৰপেটা জিলাৰ লোক-সংস্কৃতি
১৯। জনসাহিত্যৰ মধুকৰ শ্ৰীৰাম চন্দ্ৰ দাস
তদুপৰি অসমৰ বিভিন্ন কাকত-আলোচনী মুখপত্র আদিত প্রকাশিত অসমীয়া, ইংৰাজী বিবিধ বিষয়ক প্ৰৱন্ধ-নিৱন্ধৰ সংখ্যা তিনি শতাধিক)

গীতি-আলেখ্যঃ
১। সুৰৰ সুতাৰে গথা মালাধাৰ
২। যুগে যুগে অৱতাৰ
৩। ৰঙ্গে ফাগু খেলে
৪৷ ৰঙে ৰঙে একাকাৰ
৫। সুৰীয়া দোতাৰাৰ গুঞ্জন
৬। ৰাইজ ঐ কুশলে থাক
৭ ৷ নন্দোৎসৱ
৮। আলোকৰ কল্লোলে মেলিলে দুৱাৰ
৯। যুৰীয়া জীৱনৰ সুৰীয়া ছন্দ
১০৷ মোহন মন্ত্র
১১। অর্জুনৰ ৰথৰ সাৰথি নাৰায়ণ

বঁটাঃ
বি, কে, স্বৰস্বত শিক্ষাৰত্ন বঁটা (২০০৪)
ভৰত চন্দ্ৰ বৰুৱা স্মাৰক বঁটা (২০০৯-২০১১)



সাক্ষাৎকাৰ গ্ৰহণ-
ছৈয়দ বুলবুল জামানুৰ হক
সম্পাদক, সংবাদ প্ৰহৰী



No comments:

Post a Comment

SPONSORED