সংবাদ প্ৰহৰী, গুৱাহাটী, ৩ ছেপ্টেম্বৰ, ২০১৬ : জাষ্টিচ ফ’ৰাম, আছাম গুৱাহাটীৰ হাতীগাঁওস্থিত মুখ্য কার্যালয় আজি দিনৰ ২ বজাত আনুষ্ঠানিকভাৱে মুকলি কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদার্থবিজ্ঞান বিভাগৰ প্রাক্তন মুৰব্বী অধ্যাপক ড° আতোৱাৰ ৰহমান আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ প্রাক্তন মুৰব্বী অধ্যাপক আব্দুল মান্নানে। অনুষ্ঠানত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, জ্যেষ্ঠ সাংবাদিক ছাহজাহান তালুকদাৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰহমান শিকদাৰ, অধিবক্তা আলতাপ হুছেইন মোল্লাৰ উপৰি অধিবক্তা পীৰ জাহান আহমেদ, প্রাক্তন প্রশাসনিক বিষয়া ইমৰান হুছেইন খন্দকাৰ আৰু সর্বশিক্ষা মিছন অভিযানৰ প্রাক্তন ষ্টেট প্রাগ্রাম অফিচাৰ আতিকুৰ ৰহমান বৰভূইয়া, ফ’ৰামৰ সভাপতি অধিবক্তা জেনাত মোল্লাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক মতিউৰ ৰহমানে। বৈঠকত ফৰমাৰ ভৱিষ্যৎ কর্মপন্থাৰ ওপৰত বিস্তাৰিত আলোচনাৰ লগতে নিম্নোল্লেখিত বিষয়সমূহে গুৰুত্ব লাভ কৰে। জাষ্টিচ ফ’ৰাম, আছাম এটি সামাজিক সংগঠন।
জাতি, ধর্ম, বর্ণ নির্বিশেষে সকলো ভাৰতীয় নাগৰিকৰ ন্যায় প্রাপ্তিৰ হকে মাত মতাৰ দায়বদ্ধত লৈ এই সংগঠনৰ জন্ম হৈছে। বিগত দিনবোৰত অসমত নাগৰিক অধিকাৰ, মানৱাধিকাৰ লঙঘন এক নিত্য নৈমত্যিক ঘটনাত পৰিণত হৈছে। এই ক্ষেত্ৰত বিভিন্ন সামাজিক আৰু মানৱাধিকাৰ সংগঠনসমূহে মাত মাতি থাকিলেও দুর্ভাগ্যজনকভাৱে ন্যায় প্রদানৰ দায়িত্বত থকা চৰকাৰ, আনকি বহুক্ষেত্ৰত ন্যায়ালয়সমূহকো নির্বিকাৰ হৈ থকা পৰিলক্ষিত হয়। সম্প্রতি অসমত যুগ যুগ ধৰি বসবাস কৰি থকা ভাৰতীয় নাগৰিকসকলক প্রথমে সন্দেহৰ আৱর্তত আনি পিছলৈ চৰকাৰৰ সীমান্ত পুলিচ আৰু বিদেশী ন্যায়াধিকৰণে যৌথভাৱে বিদেশী সজাই হাজাৰ হাজৰ নাগৰিকক ৰাষ্ট্রহীন কৰাৰ ষড়যন্ত্ৰটােৱে নিঃসন্দেহে ৰাজ্যখনক এক অস্থিৰ অৱস্থালৈ লৈ গৈ আছে। এই অৱস্থাৰ পৰা ৰাজ্যখনক ৰক্ষা কৰিবলৈ হ’লে ভাৰতীয় নাগৰিকসকলৰ নাগৰিকত্বক সুৰক্ষিত কৰাটাে প্ৰতিজন সচেতন নাগৰিকৰ নৈতিক দায়িত্ব বুলি আমি অনুভৱ কৰাে। প্রচলিত আইন অনুসৰি কোনাে ব্যক্তিৰ নাগৰিকত্ব সম্পর্কে সন্দেহ হ’লেই সীমান্ত পুলিচে অনুসন্ধান কৰিব পাৰে।
অনুসন্ধান কালত সংশ্লিষ্ট ব্যক্তিয়ে কাগজ-পত্ৰ দেখুৱাই পুলিচৰ সন্দেহ আঁতৰাব নােৱাৰিলে পুলিচে ব্যক্তিগৰাকীৰ নাগৰিকত্ব সম্পর্কে কৰা অনুসন্ধানৰ প্রতিবেদন ট্রাইবুনেললৈ পঠিয়াব লাগে। ট্রাইবুনেলে পুলিচৰ প্রতিবেদনমর্মে ব্যক্তিগৰাকীৰ বিৰুদ্ধে বিদেশীৰ অভিযোগ আনি গোচৰ পঞ্জীয়ন কৰিব পাৰে বা সন্দেহ আতৰাব পাৰিলে। আৰক্ষীৰ প্রতিবেদন খাৰিজ কৰিব পাৰে। কিন্তু এইক্ষেত্ৰত সীমান্ত আৰক্ষীয়ে অনুসন্ধান নকৰা বা ট্রাইবুনেলত সময়মতে প্রদিবেদন দাখিল নকৰা অথবা ইচ্ছাকৃতভাৱে ভুল প্রতিবেদন দাখিল কৰাটােৱে এই সমস্যাটােক অধিক জটিল কৰি তুলিছে। এটা কথা মন কৰিবলগীয়া যে ভাৰতীয় সাক্ষ্যবিধিৰ ওপৰত ভিত্তি কৰিয়েই ভাৰতীয় আইন ব্যৱস্থা চলি আছে। সাক্ষীৰ ওপৰত ভিত্তি কৰিয়েই কাৰোবাৰ ফাঁচী, কাৰোবাৰ যাৱজজীৱন কাৰাদণ্ড, কাৰোবাৰ জৰিমনা ইত্যাদি গুৰু আৰু লঘু শক্তি দিয়া হয়। বা কেতিয়াবা সাক্ষীৰ অভাৱত দুন্দর্য অপৰাধীও বিচাৰৰ পৰা ৰেহাই পোৱাৰ অজস্ৰ নজিৰ আছে। কিন্তু কেৱল বিদেশী গোচৰসমূহত ভাৰতীয় সাক্ষ্যবিধিক একেবাৰে গুৰুত্বহীন কৰা পৰিলক্ষিত হৈছে। এই ৰাজ্যৰ শ শ মানুহে জন্ম বৃত্তান্ত জনা ভাৰতীয় নাগৰিক এজনক সামান্য তথ্যগত বিভ্রান্তিৰ কাৰণে, যেনে— ভোটাৰ তালিকাত সন্নিৱিষ্ট নাম, বয়স বা আন্তঃজিলা প্ৰব্ৰজনৰ সবিশেষৰ বিভ্রান্তি আদিৰ বাবে যেতিয়া বিদেশী বুলি ঘোষণা কৰা হয় তেতিয়া অসম চৰকাৰৰ সীমান্ত আৰক্ষীৰ ব্যর্থতা আৰু বিদেশী ন্যায়াধিকৰণসমূহৰ ন্যয় প্রদানৰ ফোঁপোলা স্বৰূপটােকে উদঙাই দিয়ে। ভাৰতীয় নাগৰিকসকলক এনেকৈ বিদেশী সজোৱাৰ ঘটনাটােৱে এই মানুহখিনিৰ বিৰুদ্ধে এক গভীৰ ষড়যন্ত্ৰৰ কথাকে বুজায়। বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা কোনাে ব্যক্তি অভিযুক্ত হ’লে, ব্যক্তিগৰাকী আৰু তেওঁৰ অধিবক্তাৰ মাজৰ যোগাযোগৰ ব্যৱধান, অভিযুক্ত ব্যক্তিয়ে নাগৰিকত্বৰ সমৰ্থনত তথ্যপতি সংগ্ৰহ কৰাৰ অজ্ঞতা বা ব্যর্থতা আৰু অধিবক্তাসকলৰ অনভিজ্ঞতা বা অসাৱধানতাৰ কাৰণে বহু ভাৰতীয় নাগৰিকে বিদেশী হ’ব লগা হয়। এইক্ষেত্ৰত অধিবক্তা আৰু অভিযুক্ত ব্যক্তিসকলৰ মাজত সচেতনতা বৃদ্ধিৰ যথেষ্ট প্রয়ােজনীয়তা আছে। এনে পৰিস্থিতিত জাষ্টিচ ফ'ৰাম আছামে প্ৰতিটাে বিদেশী ন্যায়াধিকৰণ এলেকাত আইনী পৰামর্শ কেন্দ্র স্থাপন কৰি সজাগতা সৃষ্টিৰ কাৰ্যসূচী হাতত লোৱা হৈছে।
No comments:
Post a Comment