সংবাদ প্ৰহৰী, বৰপেটা, ৬ ছেপ্টেম্বৰ, ২০১৬ : বৰপেটা জিলাৰ গোৱৰ্দ্ধনা শিক্ষাখণ্ডৰ অন্তৰ্গত গান্ধাৰীপাৰা এম, ই, মাদ্ৰাছাৰ অৱসৰপ্রাপ্ত প্রধান শিক্ষক তথা কৃতী শিক্ষক হাইদৰ আলী আহমেদক আজি এক বিদায় সম্বৰ্দ্ধনা অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাৱে বিদায় হয়। উল্লেখ্য যে গান্ধাৰীপাৰা গাঁৱৰ পিতৃ প্ৰয়াত নুৰ উদ্দিন আহমেদ আৰু মাতৃ মৰহুমা হালেমান নেছাৰ সুযোগ্য সন্তান হাইদৰ আলী আহমেদে ১৯৫৬ চনৰ ১ আগষ্টত জন্মগ্রহণ কৰে। হাইদৰ আলী আহমেদে ১৯৬০ চনত ‘ক’ শ্রেণীত নামভৰ্ত্তি কৰি শিক্ষাৰ পাতনি মেলে। ১৯৭২ চনত হাউলী হাইস্কুলৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হৈ ১৯৭৪ চনত হাউলী নিৰ্ম্মল স্কুলৰ পৰা নৰ্ম্মল উত্তীর্ণ হয়। আহমেদে নৰ্ম্মল উত্তীর্ণ হৈয়েই গান্ধাৰীপাৰা এম, ই, মাদ্ৰাছাত বৃত্তিধাৰী শিক্ষক হিচাপে চাকৰিত যোগদান কৰে। শিক্ষাগ্ৰহণৰ প্রতি অদম্য হেঁপাহ থকাৰ বাবেই শিক্ষকতাৰ মাজতেই অর্থাৎ ১৯৮১ চনত পি, উপৰীক্ষা দি সুখ্যাতিৰে উত্তীর্ণ হয়। পৰৱতী সময়ত একেখন বিদ্যালয়তে ২০০১ চনৰ প্ৰথম ডিচেম্বৰত প্রধান শিক্ষক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি যোৱা ৩১ আগষ্টত চাকৰি কাল সাং কৰে। শিক্ষকতা বৃত্তিৰ দৰে এক পৱিত্ৰ বৃত্তিত দীর্ঘকাল জড়িত থকা এইগৰাকী কৃতী শিক্ষকে বৃহত্তৰ গান্ধাৰীপাৰা বৃহত্তৰ অঞ্চলটােৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্রতিষ্ঠানৰ লগত জড়িত হৈ থাকে। শিক্ষকতা বৃত্তিৰ জৰিয়তে অঞ্চলটােৰ ছাত্রছাত্ৰীসকলৰ শিক্ষাদান কৰাৰ লগতে নিজৰ সন্তানসকলকো উচ্চ শিক্ষা শিক্ষিত কৰি তোলাৰ বাবেও এগৰাকী আদর্শ পিতৃ হিচাপেও অঞ্চলটােত তেখেতৰ এক সুনাম আছে। হাইদৰ আলী আহমেদৰ এগৰাকী পুত্ৰ আৰু তিনিগৰাকী কন্যা সন্তান সহ মুঠ চাৰিগৰাকী সন্তানকে উচ্চ শিক্ষাৰে শিক্ষিত কৰি তোলাৰ লগতে পুত্ৰগৰাকী সম্প্রতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ কৰাৰ উপৰি দ্বিতীয়গৰাকী কন্যা নিলুফাৰ আহমেদে ১৯৯২ চনত অসম হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত প্রথম স্থান দখল কৰিছিল। এইগৰাকী কৃতী শিক্ষক হাইদৰ আলী আহমেদৰ যোৱা ৩১ আগষ্টত চাকৰি কাল সমাপ্ত হয় যদিও আজি দিনৰ ১১ বজাত বিদ্যালয় প্রাঙ্গনত আয়োজন কৰা এক বিদায় সম্বন্দ্ধনা অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাৱে বিদায় হয়। গান্ধাৰীপাৰা এম, ই, মাদ্ৰাছা পৰিচালনা সমিতিৰ সভাপতি ছবুৰ উদ্দিনে সভাপতিত্ব কৰা উক্ত বিদায়ী সভাত আহমেদৰ ছাত্র তথা আমাছৰ প্ৰাক্তন কেন্দ্রীয় সভাপতি অধিবক্তা আব্দুছ ছামাদ আহমেদ, গান্ধাৰীপাৰা হাই মাদ্ৰাছাৰ প্ৰাক্তন অধীক্ষক আবু তাহেৰ আহমেদ, গোৱৰ্দ্ধনা শিক্ষাখণ্ডৰ প্ৰাক্তন ছিঅাৰছিছি সৰবত আলী আহমেদ, এবিআৰছিমনিৰুদ্দিন আলী, ওছমান আলী, ছামচুল হুদা, ছাইদুল ইছলামকে ধৰি ভালেকেইগৰাকী লোকে অংশগ্রহণ কৰে।
Responsive Ads Here
Tuesday, September 06, 2016

গান্ধাৰীপাৰাত অৱসৰপ্ৰাপ্ত কৃতী শিক্ষকক বিদায় সম্বৰ্দ্ধনা
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment