বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত ৰােগ সম্প্রাসাৰণ হােৱাৰ আতংক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 6, 2016

বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত ৰােগ সম্প্রাসাৰণ হােৱাৰ আতংক

ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ যক্ষ্মা বহিঃ বিভাগৰ ওচৰতে চলি আছে টি-ষ্টল, ৰােগ সম্প্রাসাৰণ হােৱাৰ আতংকঃ স্থানান্তৰৰ দাবীত অধীক্ষকলৈ স্মাৰক পত্র প্রদান, নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ অসম, বৰপেটা জিলা সমিতিৰ।
সংবাদ প্ৰহৰী, বৰপেটা, ৬ ছেপ্টেম্বৰ, ২০১৬ : বৰপেটাৰ জ্যোতি গাওঁস্থিত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ ৰােগীৰ বাবে থকা টি-ষ্টলটাে যক্ষ্মা বহিঃ বিভাগৰ সমীপত থকা বাবে টি-ষ্টলটােত ৰােগী আৰু ৰােগীৰ লগত অহা লোক সকলে খোৱা-বোৱা কৰাৰ বাবে সাধাৰণ লোকলৈ যক্ষ্মাৰ দৰে মাৰাত্মক ৰােগ সম্প্রাসাৰণ হ’ব পাৰে বুলি আতংক প্রকাশ কৰিছে। নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ অসমৰ বৰপেটা জিলা সমিতিয়ে। উক্ত টি-ষ্টলটাে স্থানান্তৰ কৰাৰ দাবী উত্থাপনেৰে আজি মঞ্চৰ বৰপেটা জিলা সমিতিৰ সভাপতি জুলফিকৰ আলী আহমেদ, কার্যকৰী সভাপতি ৰমজান আলী আহমেদ আৰু সম্পাদক মহিব উদ্দিন আহমেদৰ স্বাক্ষৰ সম্বলিত এক স্মাৰক পত্র উক্ত চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক আৰু অধ্যক্ষলৈ প্ৰেৰণ কৰিছে। স্মাৰক-পত্ৰ খনত আৰু উল্লেখ কৰা মতে চিকিৎসাখনলৈ নিতেী ৬ শৰ পৰা ৮ শ ৰোগীয়ে চিকিৎসা গ্রহণ কৰিবলৈ আহে। এই ৰোগী সকলে নিদান পত্র প্রাপ্তিৰ বাবে তিনি ঘণ্টা পর্যন্ত শাৰী পাতি থিয় দি থাকিব লাগে যি ৰােগীৰ বাবে অতিকৈ কষ্টকৰ। যাৰ কাৰণে ৰােগীসকলৰ বাবে বহাৰ আসনৰ ব্যৱস্থাৰ দাবী উত্থাপন কৰিছে। অন্যফালে বিছনাৰ ৰোগীৰবাবে যোগান ধৰা খাদ্যবোৰো সন্তুষ্ট জনক নোহােৱাৰ উপৰি ৰোগীক আঠোৱা যোগান নধৰাৰাে অভিযোগ দাঙি ধৰিছে। উল্লেখ্য যে প্রসূতি বিভাগৰ নার্চেও প্রসূতিৰ অভিভাৱকৰ পৰা ধন বিচৰাৰ অভিযোগ পোৱাৰ কথাও স্মাৰক পত্ৰত উল্লেখ কৰিছে। চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক গৰাকীক অতি শীঘ্ৰে উক্ত সমস্যাবোৰ ইতিবাচক পদক্ষেপেৰে সমাধা কৰাৰ দাবী জনাইছে। অন্যথা নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ অসমৰ বৰপেটা জিলা সমিতিয়ে ধর্ণ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সংবাদ মাধ্যমিক জানিবলৈ দিছে।

No comments:

Post a Comment

SPONSORED