
সংবাদ প্ৰহৰী, বৰেপটাৰোড, ১৮ ছেপ্টেম্বৰ, ২০১৬ : বৰপেটাৰোডৰ জ্যোতিনগৰত কালি এজন মোবাইল চোৰক আটক কৰি গণ প্ৰহাৰ কৰি আৰক্ষীক ৰাইজে গতাই দিয়ে। প্ৰাপ্ত বাতৰি মতে, জ্যোতি নগৰত অৱস্থিত আছাম ব্ৰীলিয়েন্ট একাডেমীৰ এটি ছোৱালী হোষ্টেলত দুমাহ আগতে তিনিটা মোবাইল চুৰি হৈছিল । পুনৰ পৰহি নিশা চোৰে চুৰ কৰিব আহোতে তেওঁৰ মোবাইলটো পৰি যায়। পিছত ঘৰৰ মালিকে মোবাইলটো পায়। কালি পুৱাতেই মোবাইল নিবলৈ আহি ওচৰৰ ঘৰৰ টিনপাতেৰে হোষ্টেলত সোমাব বিচাৰোটেই হাতে লোটে ধৰা পৰে চোৰ জন। গাওঁ বুঢ়া নামেৰে পৰিচিত শিমলাগুড়ীৰ এইজন চোৰক ৰাইজে উত্তম মাধ্যম দি শেষত আৰক্ষীক গতাই দিয়ে।
No comments:
Post a Comment