সংবাদ প্ৰহৰী, হাউলী, ১৮ ছেপ্টেম্বৰ, ২০১৬ : বৰপেটা জিলাৰ সৰুক্ষেত্রী বিধানসভা সমষ্টিৰ অন্তৰ্গত জাৰাবাৰীত ‘প্রতিভা বিকাশ মঞ্চ’ জােৰাবাৰীৰ উদ্যোগত আজি দিনযোৰা কার্যক্ৰমণিকাৰে সম্বর্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাতিপুৱা ১০ বজাৰ পৰা স্কুলীয়া ছাত্র-ছাত্ৰীসকলৰ মাজত কুইজ, স্মৃতি, আকস্মিক ইত্যাদি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সন্ধিয়া ৬ বজাত আৰম্ভ কৰা হয়। মূল কাৰ্যসূচী ‘সম্বর্ধনা অনুষ্ঠান’। প্রতিভা বিকাশ মঞ্চৰ সভাপতি মনিৰুজ জামানৰ পৌৰহিত্যত অনুষ্ঠিত উক্ত সভাত যােৱা হাইস্কুল-হাইমাদ্রাছা শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অঞ্চলটােৰ পৰা কৃতিত্বৰে উত্তীর্ণ হােৱা অৰ্দ্ধশতাধিক ছাত্র-ছাত্রী, ৰাজ্যিক আৰু জিলা পর্যায়ৰ কৃতী শিক্ষকৰ লগতে স্থানীয় ভালেকেইগৰাকী প্রতিভাৱান খেলুৱৈ, শিল্পী আদিক ফুলাম গামোছাৰ লগতে একোখনকৈ মানপত্রৰে সম্বর্ধনা জ্ঞাপন কৰে। প্রতিভা বিকাশ মঞ্চৰ সম্পাদক মাহবুবুৰ ৰহমানে আতি ধৰা উক্ত অনুষ্ঠানত কৃতী শিক্ষক তথা বিশিষ্ট সাহিত্যিক ফয়েজুৰ ৰহমান, কৃতী শিক্ষক আব্দুৰ ৰহিম আদি কৰি ভালেকেইগৰাকী বিশিষ্ট লোকে অংশগ্রহণ কৰি তত্বগধুৰ ভাষণ প্ৰদান কৰে |
Responsive Ads Here
Sunday, September 18, 2016

বৰপেটাৰ জাৰাবাৰীত প্রতিভা বিকাশ মঞ্চৰ উদ্যোগত সম্বর্ধনা অনুষ্ঠান
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment