সংবাদ প্ৰহৰী, বৰপেটা, ১৮ ছেপ্টেম্বৰ, ২০১৬ : ‘সমগ্ৰ বিশ্ব ব্যাপি শক্তিশালী শ্রেণীয়ে সমাজ দুর্বল শ্ৰেণীক শোষণ-নিপীড়ণ চলোৱাটাে সম্প্রতি এক নিয়মত পৰিণত হৈছে। কিছুমান উগ্ৰ হিন্দুত্ববাদী মতাদর্শৰে আদৰ্শিত বিজেপি আৰু আৰ এছ এছৰ দৰে দল সংগঠনে শেহতীয়াকৈ অসম আৰু সমগ্ৰ ভাৰতভৰ্ষতে কুটীল সাম্প্রদায়িক ৰাজনীতি চলাইছে। ৰাজ্যখনৰ সাতপুৰুষীয়া ঐক্য-সংহতি ৰক্ষা কৰিবলৈ আৰু দেশৰ ধৰ্মনিৰপেক্ষতা, সার্বভৌমত্ব আৰু গণতান্ত্রিকতা বর্তই ৰখাৰ স্বাৰ্থত এনে দুষ্কার্যৰ বিৰুদ্ধে সর্বত্রে প্রবল জনমত গঢ়ি তুলি সর্বসাধাৰণ ৰাইজ সজাগ হ’ব লাগিব।” – এই অভিমত সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমাছুৰ প্ৰাক্তন সভাপতি তথা প্রতিভাৱান যুৱ ৰাজনীতিবিদ আব্দুৰ ৰহিম আহমেদ। পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত উত্তৰ বৰপেটাৰােডৰ এক সন্মিলিত অনুষ্ঠানত অংশগ্রহণ কৰি তেওঁ এই অভিমত ব্যক্তি কৰে। ১৮ ছেপ্টেম্বৰত স্থানীয় ইছলামিক ক্লাৱ এণ্ড লাইব্রেৰীত অনুষ্ঠিত পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়াৰ ঘূণাৰ ৰাজনীতি বন্ধ কৰক” শীর্ষক ৰাষ্ট্রব্যাপী চলা মাহযোৰা কার্যক্ৰমত অংশ লৈ তেওঁ নৱপ্ৰজন্মক হিংসাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ জাতি-বর্ণ-ধর্ম নির্বিশেষে যোগদান কৰাৰ আহবান জনায়। নব্য অৰাজনৈতিক সংগঠনটােৰ বৰপেটা জিলা সমিতিৰ সভাপতি ওছমান গণিৰ পৌৰহিত্যত অনুষ্ঠিত অনুষ্ঠানটিত অধ্যাপত তাইজুদ্দিন আহমেদে বিজেপিৰ জাত-পাতৰ ৰাজনীতিৰ বিৰুদ্ধাচৰণ কৰি সংক্ষিপ্ত ভাষণ আগবঢ়ায়। জাহিদুল ইছলাম মির্ধাই উদ্দেশ্য বাখ্যা কৰা অনুষ্ঠানটােত পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়াৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক আবু শামী আহমেদে ভাৰতবৰ্ষত সংখ্যালঘু-দলিত-আদিবাসী আদি নিপীড়িত জনগোষ্ঠীৰ ওপৰত চলা অত্যাচাৰ উৎপীড়ণৰ এক বিস্তৃত খতিয়ান দাঙি ধৰি বক্তব্য প্রদান কৰে। একেটা অনুষ্ঠানত জ্যেষ্ঠ সংখ্যালঘু নেতা তথা বলিষ্ঠ ৰাজনীতিজ্ঞ অধিবক্তা আব্দুছ ছামাদ আহমেদ, স্থানীয় সমাজকর্মী আব্দুল হাকিম মণ্ডল প্রমূখ্যে কেবাজনাে বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে।
Responsive Ads Here
Sunday, September 18, 2016

পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ উদ্যোগত ঘৃণাৰ ৰাজনীতি বন্ধ কৰক” শীৰ্ষক সন্মিলীত অনুষ্ঠান
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment