সংবাদ প্ৰহৰী, গুৱাহাটী, ১৬ ছেপ্টেম্বৰ, ২০১৬ : ৰাজ্যখনত ভালেকেইটা অৰাজনৈতিক সংগঠন থকাৰ পিছতো আন এক নতুন অৰাজনৈতিক সংগঠন জন্ম দিয়াৰ কুচকাৱাজ আৰম্ভ হৈছে৷ গুৱাহাটী বিশ্বিবদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক আতোৱাৰ ৰহমান, অৱসৰপ্রাপ্ত ভাৰতীয় প্রশাসনীয় সেৱাৰ বিষয়া মহম্মদ আলাউদ্দিন, অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক আব্দুল কদ্দুছ, ৰাজ্যখনৰ গড়কাপ্টানী বিভাগৰ প্ৰাক্তন মুখ্য অভিযন্তা মমতাজ উদ্দিন আহমেদ, অৱসৰপ্রাপ্ত অসম প্রশাসনীয় সেৱাৰ বিষয়া এ এইচ খন্দকাৰ, এন, ই, এফ ল’ কলেজৰ অধ্যক্ষ ডঃ জাকিৰ হুছেইন, গুৱাহাটী উচ্চ ন্যায়লয়ৰ অধিৱক্তা আব্দুৰ ৰহমান সিকদাৰ, দৈনিক গণ অধিকাৰ কাকতৰ সঞ্চালক ছাজাহান তালুকদাৰ, বিশিষ্ট লেখিকা ৰমিছা বেগম, অভিযন্তা আব্দুল বাতিন সৰকাৰ, সমাজকৰ্মী মাজেদুৰ ৰহমান, হোটেল এণ্ড মেজেষ্টিৰ সঞ্চালক নেকিবুৰ জামাল আদি কৰি ভালেকেইগৰাকী সংখ্যালঘু জনগোষ্ঠীৰ অভিজ্ঞ ব্যক্তিসকলকৰ আহ্বানত এই নতুন অৰাজনৈতিক সংগঠন জন্ম দিয়াৰ উদ্দেশ্যে এই সংখ্যালঘু জনগোষ্ঠীৰ সকলোবৰ্গৰ অভিজ্ঞ ব্যক্তিসকলক লৈ এখন সভা অহা ১৮ ছেপ্টেম্বৰ (দেওবাৰ) দিনৰ ১০.৩০ বজাত এন ই এফ আইন মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজন কৰিছে৷ আহ্বায়ক মণ্ডলীয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত এই বুলি উল্লেখ কৰে যে আধুনিক যুগত জ্ঞান-বিজ্ঞানৰ দ্রুত অগ্রগতিয়ে মানৱ জীৱনৰ জীৱন-নির্বাহৰ মান উন্নতিৰ পৰা ক্ৰমে অধিক উন্নত হৈ আছে। পৰিৱৰ্তিত পৰিস্থিতিত সমাজৰ বিভিন্ন জনগোষ্ঠীসমূহ পৰস্পৰে ওচৰ চাপি আর্থ-সামাজিক দিশত যথেষ্ট অগ্রগতি লাভ কৰিছে যদিও অসমৰ ধৰ্মীয় সংখ্যালঘুসকল তেওঁলোকৰ লগত সমানে আগবাঢ়ি যাব পৰা নাই। সমাজৰ প্ৰায় প্ৰতিগৰাকী ব্যক্তি বর্তমানৰ প্ৰতিযোগিতামূলক ব্যৱস্থাত যান্ত্রিকভাৱে প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’বলগা হৈছে। ফলশ্রুতি সমাজৰ সৰহসংখ্যক লোকৰ লগত সামাজিকভাৱে প্ৰায় সম্পর্কবিহীন জীৱন যাপন কৰিব লগা অৱস্থা হৈছে। সমাজৰ একাংশ মানুহৰ দৈনন্দিন জীৱনত পাৰস্পৰিক সম্পৰ্কৰ প্রয়োজনীয়তা আছে যদিও জীৱশ্রেষ্ঠ মানুহৰ মাজত প্রয়োজনীয় সমন্বয়ৰ অভাৱ পৰিলক্ষিত হৈছে। আজিকোপতি ব্ৰহ্মপুত্ৰ উপত্যকাত তথা গুৱাহাটী মহানগৰীত বসবাস কৰা ধমীয় সংখ্যালঘু জনগোষ্ঠীৰ আর্থসামাজিক আৰু ঐতিহাসিক দিশসমূহ প্রণালীবদ্ধভাৱে অধ্যয়ন বা গৱেষণা নোহােৱাত এই সম্প্রদায়টাে একপ্রকাৰ পৰিচয়বিহীনভাৱে জীৱন যাপন কৰি আছে। প্রতিযোগিতামূলক সমাজ ব্যৱস্থাত প্রয়ােজনীয় শিক্ষা, জীৱন নিৰ্দেশিকা, সামাজিক নিৰাপত্তা, মহিলাসকলৰ উন্নয়ন তথা সৱলীকৰণ আৰু পৰিয়াল পৰিকল্পনাকে আদি কৰি প্ৰায়বোৰ দিশতে অনগ্ৰসৰতাৰ বাবে এই জনগোষ্ঠী মূলসুতিৰ পৰা দিনক দিনে যেন বিচ্ছিন্ন হােৱাৰ উপক্ৰম হৈছে। দেখা গৈছে। এই জনগোষ্ঠীৰ সমাজখনৰ সীমিত সংখ্যক লোক কিছু পৰিমাণে আর্থিক আৰু সামাজিক দিশত উন্নত তথা সৱল হ’লেও তেখেতসকল সমাজখনৰ পৰা বিভিন্ন কাৰণত যেন বিচ্ছিন্ন হােৱাৰ উপক্ৰম হৈছে। সমাজখনৰ বাবে উপযুক্ত মঞ্চৰ অভাৱত ইচ্ছা থকা সত্বেও আশানুৰূপ সামাজিক অৱদান আগবঢ়াব নোৱাৰাত তেখেতসকল প্রায়ে আত্ম অসন্তুষ্টিত ভূগিব লগা হৈছে। এনে পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধৰ্মীয় সংখ্যালঘু সমাজখনৰ মাজত সমন্বয় সুদৃঢ় কৰি দেশৰ মূলসূতিৰ সমাজ ব্যৱস্থাৰ লগত সমানে খোজ মিলাই আগবাঢ়িবৰ বাবে আর্থ-সামাজিক আৰু শৈক্ষিক দিশসমূহৰ বৈজ্ঞানিক অধ্যয়ন তথা ভবিষ্যৎ কর্মপন্থা প্রস্তুতকৰণৰ বাবে এটি সম্পূর্ণ অৰাজনৈতিক সংগঠনৰ প্রয়োজন অনুভৱ কৰা হৈছে। সেয়েহে, এই সংখ্যালঘু জনগোষ্ঠীৰ সকলোবৰ্গৰ অভিজ্ঞ ব্যক্তিসকলক লৈ এখন সভা অহা ১৮ ছেপ্টেম্বৰ (দেওবাৰ) দিনৰ ১০.৩০ বজাত এন ই এফ আইন মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজন কৰিছে৷ উক্ত সভাত সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে আহ্বায়ক মণ্ডলীয়ে৷
Responsive Ads Here
Friday, September 16, 2016

ৰাজ্যত নতুন অৰাজনৈতিক সংগঠন জন্মৰ কুচকাৱাজ : ১৮ ছেপ্টেম্বৰত এনইএফ ল’ কলেজত সভা
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment