আবুল হুছেইন, জনীয়া, ৯ ছেপ্টেম্বৰ ৪ সর্বভাৰতীয় ফুটবল ফেডােৰচনৰ দ্বিতীয়খন ডি লাইচেঞ্চ প্রশিক্ষণ পৰীক্ষাত অসমৰ ১৭ গৰাকী খেলুৱৈ উৰ্ত্তীর্ণ হৈ অসমৰ ক্ৰীড়া জগতত আশাৰ বতৰ কঢ়িয়াই আনিছে। কোকৰাঝাৰ জিলাক্রীড়াসস্থা খেলপথাৰত যোৱা ২৭ আগষ্টৰ পৰা ৩১ আগষ্টলৈ অনুষ্ঠিত হৈ যোৱা এই প্রশিক্ষণ পৰীক্ষাত দৈমালু বসুমতাৰী (কোকৰাঝাৰ), নিত্যানন্দ লয়েং বোকাঘাট), হৰিদাস মাহাতো (কোকৰাঝাৰ), আলতাফ হুছেইন (বৰপেটা), দুৰ্জয় কুমাৰ ব্ৰহ্মা নাৰ্জাৰী (গুৱাহাটী), শ্বান থাপা (গুৱাহাটী), প্রাঞ্জল গগৈ (বোকাঘাট), ৰঞ্জন দেৱব্ৰহ্মা (গুৱাহাটী) বীৰেন্দ্ৰ নাৰ্জাৰী (গুৱাহাটী), পঙ্কজ নেওগ (যোৰহাট),জগৎচন্দ্ৰ ৰাভা (গুৱাহাটী), মৃদুল শইকীয় ডিব্ৰুগড়), আশিম হাজৰিকা (ডিব্ৰুগড়), অচিন্ত বসুমতাৰী (কোকৰাঝাৰ), সূৰুজ শইকীয় ডিব্ৰুগড়), ৰােহিত শইকীয়া (গুৱাহাটী), বসন্তকুমাৰ তেৰণ (গুৱাহাটী) সফলতাৰে উৰ্ত্তীর্ণ হয়। সর্বভাৰতীয় ফুটবল ফেডােৰচনৰ দ্বিতীয়খন ডি লাইচেঞ্চ প্রশিক্ষণ পৰীক্ষাত অসমৰ এই ১৭ গৰাকী খেলুৱৈ উত্ত |ণ হােৱাত অসম ফুটবল এছ'ছিয়েচনৰ সম্পাদক অংকুৰ দত্তই এইয়া অসমৰ ক্ৰীড়াজগতৰ বাবে এক বৃহৎ সাফল্য বুলি উল্লেখ কৰে।ইপিনে এই একেধৰণৰ প্ৰশিক্ষণ পৰীক্ষ ছেপ্টেম্বৰৰ শেষ সপ্তাহত তিতাবৰত আৰু অক্টোবৰৰ প্রথম সপ্তাহৰ ডিফুত অনুষ্ঠিত হ’ব বু অসম ফুটবল এছ'ছিয়েচনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে জানিবলৈ দিয়ে।
Responsive Ads Here
Friday, September 09, 2016

অসমৰ ১৭ গৰাকী ফুটবল খেলুৱৈৰ ‘ডি’ লাইচেঞ্চ লাভ
Tags
# ক্ৰীড়া
Share This

About Sangbad Prahari
ক্ৰীড়া
Labels:
ক্ৰীড়া
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment