বৰদৈচিলাই ঘূৰাই আনিলে ভ্ৰাম্যমাণৰ স্বকীয়তা দৰ্শকৰ উচ্ছাস - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 7, 2016

বৰদৈচিলাই ঘূৰাই আনিলে ভ্ৰাম্যমাণৰ স্বকীয়তা দৰ্শকৰ উচ্ছাস

এম মহিবৰ ৰহমান

নলবাৰী, ৬ ছেপ্টেম্বৰঃ অযথা চমক, হৈ হাল্লাৰ বাবে প্রায় এটা দশক ধৰি ভ্ৰাম্যমান থিয়েটাৰৰ পৰা হেৰাই যোৱা নিজস্ব স্বকীয়তা পুনৰ ঘূৰাই আনিছে। নলবাৰীৰ নজৰুল ইছলাম প্রযোজিত আগশাৰীৰ ভ্ৰাম্যমান নাট্যগোষ্ঠী বৰদৈচিলা থিয়েটাৰে সাম্প্রতিক ধাৰাক প্রত্যাহবান জনাই প্রকৃত নাটক প্রদর্শন কৰিবলৈ গৈ দৰ্শকৰ মাজত বিশেষভাৱে সমাদৃত হৈছে। অযথা চমক সৃষ্টিৰ নামত নাটক দেখুৱাৰ নামত দৰ্শকক আভুৱা-ভঁৰাৰ পক্ষত নাই বৰদৈচিলাৰ প্ৰযোজক তথা প্রবীণ নাট্যকর্মী নজৰুল ইছলাম। অন্যান্য নাট্যগোষ্ঠীসমূহে চমক সৃষ্টিকাৰী বিজ্ঞাপনেৰে অযথা হৈ-চৈ কৰি দৰ্শকক বিপথে পৰিচালিত কৰাৰ বিপৰীতে বৰদৈচিলাই চৰম প্রত্যাহবান হিচাপে লৈ ভ্ৰাম্যমানৰ স্বকীয়তা বর্তই ৰাখি প্রকৃতাৰ্থত নাটক দেখুওৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু এনে প্রত্যাহ্বানক নেওচি অৱশেষত এইবাৰ বৰদৈচিলাই সকলোকে চেৰ পেলাই সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে। উল্লেখ্য যে ১৯তম বৰ্ষৰ বৰদৈচিলা থিয়েটাৰৰ ইতিমধ্যে নাট প্রদর্শন হোৱা ঠাইসমূহত নাটক চাইদৰ্শক গভীৰ সন্তুষ্টি হৈ ভূয়সী প্রশংসা কৰিছে৷ বৰনদীত যোৱা ২২ আগষ্টত ছয় দিনীয়াকৈ নাট মুকলি হৈ যোৱাৰ পিছত নাটপ্রদর্শন হােৱা সাহাপুৰ, বাঁহজানী, সৰুপেটা আদিত বৰদৈচিলাৰ তিনিওখন নাটকেই দৰ্শকৰ দ্বাৰা বিশেষভাৱে সমাদৃত হৈছে। কোনোধৰণৰ ব্যয় বহুল প্ৰচাৰ নোহােৱাকৈয়ে বৰদৈচিলাৰ নাটক চাবলৈ দৰ্শকৰ হেতা-ওপৰা। উল্লেখ্য যে এইবছৰ বৰদৈচিলাই অভিজিত ভট্টাচাৰ্যৰ কিয়দী, সতীশ দাসৰ ‘কক্ষপথ, আৰু শ্যামসুন্দৰ জালানৰ ‘অন্য এক দুর্যোধন” নামৰ তিনিখন ভিন্ন স্বাদৰ প্ৰতিজন দর্শক অন্তৰ চুই যোৱা সামাজিক দায়বদ্ধ আৰু পৰিয়ালকেন্দ্ৰিক নাট মঞ্চস্থ কৰি আছে। কিয়দী’, ‘কক্ষপথ’ আৰু অন্য এক দুর্যোধন’য়ে প্রকৃত নাটকৰ ধর্ম অক্ষুন্ন ৰাখি দৰ্শকক সন্তুষ্ট কৰিবলৈ সামৰ্থ হৈছে। যাৰ বাবেই তিনিওখন নাটক উপভোগ কৰি অহা প্ৰতিজন দর্শকে আত্মসন্তুষ্টিৰে “বহু বছৰৰ মূৰত ভ্ৰাম্যমানৰ মঞ্চত ভাল আৰু প্রকৃত নাটক চাবলৈ পালো” বুলি মন্তব্য কৰিছে। উল্লেখ্য যে বৰদৈচিলাত এইবছৰ জনপ্রিয় অভিনেতা ৰাগ ঐনিতম, অংকিতা শইকীয়া, জয়ন্ত দাস, ওমৰ মোক্তাৱ, কাকু কাকতি, পল্লবী বৰা, মুন শইকীয়া, অবিনাশ হাজৰিকা আদিয়ে দূৰন্ত অভিনয় কৰিছে তিনিওখন নাটকতে।

No comments:

Post a Comment

SPONSORED