ভাষা আন্দলোনৰ লগত মিঞা মুছলমানৰ তেজৰ সম্পৰ্ক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 19, 2016

ভাষা আন্দলোনৰ লগত মিঞা মুছলমানৰ তেজৰ সম্পৰ্ক



সংগ্রহ/লেখিকা : সাজিদা খাতুন
===========================

১৮৩৬ পৰা ১৮৭২ চনলৈ ব্ৰিটিছ চৰকাৰে অসমত বাংলা ভাষা প্ৰৱৰ্তন কৰিছিল৷ অসমীয়া ভাষাক পুনৰুদ্ধাৰ কৰিবলৈ সংগ্ৰামত অৱৰ্তীণ হোৱ জনগোষ্ঠী সমুহৰ ভিতৰত মিঞা মুছলমানৰ অন্যতম অৱদান আছিল৷১৯৬০ চনৰ ভাষা আন্দলোন আৰু ১৯৭২ চনৰ মাধ্যম আন্দলোনত মিঞা মুছলমান সকলোৱে আন্তৰিকতাৰে অংশগ্ৰহণ কৰাই নহয় প্ৰাণ আহুতিও দিয়াত কুন্ঠবোধ কৰা নাছিল৷তাৰে কিছু উদাহৰণ তলত দাঙি ধৰিলো---
মোজাম্মিল হক (১৯৫৭-৭২)
ওমৰ আলি
১৯৬১ চনৰ ১৯জুন মাহত হাইলাকান্দিৰ দহগৰাকী মিঞা মুছলমানে প্ৰাণ আহুতি দিছিল৷ তাৰে
সৰুমিঞা লস্কৰ(৫০)
মফুৰ আলি লস্কৰ(৪০)
মইনুল হক(২০)
মফুৰ আলি বৰভূঞা(৩৫)
মতিউৰ ৰহমান লস্কৰ (৩৫)
মাহমুদ আলি বৰভুঞা(৪২)
বধুমিঞা লস্কৰ
আলী মজুমদাৰ(১৯)
মমিৰুদ্দি(৪০)
সফিক উদ্দিন(২৫) আদি৷
ইয়াৰোপৰি ডিব্রুগড় , তিনিচুকীয়া , গোলাঘাট , যোৰহাট আদি ঠাইত বাংলা মাধ্যমৰ বিদ্যালয় দেখা যায় কিন্তু ধুবুৰী , হাটশিঙ্গীমাৰী , মানকাচৰত কিন্তু বাংলা মাধ্যমৰ বিদ্যালয় নাই !
কিন্তু কিছু সংখ্যক অতি অসমীয়া আৰু উগ্ৰজাতীয়তাবাদী সকলে এই শ্বহীদ সকলৰ কথা এবাৰৰ কাৰণে ভাবিছে নে? দুখৰ বিষয় এই যে আজি অসমীয়াৰ সংজ্ঞাত মিঞা মুছলমানৰ স্থান কত কোনোৱে ক'ব নোখোজে !
============================
লাঞ্চিত ,বঞ্চিত ,অৱহেলিত আৰু কলঙ্কিত মিঞা
==============================
কবিতা কাক বোলে মই নেজানো,জানিবৰ ইচ্ছা ও নাই
কবিতাৰ শ্ৰেণীবিভাজন কেনেকৈ কৰে তাকো নেজানো,
কিয় জানেনে ?
কাৰণ আমি বোৰ হেনো মিঞা
কিন্তু অভিধানৰ হেজাৰ হেজাৰ পাত লুটিয়াই
বিচাৰি নাপালো মিঞা নামৰ কোনো জাতি গোষ্ঠী
কথাটো দকৈ জানিবলৈ পতি পৰেমশ্বৰক সুধিলো
মই জনাত তেখেত ১৭ টা ভাষাত পার্গত
অসমীয়াৰ অ পৰা চন্দ্রবিন্দু লৈ কন্ঠস্থ
পলকতে দিব পাৰে - কবিতাৰ দীঘলীয়া সমালোচনা,
ৰূপক,উপমা, কল্পচিত্ৰ ,উপাদেয়, আংগিক,ব্যণ্জ্না,ধ্ব্নি,ছ্ন্দস্প্ন্দ,
ব্যক্তিত্ব আৰোপ,যমক,আইৰণি,প্ৰ্তীক,মনচ্ছায়াবাদ আদি
এক মিনিটৰ গল্পৰ পৰা হেজাৰ হেজাৰ পৃষ্ঠাৰ উপন্যাসৰ ভাঙনি
তথাপি বিফল , সদুত্তৰ নাই , কেবল দীঘলীয়া ভাষণ
পাঁচটকীয়া ৰেলৰ টিটেকধাৰী সকলক হেনো উপলুঙ্গা কৰিবলৈহে
অতি জাতিয়াবাদী সকলে ব্যবহাৰ কৰে মিঞা শব্দটো
এই দ্রাবিড় নৃগোষ্টীয় সকল লাঞ্চিত ,বঞ্চিত আৰু কলঙ্কিত
বাস্তবত এই অবহেলিত মিঞা অবিহনে
অতি জাতিয়াবাদী সকলৰ ৰান্দনিশাল ব্যঞ্জন বিহীন
আজি সময় সলনি হ'ল - হৰিবংশ ৰায় বচ্চনৰ দৰে
বহুতে কব আৰম্ব কৰিছে -
কিছু আমাৰ নিয়ন্ত্রনৰ ভিতৰত , কিছু নিয়ন্ত্রনৰ বাহিৰত
ধৈর্যৰো এটা সীমা থাকে, চাইচিতি লৈহে অপমান কৰিবা আমাক
যদি ও আমি মিঞা তথাপি হাড়েহিমঝুৱে অসমীয়া !

No comments:

Post a Comment

SPONSORED