আমেৰিকালৈ যাত্ৰা সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 19, 2016

আমেৰিকালৈ যাত্ৰা সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীৰ



সংবাদ প্ৰহৰী, ১৯ ছেপ্টেম্বৰ, ২০১৬ : সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক, আউনীআটীয় শাখা সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীয়ে আমেৰিকালৈ যাত্ৰা কৰিছে । দহদিনীয়া কার্যসূচীৰে যাত্ৰা কৰা সত্ৰাধিকাৰগৰাকীয়ে আমেৰিকাৰ নিউ জাছী, ৱাশ্বিংটন আৰু নিউয়র্ক ভ্ৰমণ কৰিব। আমেৰিকাত কটােৱা সময়খিনিত সত্ৰাধিকাৰগৰাকীয়ে ‘অসমত সত্ৰ সংস্কৃতিৰ প্ৰভাৱ' আৰু ‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু কৃষ্ণ-সংস্কৃতি’ শীর্ষক দুটা তত্ত্বগধুৰ বক্তৃতা প্রদান কৰিব। প্রবাসী অসমীয়াসকলৰ সৈতে অন্তৰংগ আলাপতো মিলিত হ’ব সত্ৰাধিকাৰগৰাকী। দেওবাৰে সত্ৰাধিকাৰগৰাকীৰ এইবিদেশীযাত্ৰাত সত্ৰৰ প্ৰাংগণউদুলি-মুদুলি হৈ পৰে। সন্ত-বৈষ্ণৱৰ লগতে শংকৰদেৱ শিশু নিকেতন আৰু ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ ছাত্রছাত্ৰীসকলে খোল, তাল, শংখধ্বনি, উৰুলি আৰু ভোৰতাল নৃত্যৰে সত্ৰাধিকাৰগৰাকীক বিদায় সম্ভাষণ জনায়। সত্ৰাধিকাৰ হিচাপে প্রথমবাৰৰ বাবে আমেৰিকালৈ যাত্ৰা কৰা সত্ৰাধিকাৰ ড° পীতম্বৰ দেৱগোস্বামীয়ে প্রকাশ কৰে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শনত প্রকাশিত মানৱতাৰ দিশসমূহ বিশ্ব দৰবাৰত প্ৰচাৰৰ প্ৰয়াস কৰা হ’ব।

No comments:

Post a Comment

SPONSORED