প্রাদেশিকীকৰণ আইন বাতিল : শিক্ষামন্ত্রীক স্থিতি স্পষ্ট কৰাৰ আহ্বান শিক্ষক-কর্মচাৰী ঐক্যমঞ্চৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 25, 2016

প্রাদেশিকীকৰণ আইন বাতিল : শিক্ষামন্ত্রীক স্থিতি স্পষ্ট কৰাৰ আহ্বান শিক্ষক-কর্মচাৰী ঐক্যমঞ্চৰ

সংবাদ প্ৰহৰী, ২৫ ছেপ্টেম্বৰ, ২০১৬ : অসম ভেঞ্চাৰ শিক্ষানুষ্ঠান (পদ প্রাদেশিকীকৰণ) আইন-২০১১ক গুৱাহাটী উচ্চ ন্যায়ালয়ে অসাংবিধানিক বুলি ঘোষণা কৰাৰ লগে লগে প্রাদেশীকৃত আৰু অপ্রাদেশীকৃত শিক্ষক-কর্মচাৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কিয়নো, ন্যায়ালয়ৰ এই ঘোষণাৰ লগে আইনখন কার্যকৰী হােৱাৰ দিনটোৰ পৰাই অবৈধ বুলি বিবেচিত হ’ব। যাৰ ফলত এই আইনৰ অধীনত পদ প্রাদেশিকীকৰণ হােৱা শিক্ষক-কর্মচাৰীৰ লগতে প্রাদেশিকীকৰণৰ আশাত ৰৈ থকা শিক্ষক-কর্মচাৰীৰ মাজতো ঘোৰ অনিশ্চয়তাৰ সৃষ্টি হৈছে। দুশ্চিন্তাত ভূগিছে। প্রায় ৬০ হাজাৰ শিক্ষক-কর্মচাৰী। উল্লেখ্য যে ২০১১ চনত তদানীন্তন ৰাজ্য চৰকাৰে ২০১১ চনৰ প্ৰাদেশিকীকৰণ আইন প্রণয়ন কৰি প্ৰাথমিকৰ পৰা মহাবিদ্যালয়ৰ লগতে মাদ্ৰাছা আৰু ভেঞ্চাৰ স্কুলসমূহৰ পদ প্রাদেশিকীকৰণ প্রক্রিয়া আৰম্ভ কৰে। ২০১২ আৰু ২০১৩ চনত এই আইনখনৰ সংশোধন কৰা হয় যদিও বিভিন্ন ধাৰা-উপধাৰাৰ বাবে বহুসংখ্যক শিক্ষক প্রাদেশিকীকৰণৰ পৰা বঞ্চিত হয়। বিশেষকৈ জ্যেষ্ঠ তাৰ ভিত্তিত শিক্ষকসকলৰ পদ প্রাদেশিকীকৰণৰ ব্যৱস্থা কৰাৰ ফলত বহু শিক্ষক এই আইনৰ আওতাত নোসোমাল। পৰৱতী সময়ত সমগ্র প্রাদেশিকীকৰণ আইনখনকে প্রত্যাহ্বান জনাই তিনি শতাধিক শিক্ষক উচ্চ ন্যায়ালয়ৰ ওচৰ চাপে। তেওঁলোকে দাখিল কৰা ৪১খন আবেদনৰ শুনানি গ্ৰহণৰ অন্তত ন্যায়ালয়ে এই আইনখনকে অবৈধ বুলি ঘোষণা কৰে। ইয়াৰ লগে লগে শিক্ষক-কর্মচাৰী সমাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কিয়নাে, যোৱা ২৩ জুলাইত শিক্ষামন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰে অনুষ্ঠিত শিক্ষককর্মচাৰী ঐক্যমঞ্চৰ বৈঠকত শিক্ষামন্ত্রীগৰাকীয়ে অহা ডিচেম্বৰ মাহত প্রাদেশিকীকৰণ আইনৰ চূড়ান্ত সংশোধন কৰি বন্ধ হৈ থকা প্ৰাদেশিকীকৰণ প্রক্রিয়া পুনৰ আৰম্ভ কৰাৰ প্ৰতিশ্রুতি দিছিল। কিন্তু ন্যায়ালয়ৰ শেহতীয়া ৰায়ে এতিয়া ব্যাপক বিভ্রান্তিৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিত অসম শিক্ষককর্মচাৰী ঐক্যমঞ্চৰ সভাপতি ড° প্ৰভাত চন্দ্ৰ কলিতা আৰু সাধাৰণ সম্পাদক আনােৱাৰ হুছেইন চৌধুৰীয়ে শিক্ষামন্ত্রীগৰাকীক শেহতীয়া বিভ্ৰান্তি সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায়। তদুপৰি কোনো কাৰণতে যাতে প্রাদেশিকীকৰণ প্রক্রিয়া বন্ধ নহয়, তাৰ ব্যৱস্থা ল’বলৈ আহ্বান জনায়। শিক্ষককর্মচাৰীৰ সংগঠনটোৱে লগতে প্ৰাদেশিকীকৰণৰ দ্বিতীয় পর্যােয়ত যোগ্য ৩০ হাজাৰ আৰু আওতাৰ বাহিৰত থকা প্ৰায় ৩০ হাজাৰ শিক্ষক-কর্মচাৰীৰ পদ শীঘে প্রাদেশিকীকৰণ কৰিবলৈ দাবী জনায়। ন্যায়ালয়ৰ শেহতীয়া ৰায়দানকে ধৰি সামগ্রিকভাৱে গোটেই বিষয়টাে পর্যালোচনা কৰিবলৈ মঞ্চই অহা ২ অক্টোবৰত বেলতলা হাইস্কুলত এখন বিশেষ বৈঠক অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে।

No comments:

Post a Comment

SPONSORED