সংবাদ প্ৰহৰী, ২৫ ছেপ্টেম্বৰ, ২০১৬ : অসম কন্যা কাশ্মীৰী চৌধুৰীয়ে ৰচনা ও কৰিলে এক নতুন ৰাষ্ট্রীয় অভিলেখ। মার্থে সাত বছৰ ছমাহ বয়সতেই জলকন্যা কাশ্মৰীয়ে ভংগ কৰিলে মহাৰাষ্ট্রৰ খুশী অজিত পার্মািৰৰ নামত সংলগ্ন থকা ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ প্ৰাকৃতিক জলাশয়ত দীর্ঘসময় সাঁতোৰাৰ অভিলেখ। উল্লেখ্য যে শিৱসাগৰৰ কন্যা তথা নিউ লুক একাডেমীৰ কণমানি ছাত্রী কুশীবী চৌধুৰীয়ে প্রায় এবছৰজোৰা কঠোৰ অনুশীলন আৰু প্রচেষ্টাৰ অন্তত আজি এই অভিলেখ ৰচনা কৰিবলৈ সক্ষম হয়। আজি পুৱা ৬ বাজি ৪৬ মিনিটত অভিলেখ স্থাপনৰ লক্ষ্যৰে এছিয়াৰ ভিতৰতে সর্ববৃহৎ মানৱসৃষ্ট জয়সাগৰ পুখুৰীত সাঁতোৰ আৰম্ভ কৰিছিল। ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ ৰাষ্ট্রীয় পর্যবেক্ষক মনমােহন সিং ৰাৱট আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সমন্বয়ক অভিজিৎ বৰুৱাৰ উপস্থিতিত ৬। বাজি ৪৬ মিনিটৰ পৰা নিৰন্তৰভাৱে সাঁতোৰ অব্যাহত ৰাখে। শিৱসাগৰৰ হাজাৰ হাজাৰ ক্রীড়াপ্রেমীৰ উৎসাহ-উদ্দীপনাৰ লগতে কাশ্মৰীৰ এই অভিযানৰ গুৰি ধৰােঁতা অৰ্জ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰত্যক্ষ তত্ত্বাৱধানত কণমানি জলকন্যাই ১.২০ বজাত ভংগ কৰে মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ কিশোৰী খুশী অজিত পার্মাৰে ২০১৪ বৰ্ষৰ ১০ ডিচেম্বৰত ঘটেজ হ্রদত সাঁতুৰি স্থাপন কৰি থোৱা ৬ ঘণ্টা ৩২ মিনিটৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে। প্রতিমুহুর্ততে জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগৰ দৃষ্টিত থকা উদীয়মান সন্তৰণবিদগৰাকীয়ে ইয়াৰ পাছতো থমকি নৰৈ পুনৰ অব্যাহত ৰাখে সাঁতোৰ। ইফালে, কাশ্মৰী চৌধুৰীয়ে ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰাৰ লগে লগে জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থান লোৱা হাজাৰ হাজাৰ ক্ৰীড়াপ্ৰেমী আনন্দত মত্ত হৈ পৰে। ফটিকা ফুটাই হর্ষধ্বনি দি ক্রীড়াপ্ৰেমীসকলে জলকন্যা কাশ্মৰীৰ সফলতাত উৎফুল্লিত হৈ কণমানি সন্তৰণবিদগৰাকীক উৎসাহ-উদ্দীপনা যোগায়। ইফালে, ক্রীড়াপ্ৰেমীৰ উৎসাহ-উদ্দীপনা আৰু চিকিৎসকৰ সেউজ সংকেতৰ পাছত ৬ ঘন্টা ৩২ মিনিটৰ পূৰ্বৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগতে ক্ষান্ত নাথাকি জলকন্যা কাশ্মৰীয়ে অব্যাহত ৰাখে সাঁতোৰ। ধাৰাবাহিকভাৱে সাঁতুৰি এক নতুন অভিলেখ ৰচনাৰ দিশে অদম্য মানসিকতাৰে আগবাঢ়ি যায় কণমানিগৰাকী। অৱশেষত ২.৪৬ বজাত সৰ্বমুঠ ৭ ঘণ্টা ৪৯ মিনিট ধাৰাবাহিকভাৱে সাঁতুৰি এক নতুন ৰাষ্ট্রীয় অভিলেখ স্থাপন কৰে কাশ্মৰী চৌধুৰীয়ে। ইফালে, শিৱসাগৰৰ কণমানি কন্যাগৰাকীৰ নামত অভিলেখসূচক নতুন ৰাষ্ট্ৰীয় অভিলেখ সৃষ্টি হােৱাৰ লগে লগে আনন্দত ফাটি পৰে পুৱাৰ পৰা জয়সাগৰ পুখুৰীৰ পাৰত উপস্থিত থাকি সন্তৰণবিদগৰাকীক উৎসাহিত কৰা হাজাৰ হাজাৰ লোক। দীর্ঘদিনীয়া প্রচেষ্টাৰ অন্তত শিৱসাগৰৰ কণমানিগৰাকীৰ জৰিয়তে নতুন ৰাষ্ট্ৰীয় অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হােৱা অৰ্জ্জুন ভোগেশ্বৰ বৰুৱাৰাে আনন্দৰ সীমা নাইকিয়া হ’ল। নিজ কন্যাৰ সাফল্যত চকুলোৰে বাট নেদেখা হ’ল কাশ্মীৰীৰ পিতৃ-মাতৃ ৰূপম চৌধুৰী আৰু মণিকা চৌধুৰীয়ে। আনহাতে, ইণ্ডিয়া বুকছ অৱ ৰেকৰ্ডছৰ ৰাষ্ট্রীয় পর্যবেক্ষক মনমোহন সিং ৰাৱটে কাশ্মীৰীৰ ৰাষ্ট্ৰীয় অভিলেখ সম্পকত আনুষ্ঠানিক ঘোষণা কৰাৰ লগতে ইণ্ডিয়া বুকছ অৱ ৰেকৰ্ডছৰ তৰফৰ পৰা অভিলেখ ৰচনাৰ প্ৰমাণপত্ৰ আৰু স্মাৰক প্রদান কৰে। শিৱসাগৰৰ কণমানি সন্তৰণবিদগৰাকীৰ সাঁতোৰ অভিযানত উপস্থিত থাকে। জিলা প্রশাসনৰ মুৰব্বী উপায়ুক্ত নাৰায়ণ কোঁৱৰ, জিলা আৰক্ষী অধীক্ষক সুবােধ সোণোৱাল, অতিৰিক্ত আৰক্ষী অধীক্ষকত্ৰয় ক্ৰমে জাকিৰ হুছেইন, দেৱাশিস শৰ্মা আৰু নিত্যানন্দ চুতীয়া। জিলা উপায়ুক্ত নাৰায়ণ কোঁৱৰে নতুন ৰাষ্ট্ৰীয় অভিলেখ স্রষ্টা কাশ্মৰী চৌধুৰীক শিৱসাগৰৰ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে অনুপ্ৰেৰণাৰ প্ৰতীক বুলি মন্তব্য কৰাৰ বিপৰীতে অতিৰিক্ত অৰক্ষী অধীক্ষক দেৱাশিস শৰ্মাই কণমানি কাশ্মৰী চৌধুৰীক সাম্প্রতিক সময়ৰ অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বিস্ময় বুলি অভিহিত কৰে। কাশ্মীৰীৰ এই সফলতাত সিংহভাগ কৃতিত্ব থকা অর্জন ভোগেশ্বৰ বৰুৱাই মুকলিভাৱে নানা প্রত্যাহ্বানৰ মাজতো কণমানি কাশ্মৰীয়ে ৰাষ্ট্ৰীয় অভিলেখ সৃষ্টি কৰা বিষয়টােত সুখী বুলি অনুভৱ ব্যক্ত কৰাৰ লগতে প্রতিকূলতাক নেওচি শিৱসাগৰৰ সন্তান ৰাষ্ট্ৰীয় পর্যােয়ত জিলিকি উঠা বিষয়টােৱে অনাগত দিনত অসমৰ ক্ৰীড়া ক্ষেত্ৰত নব্য যুগৰ উন্মেষ ঘটাব বুলি মন্তব্য কৰে। ইফালে, নিজ জীয়ৰীৰ সফলতাৰ সম্পূর্ণ কৃতিত্ব শিৱসাগৰবাসীৰ বুলি মন্তব্য কৰে কাশ্মৰীৰ পিতৃ-মাতৃ ৰূপম৷ চৌধুৰী আৰু মণিকা চৌধুৰীয়ে। পিতৃ-মাতৃয়ে শিৱসাগৰবাসীৰ অকুণ্ঠ সহযোগিতা অবিহনে কন্যাই এনে সফলতা লাভ কৰিবলৈ সক্ষম নহ’লহেঁতেন বুলিও মন্তব্য কৰিছে। লক্ষণীয় কথা যে পুৱা ৬.৪৬ বজাৰ পৰা নিৰন্তৰভাৱে ৭ ঘণ্টা ৪৯ মিনিট সাঁতুৰি ইণ্ডিয়া বুকছ অৱ ৰেকৰ্ডছৰ প্ৰাকৃতিক জলাশয়ত দীর্ঘসময় সাঁতোৰাৰ অভিলেখ ৰচনা কৰা কাশ্মৰী চৌধুৰীৰ স্বাস্থ্য অভিযান বন্ধ কৰাৰ সময়তো সম্পূৰ্ণৰূপে সুস্থ অৱস্থাত আছিল। কণমানি সন্তৰণবিদগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ দায়িত্বত থকা চিকিৎসক-নাৰ্ছৰ দলে দীর্ঘসময় সাঁতোৰাৰ পাছতো কাশ্মৰী চৌধুৰীৰ স্বাস্থত কোনাে ধৰণৰ বিসংগতি ধৰা নপৰাত বিস্ময়াভিভূত হৈ পৰাৰ লগতে কণমানিগৰাকীয়ে আৰু দুই-তিনি ঘণ্টা অনায়াসে সাঁতুৰিবলৈ সক্ষম বুলি মন্তব্য কৰে। কিন্তু প্রায় ২.৩০ বজাৰ পৰা বিতৰে বিধি-পথালি দিয়াত সাঁতোৰ পৰিচালনা সমিতিয়ে কণমানিগৰাকীৰ সাঁতোৰ অভিযান স্থগিত ৰাখে। যাৰ ফলত বতৰে বিধিপথালি নিদিয়া হ’লে কণমানি কাশ্মৰী চৌধুৰীয়ে আৰু অধিক সময় সাঁতোৰাৰ সম্ভাৱনা আছিল। যি কি নহওক, ৭ ঘণ্টা ৪৯ মিনিট নিৰন্তৰভাৱে সাঁতুৰি ৰাষ্ট্ৰীয় অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হােৱা কাশ্মৰী চৌধুৰীয়ে গৌৰৱান্বিত কৰিলে। অসমবাসীক। শিৱসাগৰে লাভ কৰিলে। ৰূপত এক প্রতিশ্রুতিসম্পন্ন ক্রীড়া প্রতিভা। উল্লেখ্য যে কাশ্মৰীৰ জ্যেষ্ঠ ভগ্নী আস্থাজিতা চৌধুৰীয়েও সন্তৰণবিদ হিচাপে প্রতিভাৰ স্বাক্ষৰ দি ৰাষ্ট্ৰীয় পর্যােয়ত জিলিকি উঠিবলৈ সক্ষম হৈছে। বর্তমান ৰাষ্ট্ৰীয় সাঁতোৰ একাডেমীত অধ্যয়নৰত আস্থাজিতাই লাভ কৰিছে কেইবাটাও ৰাষ্ট্ৰীয় পদক। কণমানি কাশ্মীৰীয়েও জ্যেষ্ঠ ভগ্নীৰ পদাংক অনুসৰণ কৰি সাঁতোৰ ক্ষেত্ৰখনত নিজকে নিয়োজিত কৰি আজিৰ অভিলেখ ৰচনাৰ জৰিয়তে প্রমাণ কৰি দিলে— “ময়ো প্রতিভাত কোনো গুণে কম নহওঁ।” উল্লেখ্য যে জনমানসত জলপৰী হিচাপে পৰিচিত হৈ পৰা বিস্ময় বালিকা কাশ্মীৰীয়ে মাত্র ৬ বছৰ ৬ মাহ ৬ দিন বয়সতেই স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৭০ পুৰা মাটিত খন্দােৱা এছিয়াৰ ভিতৰত সৰ্ববৃহৎ জয়সাগৰ পুখুৰীত ৬ ঘণ্টা ১৫ মিনিট সাঁতুৰি ভংগ কৰিছিল। ২০০০ চনৰ ১৫ আগষ্টত ইংলিছ চেনেলত ৰামচন্দ্ৰ ভাগৱতীৰ নেতৃত্বত বিকাশ দাস, ধর্মকান্ত দাস আৰু উপেন দাসে ৫ ঘণ্টা ২৩ মিনিট সাঁতুৰি সৃষ্টি কৰা অভিলেখাে। ইয়াৰ পূর্বে ২০১৪ বৰ্ষৰ ৩১ আগষ্টত পাঁচ বছৰ পাঁচ মাহ বয়সত ঐতিহাসিক জয়সাগৰ পুখুৰীতে কাশ্মৰীয়ে দুবাৰ পাৰাপাৰ হৈ প্রতিশ্রুতি আৰু প্ৰতিভাৰ উমান দিছিল। সেই সময়তো এসময়ৰ বিস্ময় বালক তথা দেশৰ তাৰকা সাতোঁৰবিদ এলভিছ আলী হাজৰিকা আৰু শিৱান্দী শৰ্মাৰ পাছত জয়সাগৰ পুখুৰীত ইতিহাস ৰচনা কৰিছিল। এই কণমানি কাশ্মীৰীয়ে। সেইদিনা হাজাৰ হাজাৰ দৰ্শকক শ্বাসৰুদ্ধ আৰু বাকৰুদ্ধ কৰি উত্তৰ পাৰৰ পৰা দক্ষিণ পাৰলৈ মাত্র ৩৭ মিনিটত সাঁতুৰি অভিলেখ ৰচনা কৰাৰ পাছত পুনৰ আজি ৭ ঘণ্টা ৪৯ মিনিট বিৰতিহীনভাৱে সাঁতুৰি কাশ্মৰীয়ে সৃষ্টি কৰিলে এক অনন্য অভিলেখ।
Responsive Ads Here
Sunday, September 25, 2016

সতী জয়মতীৰ স্মৃতিক্ষেত্ৰত আন এক ইতিহাস : ৭.৪৯ ঘণ্টা সাতুৰি কাশ্মিৰীৰ অভিলেখ
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment