হাউলী ছােৱালী হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অপপ্ৰচাৰ অভিযোগ : তীব্ৰ গৰিহণা স্থানীয় ৰাইজৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, September 25, 2016

হাউলী ছােৱালী হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অপপ্ৰচাৰ অভিযোগ : তীব্ৰ গৰিহণা স্থানীয় ৰাইজৰ

সংবাদ প্ৰহৰী, ২৫ ছেপ্টেম্বৰ, ২০১৬ : বৰপেটা জিলাৰ হাউলীস্থিত হাউলী ছােৱালী হাইস্কুলৰ দৰে অন্যতম গুৰুত্বপূর্ণ শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক শ্বাহ কামালউদ্দিনৰ বিৰুদ্ধে একাংশ দুষ্ট চক্ৰই ব্যাপকভাৱে অপপ্ৰচাৰত লিপ্ত হােৱা ঘটনাই বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশলৈ অশোভনীয় সংকেত কঢ়িয়াই আনিছে। দুষ্ট চক্ৰটােৰ এনে কাণ্ডক স্থানীয় ৰাইজৰ লগতে শৈক্ষিক মহলে তীব্র ভাষাৰে গৰিহণা দিছে। জানিব পৰা মতে শ্বাহ কামাল উদ্দিনক প্রধান শিক্ষকৰ দায়িত্ব লোৱাৰে পৰা বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাত পেলাবলৈ উঠি-পৰি লাগিছিল এইচক্রটােৱে। বিদ্যালয়খনৰ ফলাফল ভাল কৰাৰ বাবে বিদ্যালয় পৰিচালনা সমিতিৰ নির্দেশমৰ্মে কিছু গঠনমূলক কঠোৰ পন্থা হাতত লোৱাত এনে পন্থা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত একাংশ শিক্ষক-শিক্ষয়িত্রীৰ বাবে অসহনীয় হৈ পৰে। ফলত কঠোৰ নীতি-নিয়ম অৱলম্বন কৰা এনে এগৰাকী প্রধান শিক্ষকৰ প্ৰতিটাে কার্যত বাধা আৰোপ কৰাৰ প্ৰয়াসেৰে বিদ্যালয়খনৰে একাংশ ন্যস্ত স্বাৰ্থজড়িত শিক্ষক-কর্মচাৰীৰ সহযোগত দুষ্ট চক্রটােৱে ব্যাপকভাৱে ভুৱা অপপ্ৰচাৰত লিপ্ত হৈ পৰে। উল্লেখ্য যে বিভাগীয় নীতি-নিয়মানুসৰি প্ৰশিক্ষণৰ বাবে প্রধান শিক্ষকে বিদ্যালয়খনত কিছুদিন অনুপস্থিত থকাৰ সুযোগ গ্রহণ কৰি একাংশ ন্যস্ত স্বাৰ্থ জড়িত শিক্ষক-কর্মচাৰীয়ে প্রধান শিক্ষকগৰাকীৰ বিৰুদ্ধে অপপ্ৰচাৰৰ ঢৌ সৃষ্টি কৰাৰ বাবে পৰিকল্পিতভাৱে একাংশ ছাত্রীক আখৰা দি সুবিধামতে প্রস্তুত কৰি উলিয়াই। পিছত এটা সংগঠনৰ নাম লৈ দুষ্ট চক্রটােৱে প্ৰধান শিক্ষকৰ বিনা অনুমতিত শ্রেণীকোঠাত সোমাই ছাত্ৰীসকলৰ মাজত প্রধান শিক্ষকৰ বিৰুদ্ধে উচটনিমূলক বক্তব্য আগবঢ়োৱাৰ লগতে বিভিন্ন মাধ্যমৰ জৰিয়তে অপপ্ৰচাৰ চলাবলৈ আৰম্ভ কৰে। বিদ্যালয়খনৰ সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত প্রধান শিক্ষকগৰাকীয়ে বিদ্যালয় পৰিচালনা সমিতিৰ নির্দেশ তথা বিভিন্ন সভা-সমিতিত সৰ্বসন্মতিক্রমে গৃহীত হােৱা প্রস্তাৱ অনুসৰি নিজৰ দায়িত্ব সু-শৃংখলভাৱে পালন কৰাৰ লগতে বিভিন্ন শিতানৰ কাম-কাজসমূহ বিদ্যালয়খনৰ শিক্ষক-কর্মচাৰীসকলৰ মাজত ভাগ-বিতৰণ কৰি বিদ্যালয়খন পৰিচালনা কৰি আছে। প্রধান শিক্ষকগৰাকীৰ এনে দায়িত্বশীল কামৰ বাবে বিদ্যালয়খনত সকলোধৰণৰ দুনীতি, অনিয়ম আদি বন্ধ হৈ যোৱাত একাংশ ন্যস্ত স্বাৰ্থ জড়িত শিক্ষক-কর্মচাৰী ক্ষোভিত হৈ বিদ্যালয়খনৰ পৰা প্রধান শিক্ষকগৰাকীক আতৰােৱাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ আৰম্ভ কৰে। প্রধান শিক্ষক গৰাকীক আতৰাই দিলেহে এই ন্যস্ত স্বাৰ্থ জড়িত শিক্ষককর্মচাৰীসকলে নিজৰ ইচ্ছামতে বিদ্যালয়খনত বিভিন্ন ধৰণৰ অনিয়ম আদি সংঘটিত কৰিব পাৰিব বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। দুষ্ট চক্ৰটােৰ এনে অসামাজিক কাণ্ড তথা শিক্ষক বৃত্তিৰ দৰে পৱিত্ৰ বৃত্তিক কলুষিত কৰি নিজৰ স্বাৰ্থক লৈ টনা-আজোৰা কৰা এই ন্যস্ত স্বাৰ্থ জড়িত শিক্ষক-কর্মচাৰীসকলক স্থানীয় ৰাইজৰ লগতে শৈক্ষিক মহলে ইয়াৰ তীব্র বিৰোধীতা কৰি কঠোৰ ভাষাৰে সমালোচনা কৰে আৰু পৰৱতী সময়ত শিক্ষা তথা শিক্ষানুষ্ঠানৰ নামত কোনাে ধৰণৰ ৰাজনীতি নকৰি বিদ্যালয়খনত সুস্থ-শৈক্ষিক পৰিৱেশ গঢ়ি তুলিবলৈ আহবান জনায় |

No comments:

Post a Comment

SPONSORED