গৰাখহনীয়াত গৃহহীন বৰপেটা-বাক্সাৰ কুৰিখন গাঁৱৰ পাঁচ সহস্ৰাধিক পৰিয়াল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 25, 2016

গৰাখহনীয়াত গৃহহীন বৰপেটা-বাক্সাৰ কুৰিখন গাঁৱৰ পাঁচ সহস্ৰাধিক পৰিয়াল

দুৰ্গতৰ কাষ চাপি পৰিস্থিতিৰ বুজ ল’লে নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চই
ক্ষতিপূৰণসহ পুনৰ সংস্থাপনৰ দাবী

সংবাদ প্ৰহৰী, ২৫ ছেপ্টেম্বৰ, ২০১৬ : ৰাজ্যখনৰ বিভিন্ন সমস্যাৰ সমান্তৰালকৈ গৰাখহনীয়াৰ সমস্যাই ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। এনে গৰাখহনীয়াৰ কবলত পৰি বৰপেটা আৰু বাক্সা জিলাৰ প্ৰায় কুৰিখন গাঁৱৰ পাঁচ সহস্রাধিক পৰিয়াল গৃহহাৰা হৈ সম্প্রতি ঘাইপথৰ কাষত বসতি কৰিবলগীয়া হৈছে। উল্লেখ্য যে জিলা দুখনৰ মাজেৰে বৈ যোৱা বেঁকী নদীয়ে চলোৱা ভয়াৱহ তাণ্ডৱৰ ফলত নদীখনৰ দুয়োপাৰে থকা তথা বৰনগৰ ৰাজহ চক্ৰৰ অন্তর্গত গামাৰীগুৰী, বালিপুৰ, ছাফাকামাৰ, কাটাঝাৰ, নিচুকা, দিগজনী, খুন্দনােবাৰী, ওদালগুৰি, বাৰাপেটা আদি কৰি প্ৰায় কুৰিখন গাঁৱৰ পাঁচ সহস্রাধিক পৰিয়াল গৃহহীন হয়। গৰাখহনীয়াৰ কবলত পৰি নিজৰ ঘৰ-বাৰী, কৃষিভূমি আদি সকলো হেৰুৱাৰ ফলত এই পাঁচ সহস্রাধিক পৰিয়ালৰ প্ৰায় ৩০ সহস্রাধিক লোকৰ দুখদুৰ্গতি সম্প্রতি কুলাই-পাচিয়ে নধৰা হৈছে। গৰাখহনীয়াত সর্বস্ব হেৰুৱা এই লোকসকলৰ প্ৰায় ৬০-৭০ টাকৈ পৰিয়াল বাৰাপেটা পশু পাম আৰু খুন্দনাৰী-নিচুকা বীজ ফার্মত আৰু তিনিশৰাে অধিক পৰিয়ালে বৰপেটাৰােডমানাহ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে কোনােমতে আশ্রয় গ্রহণ কৰি বৰ দুর্ভোগৰ মাজেৰে কালাতিপাত কৰি আছে। গৰাখহনীয়াৰ ফলতেই এই পৰিয়ালসমূহৰ স্কুল-কলেজীয়া ছাত্র-ছাত্ৰীসকলে নিজৰ জীৱন গঢ়াৰ ক্ষেত্ৰত ভীষণ প্রত্যাহ্বানৰ সন্মুখীন হৈছে। কিছুমানে অধ্যয়ন সামৰি বহিঃৰাজ্যত কাম কৰি জীৱিকা নির্বাহৰ বাট মুকলি কৰা প্রচেষ্টা অব্যাহত ৰাখি টালি-টােপোলা বান্ধি বিদেশলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে। বিদ্যুৎ সংযোগ, বিশুদ্ধ খোৱাপানী, স্বাস্থ্য সেৱাৰ দৰে অভিলাষী আঁচনিয়ে ঢুকি নোপোৱা এইসকল পৰিয়ালে সাহায্যৰ নামত চৰকাৰীভাৱে পৰিয়ালে কেৱল প্রতি চাৰি কিলোগ্ৰামকৈ চাউল, গো-খাদ্যৰ বাবদ গৰু প্রতি দুই কিলোগ্ৰামকৈ চাপৰ আৰু পৰিয়ালে প্রতি এক চিল্লা কৰি প্লাষ্টিকৰ ত্রিপাল পাবলৈহে সক্ষম হৈছে। বেঁকী নদীৰ এই গৰাখহনীয়াত বালিপুৰ, গামাৰীগুৰি, ছাফাকামাৰ আদি গাঁও সম্পূর্ণ নিঃচিহ্ন হােৱাৰ লগতে দুখনকৈ প্রাথমিক বিদ্যালয়, অঙ্গনৱাড়ী কেন্দ্ৰ, মন্দিৰ আৰু মছজিদ আদিৰ উপৰি প্ৰায় তিনি হেজাৰ বিঘা কৃষিভূমি সম্পূৰ্ণৰূপে গৰাখহনীয়াৰ কবলত জাহ যায়। দীর্ঘদিন ধৰি এনে দুৰৱস্থাৰ মাজেৰে জীৱন কটােৱা লোকসকলৰ খবৰ ল’বলৈ আহৰি নাই স্থানীয় জনপ্রতিনিধিৰ লগতে চৰকাৰী কোনো বিষয়াৰ। এই দুর্গতসকলৰ কাষ চাপিল নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ, অসমৰ বৰপেটাৰােড আঞ্চলিক সমিতিয়ে। সংগঠনটােৰ বৰপেটাৰােড আঞ্চলিক সমিতিৰ সভাপতি মোজাম্মেল হক, সাধাৰণ সম্পাদক মহেজ উদ্দিন, জহুৰা বেগম, হবিবৰ ৰহমান, আৰব বাদশাহ, তায়েব আলী খান, চান্দু মিয়া, বাবৰ আলী, আব্দুল মালেক, ছৈয়দ শ্বাহকামাল আৰু আব্দুছ ছালামকে ধৰি সংগঠনটােৰ নেতৃত্বত যোৱা এঘাৰজনীয়া সঁজাতি দলটােৱে এই দুর্গতসকলৰ কাষ চাপি পৰিস্থিতিৰ বুজ লয়। পৰিস্থিতিৰ বুজ লৈ সঁজাতি দলটােৰ নেতৃত্ব দিয়া তথা সংগঠনটােৰ বৰপেটাৰােড আঞ্চলিক সমিতিৰ সভাপতি মোজাম্মেল হকে এইবুলি উল্লেখ কৰে যে, চৰকাৰে গৰাখহনীয়াৰ দৰে ভয়াবহ সমস্যাৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰি অহাৰ ফলত ক্ৰমাৎ এই সমস্যাটোৱে আৰু অধিক জটিলতাৰ দিশলৈ আগবাঢ়ি গৈছে। যিসকল পৰিয়ালে ইতিমধ্যে নিজৰ সৰ্বস্ব হেৰুৱাই সম্প্রতি ঘাইপথৰ দাঁতিত আশ্রয় ল’বলগীয়া হৈছে, এটা সময়ত এইসকল লোককেইবাংলাদেশী নসজাব, সেই কথা নস্যাৎ কৰিব নোৱাৰি। আনহাতে বেঁকী নদীয়ে এই অঞ্চলটােত যিদৰে তাণ্ডৱ চলাইছে, তৎকালীনভাৱে ইয়াৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বৰপেটাৰােড-মানাহ ৰাষ্ট্ৰীয় ঘাইপথলৈ যে তীব্র ভাবুকি কঢ়িয়াই আনিব সেয়া নিশ্চিত। গতিকে সকলোধৰণৰ কুটীল ৰাজনীতি বন্ধ কৰি এনে দুর্গতসকলৰ কথা ভাবি তেওঁলোকৰ ক্ষতিপূৰণ সহ অতি শীঘ্ৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ আৰু প্রশাসনৰ ওচৰত সংগঠনটােৱে প্ৰবল দাবী জনায়।

No comments:

Post a Comment

SPONSORED