সংবাদ প্ৰহৰী, বৰেপটাৰোড, ২৫ ছেপ্টেম্বৰ, ২০১৬ : ৮৮ সংখ্যক বৰপেটাৰোড সাৰ্বজনীন ৰাস মহোৎসৱ সূচাৰুৰূপে উদযাপন কৰাৰ উদ্দেশ্য বৰপেটাৰোড সাৰ্বজনীন ৰাস মন্দিৰত এখনি সাধাৰণ সভা আজি অনুষ্ঠিত হয়। উক্ত সভাত বিগত বছৰৰ হিচাপ- নিকাচবোৰ গৃহীত কৰা লগতে আগন্তুক তিনি বৰ্ষৰ বাবে নতুনকৈ ৰাস মন্দিৰ পৰিচালনা সমিতিখন গঠন কৰা হয়। উক্ত সভাতে অহা ৮৮ সংখ্যক বৰপেটা সাৰ্বজনীন ৰাস মহোৎসৱৰ উদযাপন সমিতিখনো গঠন কৰা হয়। বৰপেটাৰোড সাৰ্বজনীন ৰাস মন্দিৰ পৰিচালনা সমিতিৰ নৱ নিৰ্বাচিত মুখ্য বিষয়ববীয়াৰ সভাপতি হিচাপে মণ্টু ওজা, যুটীয়া শাধাৰণ সম্পাদক হিচাপে জিণ্ট দাস আৰু কৃষ্ণ প্ৰসাদ তিনি বছৰীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত হৈছে। একেদৰে আগন্তুক ৮৮ সংখ্যক বৰপেটাৰোড সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিৰ মুখ্য কৰ্মকতাৰ বাবে সভাপতি হিচাপে বাদল মণ্ডল, যুটীয়া সাধাৰণ সম্পাদক হিচাপে অৰূপ বায়ন আৰু দীপাংকৰ সান্যাল নিৰ্বাচিত হয়৷ আজি গঠিত হোৱা নৱনিৰ্বাচিত সমিতিৰ নেতৃত্বত এইবাৰ সৰ্বাঙ্গ সুন্দৰ ভাৱে ৰাস মহোৎসৱ উদযাপন হব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে ।
Responsive Ads Here
September 25, 2016

৮৮ সংখ্যক বৰপেটাৰোড সাৰ্বজনীন ৰাস মহোৎসৱৰ সমিতি গঠন
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment