সংবাদ প্ৰহৰী, বৰপেটা, ৫ ছেপ্টেম্বৰ, ২০১৬ : আজি সমগ্রহ দেশৰ লগত সংগতি ৰাখি বৰপেটা টাউন এণ ই মাদ্রাছা আৰু হাইস্কুলৰ প্ৰাক্তন ছাত্র-ছাত্রীৰ উদ্যোগৰ শিক্ষক দিৱস উদযাপন কৰা হয়। তদুপলক্ষে ৰাতিপুৱা ৯ বজাত প্রাক্তন ছাত্র-ছাত্রীৰ মাজৰ পৰা ওৱাইদুল্লা হক, ছফিক উদ্দিন আহমেদ, লাভলিনা ইছলাম আৰু ফৰিদা আহমেদৰ পৰিচালনাত শোভা যাত্রা উলিওৱা হয়। ৰাতি পুৱা ১০ বজাত পতকা উত্তোলন কৰে। উদযাপন সমিতিৰ সভাপতি মজিবৰ ৰহমানে। স্কুলখনৰ প্ৰাক্তন ছাত্র বাবুল হুছেইন, ছাহিদুল ইছলাম (ৰিপন) ইফতিকৰ হুছেইন, ৰেজাউল হক আৰু ইন্নছ আলীৰ পৰিচালনাত পুৱা ১০-৩০ বজাত বৃক্ষৰােপন কৰা হয়। পুৱা ১০-৪৫ বজাত কেশৱ চন্দ্ৰ কলিতা আৰু ওৱাইদুল হাছানৰ পৰিচালনাত শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে পুৱা ১১ বজাত উত্তৰ বৰপেটা হাইস্কুলৰ অৱসৰপ্রাপ্ত শিক্ষয়িত্রী চেলিম আৰা হুছেইনৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। প্রাক্তন ছাত্র ওৱাইদুল্ল হকে। উক্ত মুকলি সভাত বৰপেটা টাউন এম ই মাদ্ৰাছাৰ প্রতিষ্ঠাপক প্রধান শিক্ষক মৰহুম নুৰুল ইছলাম আৰু মৰহুম ছােৰাহাব আলী বিদেহী আত্মাৰ শান্তিৰ কামনাৰে এক মিনিট সময় মৌন প্রার্থনা কৰা হয় আৰু মৰহুম শিক্ষকদ্বয়ৰ পৰিয়ালবৰ্গক একোখনকৈ ফুলাম গামোচা, মান-পত্ৰ আৰু শৰাইৰে সম্বর্ধনা জনোৱা হয়। আনকি উক্ত স্কুলৰ কৰ্মৰত, অৱসৰ প্ৰাপ্ত আৰু বদলি হৈ যোৱা প্ৰতিগৰাকী শিক্ষক শিক্ষয়ত্রী সকলোকো ফুলাম গামোচা, মান-পত্ৰ আৰু শৰাইৰে সম্বর্ধনা জনােৱা হয়। সম্বর্ধনা অনুষ্ঠানটাে পৰিচালনা কৰে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক জাকিৰ হুছেইন খানে। মুখ্য অতিথি হিচাপে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা ৰাষ্ট্ৰীয় কৃতি শিক্ষক বিবেকা ৰঞ্চন ৰায় চৌধুৰী, নির্দিষ্ট বক্তা বৰপেটা খাদেমুল ইছলাম সমাজৰ সম্পাদক মীৰ কাছেম আহমেদে উপস্থিত থাকি শিক্ষক দিৱসৰ তাৎপৰ্য্য আৰু ডঃ সর্বেপল্লী ৰাধাকৃষ্ণণৰ গুণানাে কীৰ্ত্তনৰ ওপৰত ভাষণ প্রদান কৰে। উল্লেখ্য যে উক্ত মুকলি সভাত বহুতো প্রাক্তন ছাত্র-ছাত্রীয়ে ভাষণ প্রদান কৰে। প্রাক্তন ছাত্র-ছাত্ৰীসকল সমাবেত হােৱাত অনুষ্ঠানটাে এক আবেগ পূর্ণ হৈ উঠা পৰিলক্ষিত হয়।
Responsive Ads Here
Monday, September 05, 2016

Home
আঞ্চলিক
বৰপেটা টাউন এম ই মাদ্ৰাছ আৰু হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত শিক্ষক দিৱস উদযাপন
বৰপেটা টাউন এম ই মাদ্ৰাছ আৰু হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত শিক্ষক দিৱস উদযাপন
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment