অসম আৰু অসমীয়াৰ অস্তিত্বক জলাঞ্জলী দি পৰিৱৰ্তনৰ শ্লোগানেৰে শাসনৰ গাদী দখল কৰা আৰ এছ এছৰ নেতৃত্বাধীন বিজেপি চৰকাৰে ধৰ্মৰ ভিত্তিত তথা হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিবলগীয়া সিদ্ধান্তই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ চৰকাৰৰ এই সিদ্ধান্তক অসমবাসীয়ে মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰাত অৱশেষত এই সিদ্ধান্তৰ সপক্ষে তথা বিপক্ষে ৰায় দিয়াৰ বােব ভোটদান প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰিবলৈ বাধ্য হৈছে৷ চৰকাৰী এই ভোটদান প্ৰক্ৰিয়াৰ অন্তিম দিন ৩০ ছেপ্টেম্বৰৰ দিন ধাৰ্য কৰাৰ দৰে সংবাদ প্ৰহৰীয়েও আৰম্ভ কৰিছিল এই সিদ্ধান্তৰ সপক্ষে তথা বিপক্ষে ৰায় দিয়াৰ বােব ভোটদান প্ৰক্ৰিয়া৷ সংবাদ প্ৰহৰীৰ এই ভোটদান প্ৰক্ৰিয়াত ৯০ শতাংশ লোকে হিন্দু বাংলাদেশীৰ নাগিৰকত্বৰ সিদ্ধান্তক বিৰোধীতা কৰাৰ বিপৰীতে মাত্ৰ ১০ শতাংশ লোকেহে এই সিদ্ধান্তৰ সপক্ষে নিজৰ ৰায় প্ৰদান কৰিছে৷ ভোটদান প্ৰক্ৰিয়াৰ সমান্তৰালকৈ ‘হিন্দু বাংলাদেশীক নাগৰিকত্ব’ শীৰ্ষক বিষয়ৰ ওপৰত মতামত বিচাৰি আগবঢ়োৱা ‘মুক্তকণ্ঠ’ পৃষ্ঠাৰ এক বিশেষ প্ৰতিবেদন :--
জাতি, মাটি, ভেটিৰ বাবে অসমীয়া জাতি সদায় আবেগিক। তেনেস্থলত কেন্দ্ৰৰ বিজেপি চৰকাৰে বাংলাদেশী হিন্দু সকলক নাগৰিকত্ব দি অসমীয়া জাতিটোকে চিৰদিনৰ বাবে নি:শেষ কৰাৰ দৰে সিদ্ধান্ত লোৱাৰ পাছতো জাতিটোৰ যি দৰে খং উঠিব লাগিছিল, উঠা নাই যেন লাগে। এই ক্ষেত্ৰত অসমীয়াৰ জাতীয় আৱেগটোৱে ধৰ্মীয় আবেগৰ ওচৰত হাৰি গৈছে যেন লাগিছে। টাইম ৰ টক শ্ব' এটাত ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ সন্মুখতে প্ৰাক্তন বিধায়ক জয়ন্ত মল্লই যি দৰে অসমীয়া জাতিক জাহান্নামত দি বাংলাদেশৰ হিন্দুৰ হৈ লাজ লগাকৈ ওকালতি কৰিলে, সেই তুলনাত সমুজ্জ্বল ভট্টাচাৰ্য্যৰো খং উঠা দেখা নগ'ল। বৰঞ্চ তেওঁৰ প্ৰতিবাদৰ কন্ঠ আছিল যথেষ্ট নৰম, কোমল আৰু কেন্দ্ৰৰ প্ৰতি আবেদনীয়। জাতিটোৰ এনে সংকটকালত জাতীয় নেতৃত্বৰ এনে দুৰ্বল আৰু নৰম স্থিতিয়ে জাতিটোক খুব সোনকালেই বিপদত পেলোৱাৰ সম্ভাৱনাই দেখা দিছে। এনে পৰিস্থিতিত কেবল আছুৰ নেতৃত্বৰ ভৰসাতে ৰৈ থাকিলে অসমীয়া জাতিটোৰে এক ডাঙৰ ক্ষতি হৈ যাব পাৰে। সেয়ে জাতিটোৰ সকলো জাতীয় সংগঠন, দল, সাংবাদিক, বুদ্ধিজীৱী আৰু সকলো অসমীয়া নাগৰিকে এক হৈ পেলাই বিজিপি চৰকাৰৰ এনে জাতি ধ্বংসী সিদ্ধান্তৰ প্ৰতিবাদ কৰিব লাগিব আৰু বিজেপিক বিদেশীক সংস্থাপিত কৰাৰ সিদ্ধান্তক বাতিল কৰাব নোৱাৰা লৈকে ক্ষান্ত হ’ব নালাগে। ইয়াৰ বাবে আমি ধৰ্মীয় আৱেগক বৰ্জন কৰি জাতীয় আৱেগক সন্মান কৰিবৰ প্ৰয়োজন হব।

অসমত অসমীয়াৰ অৱস্থা অতি সংকটজনক পৰিস্থিতিত দেখা গৈছে। বংগমূলীয় মুছলমানখিনিয়ে অসমত অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ্থত তাহানিৰ ভাষা আন্দোলনত জপিয়াই পৰি অসমীয়া ভাষাৰ (প্ৰাদুৰ্ভাৱ) প্ৰভাৱ বিস্তাৰ কৰিবলৈ সামৰ্থ হৈছিল। কিন্তু তাৰ পৰিণতিত এই বিৰল প্ৰজাতিক নেলী, চাওলখোৱা, গহপুৰৰ পৰা আৰম্ভ কৰি আজিকোপতিওঁ পদে পদে বিভিন্ন পুৰুস্কাৰেৰে পুৰুস্কৃত কৰি থকাই দেখা গৈছে। আজিও আমি প্ৰকৃত অসমীয়া হ'ব নোৱাৰিলোঁ। পদে পদে বিভিন্ন হাৰাহাস্তিৰে সন্দেহ যুক্ত বাংলাদেশীৰ শাৰীতেই এতিয়াও অৱতীৰ্ণ হৈ আছোঁ। কিন্তু এতিয়া সেই তাহানিৰে পৰা কৰি অহা অসম প্ৰেম দেখুৱাবলৈ আমাৰ আৰু সামৰ্থ নাই। আমাৰ অস্তিত্ব আছেই কি আৰু যাবই কি। এতিয়া পৰিৱৰ্তনৰ শ্লগানেৰে অসমী আইৰ সলনি ভাৰত মাতাৰ স্থাপনা হ'ল, শংকৰ-আজানৰ দেশৰ সলনি হিন্দুত্ব আৰু আৰ এছ এছৰ অনুকৰণত অসমৰ ভাৰসাম্য নিয়ন্ত্ৰণ হ'ব ধৰিলে। অসমী আইৰ কুলাত অসংখ্যক জাতিৰ নায়ক, বুদ্ধিজিৱীৰ উৎপত্তি হ'ল। অসমৰ জাতি মাটি আৰু ভেটি সুৰক্ষা দিয়াৰ প্ৰয়োজনীয় নেতাওঁ নিৰ্বাচিত হ'ল। আমাৰ নো কি অস্তিত্ব আছে। শৰাইঘাটৰ শেষ ৰণৰ কথা কৈ অসমীয়াক আৱেগিক কৰি বণীক গোষ্ঠী, বিহাৰী আৰু দিল্লীৱালাৰ ওচৰত শৰণ লৈ এই চৰকাৰে দেশীক বিদেশী সাজি আৰু বিদেশীক বৰ পীৰা পাৰি আনি অসমত সংস্থাপন দিবলৈ লোৱা এই পদক্ষেপ অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ শেষ ৰণ। আমি এতিয়া একো নকওঁ মাথো দূৰৈৰ পৰা চাই থাকিম বাকী বিবেচনা আপোনাৰ হাতত অৰ্পণ কৰিলোঁ।
অসম আন্দোলন হৈছিল অসমৰ পৰা বিদেশী বিতাড়ণ কৰিবলৈ তাৰ পৰিণতি কি হৈছিল বহলাই কব নাযাওঁ কাৰণ সকলোৱে জানে আৰু বহিৰাগত হিন্দুক আজি ভাৰতীয় নাগৰিকত্ব দি অসমত সংস্থাপিত কৰিব খুজিছে আমি নিৰৱ। অসম আন্দোলনৰ সময়ত শৈক্ষিক বৰ্ষ নষ্ট হৈছিল আৰু আজি ? ৩০ ছেপ্তেম্বৰৰ পূৰ্বে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে অসমৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে বুদ্ধিজীৱিৰ পৰা সাধাৰণ কৃষকলৈকে এদিনৰ বাবে অসম মাতৃৰ স্বাৰ্থত ৰাজপথ কপাই তুলিবলৈ ওলাব নোৱাৰিনে।হিমন্ত অসম তথা অসমীয়াৰ অভিভাৱক নেকি ? জাতিক নিৰাপত্তা দিব নোৱাৰা এইসকল দালাল নেতাৰ হাতত আমাৰ মাতৃভূমি কিমান নিৰাপদ এবাৰ নহয় এশবাৰ ভাৱক । তেওঁ নাজানে নেকি ভাৰত হিন্দু ৰাষ্ট্ৰ নহয়। বিদেশৰ পৰা হিন্দু সকলক আদৰণি জনাব । মুছলমান সকলৰ বাবে যাৱলৈ বহু দেশ আছে বুলি সাম্প্ৰদায়িক মন্তব্য কৰে । এই কথাৰ জৰিয়তে হিমন্ত ডাঙৰীয়াই অসমৰ মুছলমানক ধমকি দিলে নেকি ? হিমন্ত ডাঙৰীয়া অসমৰ মুছলমানক বিদেশত পঠিয়াবলৈ পৰামৰ্শ দিবলৈ আপুনি কোন ? কাৰণ এইখন অসমত মুছলমানৰো সমান অধিকাৰ আছে । হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব দি অসমত সংস্থাপিত কৰিবলৈহে অসমবাসীয়ে বিজেপিক ২০১৬ বিধানসভাত জনাদেশ দিছিল- বিজেপিৰ বিধায়ক শিলাদিত্য দেৱৰ দম্ভালি। এইসকল বিধায়কৰ হাতত অসম কিমান নিৰাপদ। অসমৰ অসমীয়াৰ অস্তিত্ব সংকটত পেলাই কেন্দ্ৰই জাপি দিব খুজা হিন্দু বাংলাদেশীক অসমে গ্ৰহণ কৰিলে বিপদ অনিবাৰ্য। অসম হ’ব ভাৰতৰ দ্বিতীয় ত্ৰিপুৰা। আকৌ ভাষা আন্দোলন হব, স্তব্ধ হ’ব অসমৰ উন্নয়ন । আৰ এছ এছৰ সপোন ভাৰতক হিন্দু ৰাষ্ট্ৰ বনোৱা। কেন্দ্ৰীয় চৰকাৰৰ এই সঠকাৰী নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ ৰ সিদ্ধান্তই স্বাভাৱিকতেই বিদেশী হিন্দু সকলক ভাৰতলৈ আহিবলৈ অনুপ্ৰেৰণা যোগাব ।

"বাংলাদেশী", মিঞা, বিদেশী, পমুৱা আদি এশ- এবুৰি অপবাদ পোৱা স্বত্বেও অসমৰ এচাম বংগীয়মূলীয় মুছলমানে (দুই-চাৰিটা অসমীয়া মনৰ বঙালী হিন্দুও আছে) অসমীয়া ভাষা, জাতি, সংস্কৃতি আদিক লৈ চিঞৰি থকাৰ বিপৰীতে অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰা দেখা গৈছে। অন্যহাতে " অসমীয়া ভাষা- সংস্কৃতিৰ 'অ'টোও অৱদান নথকা আজমল এণ্ড কোম্পানীয়ে মৌনতা অৱলম্বন কৰিলেও অসমত বাংলা ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ হোৱাটো যে তেখেতে বিচাৰে তাৰ উমান ইতিমধ্যে পোৱা গৈছে৷ সেয়ে সম্প্ৰতি অসমত মূলসূতিৰ অসমীয়াখিনিৰ মাজত দুটা ফৈদৰ সৃষ্টি হোৱা দেখা গৈছে। এটা চামে একমাত্ৰ ধৰ্মীয় আৰু ৰাজনৈতিক কাৰণত হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ সপক্ষত আছে; আন এটা চামে অসমীয়া জাতিসত্বা (বা জাতীয়তাবাদ, যিয়েই নকওক)ৰ বাবে আৰু অসমৰ ভাষা- সংস্কৃতিৰ কথা চিন্তা কৰি কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছে। অনুৰূপভাবে বংগীয়মূলৰ মুছলমানখিনিৰ মাজতো সম্প্ৰতি দুটা ফৈদৰ সৃষ্টি হোৱা দেখা গৈছে। এনেধৰণৰ বিভাজনৰ বাবেই বংগীয়মূলৰ হৈও কে'বাটাও দশকজুৰি অসমীয়া -ভাষা সংস্কৃতিৰ হৈ কাম কৰা ভাষা সাহিত্যৰ সাধক এগৰাকীয়ে ২০১১ চনৰ লোকপিয়লৰ সময়ছোৱাত মাতৃভাষা অসমীয়াৰ সপক্ষে মাত মাতিবলৈ গৈ বৰপেটাৰ যোগীৰপামত শাৰীৰিকভাৱে অপদস্তও হ’বলগীয়া হৈছিল। শেহতীয়াকৈ বংগীয়মূলৰ কিছু লোকে প্ৰকাশ্যে বাংলা ভাষাৰ সপক্ষে মাত মতা দেখা গৈছে। কেবল সেয়াই নহয় সামাজিক মাধ্যমবোৰতো এচামে বাংলা ভাষা ব্যৱহাৰ কৰা দেখা গৈছে। ২০২১ চনৰ লোকপিয়লত এইলোকখিনিয়ে মাতৃভাষা বাংলা লিখাৰ বাবে কাগজ- কলম লৈ সাজু হৈ থকা পৰিলক্ষিত হৈছে। অসমীয়া ভাষাৰ সংকটকালীন কাল যে নিচেই সমাগত সেয়া অনুমান কৰিব পাৰি। অসমৰ বৰাক উপত্যকাৰ এশ শতাংশ লোক বাংলা ভাষাৰ সমৰ্থক। বাংলা ভাষাৰ সমৰ্থনত ভাষা আন্দোলনৰ কালছোৱাত ভালেসংখ্যক বাংলা ভাষাৰ সমৰ্থক পুলিচৰ গুলীত নিহত হৈছে অৰ্থাৎ ছহিদ (বাংলা ভাষাৰ সমৰ্থকসকলৰ বাবে) হৈছে। ভাৰতীয় সংবিধানৰ অষ্টম অনুসুচি অনুসৰি বড়োসকলেও নিজস্ব বড়ো ভাষাৰ মৰ্যাদা পাইছে। তেনেস্থলত বড়োসকলে নিজকে অসমীয়া আৰু মাতৃভাষা অসমীয়া বুলি লিখাৰ প্ৰশ্নই নুঠে। তেনেকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৪০ শতাংশ লোকেও যদি ২০২১ চনৰ লোকপিয়লত মাতৃভাষা বাংলা লিখে তেন্তে অসমৰ ৰাজ্যভাষা পুণৰ ১৮৩৬-১৮৭৩
চনৰ দৰেই বাংলাই স্বীকৃতি পাব। অসমৰ পূৰ্ববংগীয় মূলৰ দুই চাৰিজনে অসমীয়া ভাষাৰ পৃষ্ঠপোষকতা কৰিলেও এটা ৰাজনৈতিক অভিসন্ধি বা ষড়যন্ত্ৰৰ বলি হৈ বংগীয়মূলৰ মানুহখিনিয়ে যে মাতৃভাষা বাংলা নিদিব তাৰ কোনো গেৰান্টি কোনেও দিব নোৱাৰে। উগ্ৰ সাম্প্ৰদায়িক এচামে সদায় বাংলাদেশীৰ অপবাদেৰে লেই লেই ছেই ছেই কৰা এইচাম লোকে বিৰক্ত হৈ কিম্বা বিকল্পৰ সন্ধানত মাতৃভাষা বাংলা লিখাটো একো অস্বাভাৱিক নহয়। এনে পৰিপ্ৰেক্ষিতত আমাৰ দৰে অল্পবুদ্ধিৰ লোকসকলৰ অসম, অসমীয়াৰ হকে মাত মতাৰ অধিকাৰ ক'ত?? কাৰণ আমি অসমৰ সন্দেহযুক্ত (?) নাগৰিক! জন্মসুত্ৰে আমি অসমীয়া হ'লেও বংশসূত্ৰে আমি মামাৰ দেশতহে থাকোঁ। গতিকে এই ক্ষেত্ৰত মামুবোৰেই মাত মাতকচোন!
ফেচবুক কমেণ্ট :
দেশত পৰিবৰ্তন আহিছে!!"""
ReplyDeleteঅসমৰ নতুন ৰাজধানী হ'ব #ঢাকা।
অসমৰ সচেতন নাগৰিক হৈ হাত সাৱটি বহি থকা মানেই অসমখন বাংলাদেশলৈ ৰূপান্তৰ কৰা।
আজি বঙালী হিন্দু সকলে "খিলন্জীয়া মুৰ্দাবাদ"
"অসমত হিন্দু বাংলাদেশীক বহিষ্কাৰ মানি লোৱা নহব"
"হিন্দু বাংলাদেশীক নাগৰীকত্ব দিবই লাগিব"
ইত্যাদি শ্ল-গানেৰে জাঙোৰ খাই উঠিছে অসমৰ উগ্ৰহিন্দুত্ববাদী সকলে।
#অখিল_গগৈৰ হিন্দু বাংলাদেশী হাটাওঁ অভিযানত, বঙালী হিন্দুসকলৰ বাধা।
চৰকাৰ নিমাত।
#মোডীৰ_কূটনীতি আৰু #হিমন্তৰ_দূৰ্নীতিৰে চলাব খোজা অসমখনত হিন্দুু মুছলিমৰ মাজত ভাতৃত্ব বিনাশ কৰি যি #ৰণভূমিৰ_নৃত্য_নাটিকা আৰম্ভ কৰিছে। সেয়া অসমৰ ৰাঈজে বুজিবলৈ আৰু বাকী নাই।
গতিকে মই সকলোকে আহ্বান জনাইছো মনত কোনো সংকোচ নাৰাখি কেৱল নিজৰ মাতৃভূমি ৰক্ষাৰ স্বাৰ্থত ওলাই আহক।
"অসম বাচাওঁ"
"বাংলাদেশী হাটাওঁ"
আপুনি কি ভাৱিছে ????
প্ৰকৃতাৰ্থত এইখিনি সময়ত আমি অসমৰ সচেতন নাগৰিক হিচাপে কি কৰা দৰকাৰ ???
আমোনাৰ মতামত জনাওঁক !!!!
ধন্যবাদেৰে
শ্বাহানুৰ ইছলাম।
হিন্দু বাংলাদেশীক অসমত আশ্ৰয় দিয়া মানেই , নতুন সমস্যাক হাত বাওলি আকোৱালি লোৱা।
ReplyDeleteঅসমৰ নতুন ৰাজধানী হ'ব #ঢাকা।
অসমৰ সচেতন নাগৰিক হৈ হাত সাৱটি বহি থকা মানেই অসমখন বাংলাদেশলৈ ৰূপান্তৰ কৰা।
আজি বঙালী হিন্দু সকলে "খিলন্জীয়া মুৰ্দাবাদ"
"অসমত হিন্দু বাংলাদেশীক বহিষ্কাৰ মানি লোৱা নহব"
"হিন্দু বাংলাদেশীক নাগৰীকত্ব দিবই লাগিব"
ইত্যাদি শ্ল-গানেৰে জাঙোৰ খাই উঠিছে অসমৰ উগ্ৰহিন্দুত্ববাদী সকলে।
#অখিল_গগৈৰ হিন্দু বাংলাদেশী হাটাওঁ অভিযানত, বঙালী হিন্দুসকলৰ বাধা।
চৰকাৰ নিমাত।
#মোডীৰ_কূটনীতি আৰু #হিমন্তৰ_দূৰ্নীতিৰে চলাব খোজা অসমখনত হিন্দুু মুছলিমৰ মাজত ভাতৃত্ব বিনাশ কৰি যি #ৰণভূমিৰ_নৃত্য_নাটিকা আৰম্ভ কৰিছে। সেয়া অসমৰ ৰাঈজে বুজিবলৈ আৰু বাকী নাই।
গতিকে মই সকলোকে আহ্বান জনাইছো মনত কোনো সংকোচ নাৰাখি কেৱল নিজৰ মাতৃভূমি ৰক্ষাৰ স্বাৰ্থত ওলাই আহক।
"অসম বাচাওঁ"
"বাংলাদেশী হাটাওঁ"
আপুনি কি ভাৱিছে ????
প্ৰকৃতাৰ্থত এইখিনি সময়ত আমি অসমৰ সচেতন নাগৰিক হিচাপে কি কৰা দৰকাৰ ???
আমোনাৰ মতামত জনাওঁক !!!!
ধন্যবাদেৰে
শ্বাহানুৰ ইছলাম।