কাজিৰঙা কাণ্ড ।। ২০ অক্টোবৰত দিল্লীৰ যন্তৰ-মন্তৰত আমছুৰ অৱস্থান ধৰ্মঘট - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 29, 2016

কাজিৰঙা কাণ্ড ।। ২০ অক্টোবৰত দিল্লীৰ যন্তৰ-মন্তৰত আমছুৰ অৱস্থান ধৰ্মঘট

সংবাদ প্ৰহৰী, ২৯ ছেপ্টেম্বৰ, ২০১৬ : অসম চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত সমগ্ৰ ৰাজ্যতে গা কৰি উঠা সাম্প্ৰদায়িক ভেদাভেদ দূৰ কৰা, সংখ্যালঘু সম্প্ৰদায়ৰ লোকক কৰি অহা অযথা হাৰাশাস্তি, অত্যাচাৰ বন্ধ কৰা, অসমৰ সমগ্ৰ ভূমি জৰীপ কৰি যুগ যুগ ধৰি ব্ৰহ্মপুত্ৰ নদীৰ চৰাঞ্চলত বসবাস কৰা জনসাধাৰণক ভূমিৰ পট্টা প্ৰদান কৰা, অবৈধ বাংলাদেশী/বিদেশীৰ নামত সংখ্যালঘু সম্প্ৰদায়ৰ লোকক কৰি অহা অত্যাচাৰ বন্ধ কৰা, ছিপাঝাৰ আৰু হিলৈখুন্দাৰ লগতে সমগ্ৰ অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকক উচ্ছেদৰ নামত কৰা অত্যাচাৰ বন্ধ কৰা, উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰালৈকে কোনো লোককে উচ্ছেদ নকৰা, ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদী সমূহৰ বান আৰু গৰাখহনীয়াত সৰ্বহাৰা হোৱা লোকক উপযুক্ত ক্ষতিপূৰণসহ সংস্থাপন কৰা, ভূমিহীন লোকক ভুমি প্ৰদান কৰা, কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চল বান্দৰডুবি, দেওচুৰচাং আৰু পালখোৱা গাৱঁৰ উচ্ছেদিত দুৰ্ভগীয়া লোক সকলক ক্ষতিপূৰণসহ পুনৰসংস্থাপন কৰা, ১৯ ছেপ্তেম্বৰ, ২০১৬ তাৰিখে অসম আৰক্ষীৰ নিৰ্বিচাৰ গুলীত নিহত হোৱা ফকৰুল ইছলাম আৰু আঞ্জোমা বেগমৰ নিকট আত্মীয়ক নগদ ১০ লাখকৈ এককালীন আৰ্থিক সাহাৰ্য্য আৰু একোটাকৈ চৰকাৰী চাকৰি প্ৰদান কৰা আৰু কাজিৰঙাৰ ২য়,৩য়, ৪ৰ্থ, ৫ম আৰু ৬ষ্ঠ সংযোজনৰ বেদখলৰ লগতে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা ৰিজৰ্ট, ব্যৱসায়িক প্ৰতিষ্ঠান সমূহক উচ্ছেদ কৰা আদি দাবীৰ সমৰ্থনত আমছুৰ উদ্যোগত নতুন দিল্লীৰ যন্তৰ মন্তৰত আগন্তুক শাৰদীয় দূৰ্গাপূজাৰ পিছত অহা ২০ অক্টোবৰ, ২০১৬ ইং তাৰিখে ৰাতিপুৱা ১১ বজাৰ পৰা ০১ বজালৈ দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰি ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী, গৃহমন্ত্ৰী, উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী, সংখ্যালঘু উন্নয়ন মন্ত্ৰী আৰু লোকসভা আৰু ৰাজ্যসভাৰ বিৰোধী দলৰ দলপতিক স্মাৰক পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি আমছুৰ সভাপতি আজিজুৰ ৰহমান আৰু সাধাৰণ সম্পাদকদ্বয় ৰেজাউল কৰিম সৰকাৰ আৰু আইনুদ্দিন আহমেদে আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে জানিবলৈ দিয়ে।

No comments:

Post a Comment

SPONSORED