জয়ন্ত কুমাৰ দাস, বৰেপটাৰোড, ২৮ ছেপ্টেম্বৰ, ২০১৬ : বৰপেটাৰোডৰ সমীপৰ হালাপাকুৰীত থকা ৩২ নম্বৰ এছ এছ বিৰ উদ্যোগত 'বেটী বচাও, বেটী পঢ়াও' শীৰ্ষক আজি এক অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্র ভাৰতবৰ্ষত চলোৱা এই অভিযানৰ এক অংশ হিচাবে আজি এছ এছ বিয়েও পালন কৰে। আই জি পি অনিল নেগীৰ পত্নী অনিতা নেগীয়ে এই উপলক্ষে আয়োজিত এক সজাগতা সভাত সভাপতিত্ব কৰে। তেওঁ সভাপতিৰ ভাষণত কয়- আমাৰ কণ্যা সকল আমাৰ ভৱিষ্যত । তেওঁলোকে এদিন মাতৃ হৈ এটি পৰিয়ালৰ দায়িত্ব লব লাগিব । সেয়েহে তেওঁলোকক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তোলাটো আমাৰ দায়িত্ব । তেওঁলোক শিক্ষিত হোৱা মানেই এখন দেশ শিক্ষিত হোৱা, এটা জাতি শিক্ষিত হোৱা , এখন সমাজ শিক্ষিত হোৱা। উক্ত অনুষ্ঠানত এছ এছ বিৰ চিকিৎসা বিষয়া ডাঃ সুনীতা দেবী, টিনা উপাধ্যায় আৰু বৰপেটাৰোডৰ হিন্দী স্কুলৰ প্ৰধান শিক্ষয়ত্ৰী গৰাকীয়ে স্ত্ৰী শিক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত স্ত্ৰী শিক্ষাৰ গুৰুত্বৰ ওপৰত ছাত্ৰী সকলৰ মাজত এক বক্তৃতানুষ্ঠানৰো আয়োজন কৰা হয়। এই অনুষ্ঠানৰ পিছতে মহিলা সকলৰ মাজত 'সন্দেসা' নামৰ নাৰী কল্যান বিষয়ৰ ওপৰত এক আলোচনা চক্ৰৰো আয়োজন কৰা হয়।


No comments:
Post a Comment