বীজ ভাণ্ডাৰৰ কৰ্মচাৰীৰ বেশেৰে জাহিদুলে ৰচিছিল অসমত কূটাঘাত চলোৱাৰ ভয়াৱহ ব্লু-প্ৰিন্ট - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, September 27, 2016

বীজ ভাণ্ডাৰৰ কৰ্মচাৰীৰ বেশেৰে জাহিদুলে ৰচিছিল অসমত কূটাঘাত চলোৱাৰ ভয়াৱহ ব্লু-প্ৰিন্ট


বৰপেটাৰ ভক্তৰডবাৰ ইদ্ৰিছ আলীৰ ঘৰৰ পৰাই জেহাদীৰ কুচ কাৱাজ

নজৰুল ইছলামৰ ৰিপ’ৰ্ট :
বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত কয়াকুছিৰ সমীপৰ ভক্তৰডবা বজাৰৰ গাতে লাগি থকা নলীগাঁৱৰ ইদ্ৰিছ আলীৰ ঘৰৰ পৰাই যে অসমত জেহাদী কাৰ্যকলাপ সংঘটিত হৈছে সেয়া জামাত ই-মুজাহিদীন বাংলাদেশৰ শীৰ্ষ নেতা জাহিদুল ইছলাম ৰাষ্ট্ৰীয় তদন্তকাৰী এজেন্সী আৰু বিশেষ টাস্ক ফ’ৰ্চৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পাছত  নিশ্চিত হৈ পৰিছে৷ কিয়নো ধৃত জাহিদুল ইছলামে নিজকে হাবিব বুলি চিনাকি দি সৰ্থেবাৰী থানাৰ অন্তৰ্গত  নলীগাঁৱৰ ইদ্ৰিছ আলীৰ ঘৰত আশ্ৰয় লৈ ভক্তৰডবা বজাৰত বিলায়েত হুছেইনৰ জুৰীয়া বীজ ভাণ্ডাৰত কৰ্মচাৰী হিচাপে নিয়োজিত হৈ আছিল৷ ইদ্ৰিছ আলীৰ ঘৰত থকা কালত জাহিদুলে নিজৰ ঘৰ গোৱালপাৰাত বুলি কৈছিল৷ জাহিদুলে ইদ্ৰিছ আলীৰ ঘৰত থকা সময়ছোৱাত ওচৰ চুবুৰীয়া কোনো মানুহৰ লগত বিশেষ কোনো সম্পৰ্ক ৰখা নাছিল৷ প্ৰায় চাৰি বছৰ থকা জাহিদুলে ২০১৪ চনৰ ২ অক্টোৰত পশ্চিম বংগৰ বৰ্ধমানৰ বিস্ফোৰণ সংঘটিত হোৱা দিনলৈকে আছিল এই  ইদ্ৰিছ আলীৰ ঘৰতেই৷ জাহিদুলে বীজ ভাণ্ডাৰত কৰ্মচাৰী হিচাপে থকাৰ লগতে কিতাপৰ ব্যৱসায় কৰা বুলি বহুতকে কৈছিল৷ কিতাপৰ ব্যৱসায়ৰ বাবে জাহিদুলে বিভিন্ন সময়ত বিভিন্ন ঠাইত যোৱা বুলি কৈ অন্তৰ্ধান হৈছিল৷ ভক্তৰডবাৰ নলীগাঁৱৰ ইদ্ৰিছ আলীৰ ঘৰত থকা সময়তে ‘ডাক্টৰবাবু’ হিচাপে খ্যাত ইতিমধ্যে প্ৰায় এক বছৰ পূৰ্বে গ্ৰেপ্তাৰ হৈ কাৰাগাৰত বন্দী হৈ থকা চতলাৰ ছাহানুৰ আলমৰ লগত একেলগে কাম-কাজ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ কিয়নো যিখন দোকান ভাৰাত লৈ ছাহানুৰ আলমে দাঁতৰ চিকিৎসা কেন্দ্ৰ স্থাপন কৰিছিল সেই ঘৰৰ মালিক আৰু জাহিদুল ইছলামে আশ্ৰয় লৈ থকা মালিক একেজনেই অৰ্থাৎ ইদ্ৰিছ আলী৷ ইদ্ৰিছ আলীৰ পুত্ৰ শ্বাহাৰুল ইছলামৰ লগত দুয়োজনৰ সম্পৰ্ক অতি ঘনিষ্ঠ আছিল বাবেই  আৰক্ষীয়ে ইতিপূৰ্বেই শ্বাহাৰুলক গ্ৰেপ্তাৰ কৰিছিল৷ প্ৰণিধানযোগ্য যে, জাহিদুল ইছলামে ইদ্ৰিছ আলীৰ ঘৰত থকা আৱস্থাত ৰৌমাৰী পাথাৰৰ কোনো এগৰাকী চোৱালীৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল৷ অতি গোপনে অনুষ্ঠিত হোৱা উক্ত বিয়াত স্থানীয় কোনো মানুহ যোৱা নাছিল৷ জাহিদুলৰ বিয়াত ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বুঢ়ীগাঁও আৰু সৰ্থেবাৰী থানাৰ অন্তৰ্গত চতলা গাঁৱৰ কিছুমান নিৰ্দিষ্ট সংখ্যক মানুহে অংশগ্ৰহণ কৰিছিল৷ উল্লেখযোগ্য যে, উক্ত বিয়াত অংশগ্ৰণ কৰা বুঢ়ীগাঁও আৰু চতলা গাঁৱৰ একাংশ লোকে প্ৰায় দুই বছৰ পূৰ্বে ঈদৰ নামাজ নিৰ্ধাৰিত দিনৰ আগদিনা নামাজ পঢ়ি তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছিল৷ স্মৰ্তব্য যে, কালি বিশেষ গোটৰ হাতত গ্ৰেপ্তাৰ হোৱা ছহিদুল ইছলামৰ গাঁও খনেই হৈছে জাহিদুল ইছলামৰ শহুৰৰ গাঁও ৰৌমাৰী পাথাৰ৷ সম্প্ৰতি বিতং তথ্য পোহৰলৈ নাহিলেও বৰপেটা জিলাত পৰিকপ্লনা যুগুত হোৱা জেহাদী কাৰ্যকলাপত যে এটা বৃহৎ চক্র জড়িত আছে সেয়া নিশ্চিত৷ আৰক্ষীৰ অধিক তদন্তত নাইবা ধৃত জাহিদুল আৰু ছহিদুলৰ জেৰাত সবিশেষ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷ আনহাতে, বিশেষ গোটৰ হাতত গ্ৰেপ্তাৰ হোৱা আবুল কালাম আজাদ ওৰফে কলিম ওৰফে আজাদৰ কোনো ঠিকনা বাতৰি যুগুত কৰা পৰলৈকে অসম আৰক্ষীয়ে উলিয়াবলৈ সক্ষম হোৱা নাই৷

No comments:

Post a Comment

SPONSORED