১৯ ছেপ্টেম্বৰৰ পুৱাৰে পৰা কাজিৰঙাৰ বান্দৰডুবি আৰু দেওচুৰচাঙত খিলঞ্জীয়া লোকক উচ্ছেদৰ নামত অসম চৰকাৰ তথা প্রশাসনে চলোৱা বর্বৰ আক্রমণ আৰু নিৰীহক হত্যাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কাজিৰঙাৰ এই কাণ্ডত প্রশাসনৰ নিৰ্মম গুলীচালনাত আক্কাচ আলী আৰু অঞ্জমা খাতুন নামৰ দুগৰাকী খিলঞ্জীয়া লোক থলীতে নিহত হােৱাৰ উপৰি আন বহুতো আহত হ’বলগীয়া হয়। কাজিৰঙাৰ এই কাণ্ডৰ বিৰোধীতা কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আদি কৰি ভালেকেইটা সংগঠনে পথ অৱৰোধ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কোশৱ মহন্তৰ পুত্তলিকা দাহ কৰাৰ লগতে আজি ১২ অসম বন্ধৰ আহ্বান জনায় তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰেত আন একাংশই উক্ত উচ্ছেদ অভিযানক সমৰ্থন কৰি ‘বাংলাদেশী’ৰ ভূতক খেদি ফুৰিলে৷ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকা কাজিৰঙাৰ এই কাণ্ডক প্ৰসঙ্গ হিচাপে লৈ ‘সংবাদ প্ৰহৰী’ৰ ‘মুক্তকণ্ঠ’ৰ এই পৃষ্ঠাত যুগতোৱা এক বিশেষ প্ৰতিবদেন --

ফৰহাদ ভূঞা : কুঠৰীত আমি তিনিবছৰ মান আছিলো। নানা জাতি জনগোষ্ঠীৰ এখন সুন্দৰ সমাজ তাত। আজি যিসকলক উচ্ছেদ কৰা হল তেওঁলোকৰ বহুতকেই চিনি পাওঁ । একাংশ সংবাদ মাধ্যম আৰু উগ্ৰ জাতীয়তাবাদী লোকে কাজিৰঙাত থকা মুছলমান লোকসকলক বাংলাদেশী বুলি চিঞৰি থাকে । কিন্তু তাৰে অন্য জাতিৰ স্থানীয় লোকে এই মানুহ খিনিক কেতিয়াও বাংলাদেশী কোৱা শুনা নাছিলো। আনকি বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে এদিন এটা চেনেলত সাক্ষাৎকাৰত এই মানুহ খিনি যে বাংলাদেশী নহয় সেই বিষয়ে কৈছিল মনত আছে। সিদিনা প্ৰতিদিন টাইমৰ লাইভত বন্ধুবৰ খগেন কলিতাই তেওঁলোকৰ ঘৰৰ কাষৰে এই মানুহখিনিৰ বিষয়ে সুন্দৰ মন্তব্য দিয়া দেখিছিলো। মনটো ভাল লাগিছিল । ভন্টী মিতালী,বন্ধু ভবেন বা আক্কাছ ভাই হতৰ ঘৰবোৰ ভাঙি দিয়াত বৰ দুখ পাইছো। কিন্তু আটাইতকৈ বেছি বেয়া লাগিছে ক্ষতিপূৰণৰ ক্ষেত্ৰত চৰকাৰে কৰা বৈষম্যৰ কথাটো ভাবি। বিভাজনৰ ৰাজনীতিয়ে সমাজখনক অস্থিৰ কৰাই নহয় জাতিটোৰ বৃহৎ ক্ষতি হয়।
আব্দুৰ ৰহমান : বেছিভাগ সংবাদ মাধ্যমে কাজিৰঙাত সন্দেহ যুক্ত নাগৰিক , বাংলাদেশী নাগৰিক বাস কৰা বুলি টেটুফালি চিঞৰি অসমীয়া ৰাইজক আৱেগিক কৰি তুলিছিল । সত্য ঘটনা এটাক ঘাপ দিয়াটোয়েই সংবাদ জগতৰ সাংবাদিকৰ চৰিত্ৰ নেকি ? এটা বিশেষ জনগোষ্ঠীৰ মানুহক বাৰে বাৰে বলিৰ পঠা কিয় সজোৱা হৈ আছে ? ১৯৯৬ চনত চৰকাৰে সংস্থাপিত কৰা সকলক কেনেকৈ বেদখলকাৰী সজাই উচ্ছেদ কৰিব পাৰে ? বাকী ৬ খন গাওঁ কেতিয়া উচ্ছেদ কৰিব । সন্দেহ যুক্ত নাগৰিকক(?) চৰকাৰে গুলিয়াই মাৰি ৫ লাখ টকাৰ সাহায্য কিহৰ ভিত্তিত ঘোষণা কৰিব পাৰিলে ? ৰহাত মিন্টু দেউৰীক হত্যা কৰি তেখেতৰ পৰিয়ালক এক সপ্তাহৰ ভিতৰতে চাকৰি দিছিল , যোৱাকালি হত্যা কৰা দুগৰাকী ব্যক্তিৰ পৰিয়ালক এক সপ্তাহৰ ভিতৰত চাকৰি দিয়ক ।
আলিচা আহমেদ : 19 ছেপ্টেম্বৰ মানৱতাৰ বিৰোধী তথা অসমৰএটা ক'লা অধ্যায় ৷ নিৰীহ মানুহক হত্যা কৰি নিষ্ঠুৰ চৰকাৰৰ পাশৱিক সন্তুষ্টি ৷ কাজিৰঙাত উচ্ছেদ কিমান যুক্তি সংগত? কাজিৰঙাৰ মূঠ মাটি ভাগ হ'ল 430 বৰ্গ কিঃমিঃ ৷ ইয়াৰে ইতিমধ্যে 83 বৰ্গ কিঃমিঃ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে ৷ সংযোজনৰ জৰিয়তে চৰকাৰে 400 বৰ্গ কিঃমিঃ মাটি কৰিব বিচাৰিছে ৷ বান্দৰডুবি আৰু দেওচুৰচং মুছলিম গাওঁ দুখন অবৈধ বাবে সংযোজন কৰিছে ৷ 1/ আইন মতে ৰাষ্ট্ৰীয় উদ্যানৰ বাবে মাটি সংযোজন কৰিব নোৱাৰে, ইচ্ছা কৰিলে আল্টাৰেচন হে কৰিব পাৰে কিন্তু সংযোজন নহয় ৷ 2/ উচ্ছেদৰ কৰিবলৈ হ'লে ৰাজহ মন্ত্ৰীয়েহে নিৰ্দেশ দিব পাৰে কিন্তু বিত্ত মন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষৰিত নিৰ্দেশ কোনটো বিধিৰ আধাৰত দিব পাৰিলে ৷ 3/ পূৰ্বেও এই দৰিদ্ৰ লোক সকল উচ্ছেদ কৰা হৈছিল, অগপ দলে 1986 চনত বৰ্তমান চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত আৰু প্ৰাঃ মন্ত্ৰী গুণীন হাজৰিকাই এওলোকক বান্দৰডুবি আৰু দেওচুৰচঙত সংস্থাপিত কৰিছিল ৷ উচ্ছেদৰ পূৰ্বে এই দুই গৰাকী নেতাকহে বিচাৰৰ কাঠগৰাত থিয় কৰাব লাগিছিল, কিন্তু নিৰীহ মুছলমানৰ ওপৰত কাপুৰুষৰ দৰে বীৰত্ব প্ৰদৰ্শনেৰে দুজনক হত্যা ! কিছুমান অতি অসমীয়াই এওলোকক বাংলাদেশী বুলি কৈ গুলীয়াই মাৰিবলৈ সুমকি দিয়ে ৷ আজিৰ দিনটোত মানৱতা পৰাজয়েৰে পিশাচৰে জয় হ'ল ৷ 1951 চনৰ পৰা 1965 চনলৈ বিভিন্ন নথি পত্ৰ থকা সকলক কি দৰে বাংলাদেশী বুলি ক'ব পাৰে! যেতিয়ালৈ অতি অসমীয়া আৰু ভণ্ড জাতীয়তাবাদী নেতা সকলৰ পেটত গোৰ মাৰি হাতেৰে জিভা টানি উলিয়াই চিঙি পেলুৱা নহ'ব তেতিয়া লৈ জিভা পিচল খায়ে থাকিব ৷ ধৈৰ্য্যৰ পৰীক্ষা দিবলৈ মুছলমানে ঠিকালৈ থোৱা নাই ৷ দৰাচলতে এয়া নিৰীহৰ ওপৰত উগ্ৰবাদীৰ পশুত্ব ৷ অসমখন ধংস কৰিবলৈ যিখন চৰকাৰে লাখ লাখ বাংলাদেশী আমদানি কৰিবলৈ ওলাইছে সেইখন চৰকাৰৰ জাৰজ নেতাবোৰে কাজিৰঙা ৰক্ষা কথা কয় কোন মুখে ৷ অসম থাকিলেহে কাজিৰঙা থাকিব ৷ নিৰ্লজ্জতাৰ চৰম শিখৰত অৱস্থান কৰি পৈশাচিক চৰকাৰখনক তৃতীয় শক্তিয়ে ভুল পথে পৰিচালিত কৰি ব্ৰহ্মপুত্ৰৰে তেজ সোঁত বোৱাবলৈ চেষ্টা কৰিছে ৷ কাজেই শান্তি প্ৰিয় অসমীয়া শংকৰ-আজনৰ দেশত ক্ৰিয়া কৰা অপশক্তিক চিনাক্ত কৰি কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰক নহ'লে অসমত অসমীয়াৰ অস্তিত্ব ভয়াবহ হ'ব ৷
আফজালুৰ ৰহমান : বাহঃ rss পৰিচালিত সাম্প্ৰদায়ীক চৰকাৰ বাহঃ মুখ্য সাম্প্ৰদায়ীক সন্ত্ৰাসবাদী তথা অসমৰ মুখ্যমন্ত্ৰীয়ে যি উচ্ছেদ অভিযানৰ নামত শতাধীক নিৰিহ সংখ্যালঘু সকলক গৃহহীন কৰিলে তেওলোকৰ জীৱনক লৈ হেতালি খেলি আছে তেজেৰে ফাকু খেলি আছে তাৰ কু অভিসন্দি বুজিবলৈ কাৰো বাকী নাই। সন্ত্ৰাস তুল্য মুখ্যমন্ত্ৰী সাম্প্ৰদায়ীক বিভাগৰ head of the department তাৰ মুখা খোল খাই গল। অসম খন আধুনিক হিটলাৰ জনৰ পৈতৃক সম্পত্তি নহয় এই খন অসমত আপোনাৰ যিমান অধিকাৰ আছে আমাৰ সংখ্যালঘু এজন ঠেলাৱলা এজন ৰিক্সাৱালাৰ সিমান অধিকাৰ আছে আপোনাৰ এই নিৰ্লজতা বন্দ কৰক নহলে আমি সংখ্যালঘু ৰাইজ হাত হাৱটি বহি নাথাকো।
ছফিক হাছান : কাজিৰঙাৰ পৰা অবৈধ মানুহক উচ্ছেদ কৰিছে ভাল কথা। দুজন মানুহৰ মৃত্যু হৈছে তাৰ সমবেদনা জনোৱা মানুহৰ অভাৱ অনুভৱ হল। কাজিৰঙাত অবৈধ ভাৱে বসবাস কৰি আছিল কাৰণেই বাংলাদেশী নেকি? আজি কিছুমান মানুহৰ ফেচবুকত দিয়া ষ্টেটাচ, কমেন্ট চাই ভাব হল ভাৰতবৰ্ষত ইয়াৰ আগত কাহানিও ইমান মহান মহান দেশভক্তৰ জন্ম হোৱা নাছিল। স্বদেশ প্ৰেমৰ জুই ইমানেই জ্বলিছে যে মুছলমান মানেই বাংলাদেশী কবলৈ কুন্ঠাবোধ কৰা নাই। নিজৰ কাম ধান্দা বাদ দি অসমক বাংলাদেশীৰ পৰা উদ্ধাৰ কৰিবলৈ উঠি পৰি লাগিছে। আজিযেন শৰাইঘাটৰ যুদ্ধ হে হল।
আব্দুল মালেক আহমেদ : চৰকাৰে মাথো হাই কোৰ্টৰ দোহাই দি কাজিৰঙাৰ পট্টাধাৰী লোকসকলক উচ্ছেদ কৰিলে । কিন্ত একে হাইকোৰ্টে দিয়া বন্ধ বিৰোধী ৰায় টোৰ ক্ষেত্ৰত কিয় কোনো ব্যৱস্থা গ্ৰহন নকৰে ? নে চৰকাৰে সেইটো ক্ষেত্ৰত হাই কোৰ্টৰ ইচ্ছা মানিলে মানিব নহলে নাই । কিয় এনে হব একেটা চৰকাৰৰ দুমুখীয়া নিতী ? হাই কোৰ্টৰ এটা ৰায় মানিব আৰু আনটো নামানে । অসম বন্ধই প্ৰতিদিনে কিমান ক্ষতি কৰি আছে অসমৰ । এই ক্ষেত্ৰত হিমন্তৰ জাতী-মাটী-ভেটী কত লুকুৱায় ?
ছাকিল আহমেদ : চৰকাৰৰ দৃষ্টিত আৰু আইনমতে সচাকৈয়ে যদি কাজিৰঙাত উচ্ছেদ কৰা সকল অবৈধ নাগৰিক তেন্তে যোৱাকালিৰ ঘটনাত মৃত্যু হোৱা দুজনকৈ অবৈধ বেদখলকাৰীৰ মৃত্যুত ৫ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কি যুক্তি থাকিব পাৰে ? চৰকাৰে যদি মানৱীয় দৃষ্টিভংগীত বাংলাদেশৰ পৰা হিন্দু বাংলাদেশীক আনি এইখন দেশৰ নাগৰিকত্ত্ব প্ৰদান কৰিব পাৰে তেন্তে স্বাধীনতাৰ আগৰে পৰা এইখন দেশতে বসবাস কৰা মুছলমান সকল কি মানুহ নহয় নেকি ?
বিশ্ববন্ধ দেৱান : উচ্ছেদ কৰক কিন্তু মানুহ মাৰিলে কিয়?? উচ্ছেদ কৰাৰ আগতে উচ্ছেদ কৰিবলগীয়া ৰাইজৰ উপযুক্ত ক্ষতিপূৰণ আৰু ঘৰ-বাৰী বনোৱাৰ ব্যৱস্থা কৰিলৈহে উচ্ছেদ চলাব লাগিছিল..নহ’লে তেওঁলোক ক’ত থাকিব¸ক’লৈ যাব..?অঘৰী আৰু ভূমিহীন লোকক থকাৰ ব্যৱস্থা কৰি দিয়াইহে চৰকাৰ কাম¸পৱিত্ৰ কৰ্তব্য..মন্ত্ৰী পাটোৱাৰীৰ মুখৰ পৰা শুনিলো ভূমিহীন লোকসকলে য’ৰ পৰা আহিছিল তালৈ যাব..মানুহখিনিতো অসমীয়া আৰু ভাৰতৰ নাগৰিকেই হয়..অন্য দেশৰ বা সন্দেহযুক্ত নাগৰিক হ’লেওতো এনেকৈ মানুহ মৰাৰ অধিকাৰ কাৰো নাই। তাৰ কাৰণে ব্যৱস্থা আছে.৷ এটা গড়ঁৰ চোৰাংচিকাৰী মাৰিব নোৱৰা চৰকাৰে¸পুলিচে এইবাৰ আকৌ ২গৰাকীকৈ নিৰীহ মানুহ মাৰিলে.৷ মানুহতকৈ গড়ঁৰহে যেন মূল্য বেছি৷ আৰু ইফালে বাংলাদেশ আৰু পাকিস্তানৰ পৰা আনিব খোজা হিন্দুসকলক ক’ত ঘৰ-বাৰী বনাই দিব?.
No comments:
Post a Comment