
সাপ্তাহিক মুজাহিদৰ সহযোগত সংবাদ প্ৰহৰী, ২১ ছেপ্টেম্বৰ, ২০১৬ :
কাজিৰঙাত উচ্ছেদৰ নামত নিৰীহ লোকক গুলীয়াই হত্যা কৰা ঘটনাৰ প্ৰতিবাদ ৰাজ্যৰ বুদ্ধিজীৱীৰ I এই ঘটনাত উদ্বেগ প্ৰকাশ কৰা বিবৃতিটোৰ পূৰ্ণ পাঠ এনেধৰণৰ :
কাজিৰঙাৰ সমীপৱৰ্তী পালখোৱা, দেওচুৰচাং আৰু বান্দৰডুবি গাঁৱত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰে ৫খন জেচিবি, ১০টা হাতী আৰু শতাধিক আৰক্ষী লৈ বেদখল উচ্ছেদৰ নামত যি যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিলে তাৰ পৰিণামত সেইবোৰ গাঁৱৰ নিগাজি বাসিন্দাসকল সৰ্বস্বান্ত হোৱাৰ উপৰি এক মহিলাকে ধৰি দুজন দুৰ্ভগীয়াই প্ৰাণ হেৰুৱালে৷ এই চৰকাৰী ব্যৱস্থাৰ ৰূপ দেখি আমি মৰ্মাহত হোৱাৰ উপৰি হতবাক হৈছো৷
চৰকাৰী মাটি বেদখলৰপৰা মুক্ত কৰা বা বনভূমিক বেদখলকাৰীৰপৰা উদ্ধাৰ কৰা সম্পৰ্কে সাধাৰণভাৱে আইন অনুযায়ী সকলো কথা হোৱা আমি সমৰ্থন কৰো৷ কিন্তু কেতিয়াবা প্ৰশাসনেও আইন ৰক্ষাৰ নামত মইমতালি চলোৱা এক পৰিচিত ঘটনা৷ তদুপৰি প্ৰচলিত আইনে কিছুমান অতি গুৰুত্বপূৰ্ণ বিষয়ো ঢুকি নাপাব পাৰে৷ বিশ্বস্ত সূত্ৰে জনা গৈছে যে এজন চৰকাৰী বিষয়াই দিয়া ভুল সাক্ষ্যৰ আধাৰতে উচ্চ ন্যায়ালয়ে দিয়া ৰায় কাৰ্যকৰী কৰিবলৈ চৰকাৰে অহেতুক তৎপৰতা দেখুৱাইছে৷ মানুহখিনিয়ে কাজিৰঙা বনাঞ্চল বেদখল কৰা নাই, ১৯৯৬ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম সংযোজনৰ ফলত মাটি-ভেটি হেৰুওৱা মানুহখিনিক তৎকালীন দ্বিতীয় অগপ চৰকাৰে নতুন ঠাইত সংস্থাপন দিছিল চৰকাৰীভাৱে৷ কিছুসংখ্যকৰ ম্যাদী পট্টাও আছিল৷ তেওঁলোকক এনেদৰে ঘৰ-দুৱাৰ ভাঙি উচ্ছেদ কৰাটো ঘোৰ অন্যায় আৰু চূড়ান্তভৱে অমানৱীয় হৈছে৷ গুলীচালনাত দুজনৰ মৃত্যু হোৱাটোৱেই সূচায় যে পাশৱিক বল প্ৰয়োগৰ বাবে চৰকাৰপক্ষ সাজু আছিল৷ তাত ‘বাংলাদেশী’ নাই বুলি তাৰ থলুৱা মানুহেই স্পষ্টকৈ কৈছে৷
এজন মন্ত্ৰীয়ে কৈছে উচ্ছেদ হোৱা মানুহখিনি য’লৈ যায় যাওক, সেইটো চৰকাৰৰ দায়িত্ব নহয়৷ এখন ৰাজ্যৰ স্থায়ী বাসিন্দাৰ প্ৰতি যি চৰকাৰে দায়িত্ববোধ নকৰে সেই চৰকাৰৰ এদিনো ক্ষমতাত থকাৰ অধিকাৰ আছেনে? বান-খহনীয়া, চৰকাৰী উচ্ছেদত মাটি-ভেটি হেৰুওৱা মানুহখিনিক সংস্থাপন কৰা ৰাজ্য চৰকাৰৰ প্ৰাথমিক দায়িত্ব৷
উল্লেখ কৰা ভাল যে ক্ষতিপূৰণ পালে আৰু পুনঃসংস্থাপনৰ সুবিধা পালে স্বেচ্ছাই মাটি এৰি দিব বুলি উচ্ছেদ হোৱা মানুহখিনিয়ে সন্মতি প্ৰকাশ কৰিছিল৷ সেইটো এক নিতান্ত ন্যায়সংগত, মানৱীয় চৰ্ত৷ সেই কামত দুদিন পলম হ’লে কাজিৰঙাৰ নতুন একো ক্ষতি নহ’লহেঁতেন৷ তাকে নকৰি বল প্ৰদৰ্শনৰ এক উদ্বেগজনক সিদ্ধান্ত ৰাজ্য চৰকাৰে লৈছে৷ ই ভৱিষ্যতৰ বাবে অশুভ সংকেত বহন কৰিছে৷
প্ৰচাৰ কৰা হৈছে যে অখিল গগৈৰ উচটনিত প্ৰতিৰোধ কৰিবলৈ যোৱা বাবে দুজন লোক নিহত হৈছে৷ কিন্তু বিগত চৰকাৰৰ দিনৰপৰাই গাঁওকেইখনত উচ্ছেদ কাৰ্যৰ বিৰোধিতা চলি আছে৷ অন্যায়ৰ বিৰুদ্ধে, জীৱন-জীৱিকা ৰক্ষাৰ সপক্ষে সংগ্ৰাম কৰা নাগৰিক মাত্ৰৰে অধিকাৰ আৰু কৰ্তব্য৷
আমি ঘটনাৰ নিৰপেক্ষ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰো আৰু ক্ষতিগ্ৰস্ত সকলোকে যথাযোগ্য ক্ষতিপূৰণ দিবলৈ চৰকাৰক সকীয়াই দিছো৷
ইতি,
হীৰেন গোহাঁই,
শৈলেন বৰকটকী,
দীনেশ বৈশ্য,
ইন্দিবৰ দেউৰী,
উদয়াদিত্য ভৰালী,
সিদ্ধাৰ্থ লাহিড়ী
No comments:
Post a Comment