সংবাদ প্ৰহৰী, বৰপেটাৰোড, ২১ চেপ্টেম্বৰ, ২০১৬ : কাজিৰঙাত উচ্ছেদৰ নামত অমানৱীয় আৰু বৰ্বৰ ভাবে দুজনকৈ লোকক গুলিয়াই হত্যা কৰাৰ লগতে ক্ষতিপূৰণ নিদিয়াকৈ কৰা উচ্ছেদৰ বিৰােধিতাৰ লগতে বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ সাম্প্রদায়িক সিদ্ধান্তৰ তীব্র বিৰােধিতা কৰিছে পপুলাৰ ফ্রন্ট অৱ ইণ্ডিয়া নামৰ সংগঠনটােৱে। সংগঠনটােৰ বৰপেটা আৰু বাক্সা জিলা সমিতিয়ে উত্তৰ বৰপেটাৰোডৰ পাইকাৰী পাচলি বজাৰত আজি আবেলি পাঁচ বজাত ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোনােৱাল, বিত্তমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু বনমন্ত্রী প্রমিলাৰাণী ব্ৰহ্মৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ঘূণাৰ ৰাজনীতি বন্ধ কৰক, অসম চৰকাৰ হায় হায়, সংখ্যালঘু হত্যা কাৰ্যসূচীটােৰ জৰিয়তে অসম চৰকাৰে আৰ এছ এছৰ শ্ৰাতলিপি অনুসৰি শংকৰ-আজানৰ মিলনভূমিক অশান্ত কৰাৰ কুটিল ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰে। প্রতিবাদী কাৰ্যসূচীত সংগঠনটােৰ বাক্সা জিলা সমিতিৰ সভাপতি জাকিৰ হুছেইনে উপস্থিত থাকি কয় যে, আমি মহামান্য আদালতৰ ৰায়ক সন্মান জনাও, কিন্তু অসম চৰকাৰে এই ৰায়ৰ গইনালৈ যি দুগৰাকী প্রতিবাদকাৰীক হত্যা কৰিলে সেয়া কোনো পদ্ধেই গ্রহণযোগ্য নহয়। তেওঁ লগতে কয় যে উক্ত উচ্ছেদৰ সময়ত প্রতিবাদকাৰীতকৈ চাৰিগুণ বেছি নিৰাপত্তাৰক্ষী থকাৰ পিছতো গুলিৰে সম্পূর্ণ ইচ্ছাকৃত ভাবে দুজনলোকক হত্যা কৰা হ’ল, যাৰ বাবে সর্বানন্দ সোনোৱাল দায়ি। সংগঠনটােৱে লগতে দাবী কৰে যে বিজেপিয়ে পৰিৱৰ্ত্তনৰ নামত অসমত সাম্প্রদায়িক ৰাজনীতিৰ বাহিৰে কোনো ধৰণৰ উন্নয়ন কৰিবলৈ সক্ষম হােৱা নাই। উক্ত প্রতিবাদী কাৰ্যসূচীত সংগঠনটােৰ বৰপেটা জিলা সমিতিৰ সম্পাদক আজিজুল হকৰ লগতে প্রায় শতাধিক কমীসমর্থকে অংশ গ্রহণ কৰি অসম চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়ে।
Responsive Ads Here
Wednesday, September 21, 2016

Home
আঞ্চলিক
কাজিৰঙাৰ উচ্ছেদৰ প্ৰতিবাদ পপুলাৰ ফ্ৰন্টৰ : বৰপেটাৰােডত মুখ্যমন্ত্রী, বিত্তমন্ত্রী, বনমন্ত্রীৰ পুত্তলিকা দাহ
কাজিৰঙাৰ উচ্ছেদৰ প্ৰতিবাদ পপুলাৰ ফ্ৰন্টৰ : বৰপেটাৰােডত মুখ্যমন্ত্রী, বিত্তমন্ত্রী, বনমন্ত্রীৰ পুত্তলিকা দাহ
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment