সংবাদ প্ৰহৰী, ২২ ছেপ্টেম্বৰ, ২০১৬ : সততে বিতর্কৰে বাতৰিৰ শিৰােনাম দখল কৰা প্রাক্তন বিধায়ক ৰভুল হক (বাহাদুৰ)ৰ ছচিয়েল মিডিয়া ফেচবুকৰ প্ৰ’ফাইলত নিজৰ ফটােৰ সলনি মাৰণাস্ত্ৰৰ ফটাে লগোৱাকাণ্ডই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। প্রাক্তন বিধায়ক গৰাকীয়ে ব্যৱহাৰ কৰা এই ফেচবুক একাউণ্টত ওৱালপেপাৰত নিজৰ ফটাে ব্যৱহাৰ কৰাৰ বিপৰীতে প্ৰফাইলত হাতেৰে ধৰি থকা পিস্তলৰ ফটাে ব্যৱহাৰ কৰিছে। একেটা ফেচবুক একাউণ্টতে আছুৰ আন্দােলনৰ কথা মনত পেলাইদি মুছলমানসকলৰ নিৰাপত্তাৰ বাবে মুছলিম স্বায়ত্ব শাসিত পৰিষদৰ প্রয়োজন আছে নে নাই বুলিও এক প্রশ্ন উত্থাপন কৰি অনুৰাগী তথা ফেচবুক বন্ধুসকলৰ পৰা মন্তব্য বিচৰা পৰিলক্ষিত হৈছে। ফলত প্রশ্ন হয় নিজৰ ফেচবুক একাউণ্টৰ প্ৰ’ফাইলত এনে মাৰণাস্ত্ৰৰ ফটাে ব্যৱহাৰ কৰাৰ প্ৰকৃত উদ্দেশ্য কি ? ফটাে কথা কোৱাৰ দৰে তেওঁ নিজকে এগৰাকী মাৰণাস্ত্ৰ বুলি জাহিৰ কৰিব বিচৰা নাইতো? নে সততে বিতৰ্কৰ মজিয়ালৈ আহিব বিচৰা বিধায়কগৰাকীয়ে নিজৰ ফেচবুক প্ৰফাইলত এনেদৰে মাৰণাস্ত্ৰৰ ফটাে ব্যৱহাৰ কৰি পুনৰ বিতৰ্কৰ জৰিয়তে প্ৰচাৰলৈ আহিব বিচাৰিছে ? এইসন্দৰ্ভত অৱশ্যে প্রাক্তন বিধায়ক ৰভুল হক বাহাদুৰে আগবঢ়োৱা মন্তব্যৰ ওপৰতহে স্পষ্ট হ’ব।
No comments:
Post a Comment