
কাজিৰঙাৰ উচ্ছেদঃ
১। ওপৰৰ তথ্যসমূহৰ পৰা এটা কথা স্পষ্ট হয় যে মানুহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটি দখল কৰা নাই, ওলোটাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেহে ৰাইজৰ মাটি দখল কৰিছে,, এই কথা ৰাইজৰ ওচৰত থকা মাটিৰ পট্টাখনে প্ৰমাণ কৰিছে |
৩। এতিয়া উচ্ছেদ কৰিব বিচৰা গাওঁসমূহৰ বেছিভাগ মানুহক ১৯৯৬ চনত কাজিৰঙাৰ প্ৰথম সংযোজনৰ সময়ত প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ দিনতে সেই ঠাই সমূহত সংস্থাপন দিছিল।
৪। কাজিৰঙাত মুচলমান মানুহক উচ্ছেদ কৰি বিজেপিয়ে উগ্ৰ হিন্দুত্ববাদী (RSS)ক সন্তুষ্ট কৰাৰ চেষ্টা কৰিছে, কিন্তু সেই কথাটো অসমৰ মানুহক ‘বিজেপিয়ে কাজিৰঙা বেদখল মুক্ত কৰিবলৈ অবৈধ বাংলাদেশী নাগৰিকক উচ্ছেদ কৰা হৈছে’ বুলি প্ৰচাৰ কৰি বাহ বাহ লোৱাৰ চেষ্টা কৰিছে | কিন্তু আমি জনা দৰকাৰ যে, সেই মানুহখিনিক কাজিৰঙাৰ পৰাহে উচ্ছেদ কৰিছে, অসমৰ পৰা নহয়। যদিহে সেইসকল সঁচাই অবৈধ বাংলাদেশী তেনেহলে একেবাৰে অসমৰ পৰা বিতাৰণ কৰা নাই কিয়?
কাজিৰঙাত উচ্ছেদৰ সম্পৰ্কে কৃষক মুক্তিৰ স্থিতিঃ
কাজিৰঙাৰ বৃহত্তৰ স্বাৰ্থত কাজিৰঙাৰ এই পৰিয়ালসমূহে মাটি এৰি দিবলৈ সাজু, কিন্তু উচ্ছেদিত অসমৰ সকলো বৈধ নাগৰিকক উচ্ছেদৰ পূৰ্বে উপযুক্ত ক্ষতিপূৰণ আৰু সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। এই দাবীটো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দিয়াৰ পিছত চৰকাৰে কলে যে ‘উচ্ছেদৰ ৪৫ দিনৰ ভিতৰত ক্ষতিপূৰণ দিব, যিসকলৰ ম্যাদি পট্টা আছে সেইসকলক Land Acquisition, Rehabilitation and Resettlement Act, 2013 অনুসৰি ক্ষতিপূৰণ দিব আৰু যিসকলৰ ম্যাদি পট্টা নাই সেইসকলক কেৱল ঘৰটোৰ মূল্য দিয়া হ’ব।’
এতিয়া প্ৰশ্ন হয়--
ক) উচ্ছেদৰ পিছত চৰকাৰে ক্ষতিপূৰণ নিদিয়ালৈকে এই ৪৫ দিন উচ্ছেদিত ৰাইজ কত থাকিব?
খ) উচ্ছেদ কৰাৰ পিছত ক্ষতিপূৰণ আৰু সংস্থাপন দিবনে?
গ) আমি যিখন গাওঁত বসবাস কৰো সেইখন গাঁও ১৯৫১ চনতে স্থাপিত হোৱা, আমাৰ ককাদেউতা সকল তেতিয়াৰে পৰা এই গাঁৱত বাস কৰি আছে, কিন্তু আজিলৈকে গাঁৱৰ এটা পৰিয়ালৰো মাটিৰ পট্টা নাই। গতিকে অসমত আমাৰ দৰে বন গাঁওত বাস কৰা বহুতো পৰিয়ালৰ মাটিৰ পট্টা নাই। এতিয়া কথা হ'ল মাটিৰ পট্টা নথকাৰ বাবে উচ্ছেদিত সকলৰ মাজত ভাগ ভাগ কৰি ক্ষতিপূৰণ দিয়াটো গ্ৰহণযোগ্য কথা হয়নে?
(বি.দ্ৰ. - এই লেখাৰ দ্বাৰা যিসকল ব্যক্তিৰ মাটিৰ পট্টা নাই তেওঁলোকে অতি সোনকালে নিজৰ নামত পট্টাখন লোৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনালো।)
No comments:
Post a Comment