মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ সবনম চৌধুৰীৰ মুকলি চিঠি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 22, 2016

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ সবনম চৌধুৰীৰ মুকলি চিঠি



মাননীয় মুখ্যমন্ত্ৰী  মহোদয়,
মহাশয়, এটা সিংহৰ নেতৃত্বত থকা এশটা গাধয়ো কৰ্মক্ষেত্ৰত সিংহৰ দৰে ব্যৱহাৰ কৰে ৷ তেনে এক আশা পুহি একলম লিখিবলৈ লৈছো ৷ চাৰ্চিলে কৈছে -" সঠিক দিশত হোৱা পৰিৱৰ্তনে কোনো ক্ষতি নকৰে ৷" 2005 চনত IMDT আইন বাতিল কৰি জাতীয় নায়ক উপাধি লাভ কৰি লাখ লাখ জনতাৰ অন্তৰত স্থান পোৱা আৰু 2016 চনৰ বিধান সভা নিৰ্বাচনত ঐতিহাসিক বিজয় সাব্যস্ত কৰি জনতাৰ নয়নৰ মণি হ'ল আপুনি ৷ হেনৰী ফ'ৰ্ডে কৈছে -" যিসকলে আনৰ উন্নতিত সহায় কৰে তেওঁলোক প্ৰকৃত আদৰ্শবাদী" ৷ এতিয়া আপুনি অসমৰ তিনি কোটি জনতাৰ অবিভাৱক ৷ তিনি কোটি জনতাৰ মাজৰ পৰা প্ৰায় এক কোটি জনতা বৰ অসহায় , জীৱনটো যেন এটা দৈত্য ,এটা যুদ্ধ ক্ষেত্ৰ ৷ সকলোৱে তেওঁলোকক বন্ধকত থৈ ৰাজনৈতিক মুনাফা আদায় কৰে ৷ নিৰীহ সকলৰ ভোট কেইটাক নীলা শিয়াল বোৰে পৈতৃক সম্পত্তি হিচাপে ব্যৱহাৰ কৰে ৷ বাটে-ঘাটে লেইলেই ছেইছেই কৰে সকলোৱে , কোনোবাই আকৌ ধৰি বান্ধি লপাথপা দি "বাংলাদেশী" খিতাপ দি থানা লৈ প্ৰেৰণ কৰে ৷ নিউজ চেনেল কেইটাই তাকে লৈ চাহৰ কাপত ভূঁইকঁপ সৃষ্টি কৰি বাতৰি পৰিবেশন কৰে ৷ পেটৰ তাড়নাত যেতিয়া গাড়ী ভাড়া ধাৰ কৰি বুকুত এবোজা বিষাদ লৈ পুত্ৰ-পৰিবাৰ ও স্নেহৰ গাওঁখন এৰি কাম বিচাৰি যায় সেই সকল হ'ল - ৰাজ মিস্ত্ৰী, কাঠ মিস্ত্ৰী,ঠেলাৱালা,ৰিস্কাৱালা,দৰ্জী ,কণী বেপাৰী,চবজী বেপাৰী,মেতৰ,কুলি আদি ৷ এওঁলোকে কপালৰ গাম মাটিত মিহলি কৰি উৎপাদন কৰে -ধান ,মৰাপাট,সৰিয়হ,তিল,মাহ,বিভিন্ন ধৰণৰ শাক-পাচলি ,ফল - মুল , মাছ,হাঁহ,কুকুৰা ৷ এই অবিভাৱকহীন লোকে নাজানে শিক্ষা-স্বাস্থ্য ,নেট,টিভি,বাতৰি বা নিজৰ অধিকাৰৰ কথা ৷ যৌৱন পোৱাৰ প্ৰাক্ ক্ষণত কণ্যা সন্তানৰ বিয়া , বহু বিবাহ, লগতে মহিলা সকলক ব্যৱহাৰ কৰে সন্তান উৎপাদন কৰা ফেক্টৰী হিচাপে ৷ পৰ্দাৰ নামত বুৰ্খা পিন্ধি যাতায়ত কৰে ৷ নাই ধৰ্মীয় শিক্ষা নাই স্কুলীয়া শিক্ষা ,আছে মাথো গোৰামি ৷ বেমাৰত বেজ - কবিৰাজৰ জৰা ফুঁকাৰ আশ্ৰয় লয় ( ভূত - পিশাচৰ কু - দৃষ্টি বুলি ভাৱি ) ৷ 

শত বছৰ ধৰি এওঁলোকে পূৰ্ব পুৰুষৰ ভাষা সংস্কৃতি ত্যাগ কৰি অসমীয়া সমাজৰ সৈতে মিহলি হ'বলৈ অহৰহ চেষ্টা কৰিছে ৷ 53তম অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত মাননীয় মহেন্দ্ৰ বৰাদেৱে কৈছিল -" বিভিন্ন প্ৰজাতিৰ মানুহৰ দ্বাৰা পিয়াজটোৰ দৰে সৃষ্টি হোৱা অসমীয়া জাতিটো ৷ পিয়াজৰ ওপৰৰ চামনিটো যেনিবা চৰ-চাপৰিত বসবাস কৰা মানুহখিনি ৷ সেইখিনি অসমীয়া জাতিটোৰ পৰা এৰুৱাই পেলালে গোটেই পিয়াজটো ভেঁকুৰে ধৰি পচি যোৱাৰ দৰে জাতিটোৱেই উঁৱলি যাব ৷ কাৰণ ৰাজ্যিক ভিত্তিত তেওঁলোক আটায়ে অসমীয়া ভাষী ৷" এই জাতিৰ উন্নতিৰ বাবে কোনোবাই একলম লেখিলে কিছু অতি অসমীয়াই বৰলে ধৰা দি ধৰে ৷ তাৰ পিছতো নিৰপেক্ষ ভাৱে কলম চলাই গৈছে হোমেন বৰগোহাই ,ড' হীৰেন গোহাই দৰে বহু মনিষীয়ে ৷ এই জাতিৰ সকলো ছাহানুৰ নহয় যদিও কু- দৃষ্টিৰে বহুতে চায় ৷ এই জাতিৰ কিছুমান অৱশ্যে ঠগবাজি চুৰি আদিত পাৰ্গত ৷ কাৰণ "দৰিদ্ৰতাৰ সন্মুখত সকলো আদৰ্শ অৰ্থহীন" - নিৎসে ৷ শ্ৰূদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয় আপুনি যেনেদৰে দুঘন্টা অতি কষ্টৰে নৌকা ভ্ৰমন কৰি মাজুলীৰ অতি দুৰ্গম অঞ্চল লৈ গৈ আৰ্তজনৰ মনৰ কথা শুনে সেইদৰে এবাৰ সময় উলিয়াই সংখ্যালঘু সম্প্ৰদায় বাস কৰা চৰাঞ্চল ভ্ৰমন কৰক আৰু তেওঁলোকৰ জীৱন শৈলী,পূৰ্ব পুৰুষৰ পৰিচয়, বছৰত কিমান বাৰ নদীয়ে চোতাল খহাই লৈ যায় , সকলো বোৰ ভাল দৰে বুজি লৈ আপুনি কওক তেওঁলোক প্ৰকৃততে বাংলাদেশী নে ! ডি এইচ নৰেন্সৰ ভাষাত -" সৃষ্টিৰ আটাইতকৈ সুন্দৰ বস্তু হ'ল ফুল কিন্তু তাৰো জন্ম মাটি আৰু গোবৰত ৷" এওঁলোক মাটিৰ সৈতে মিলি যোৱা লোক ৷ জন বাকৰ মতে -" নিজে অভিযানত অংশ গ্ৰহণ কৰিলেহে সুদক্ষ সেনা পৰিচালনাৰ কৌশল আয়ত্ব কৰিব পৰা যায় ৷" চণ্ডি দাসৰ ভাৱত -" গোলকৰ ওপৰত মানুহৰ বসতি ইয়াৰ ওপৰত নাই, মানুহ পূজিলে তেহে মনুষ্যত্ব পায় ৷" কৃষক নেতা অখিল গগৈয়ে চৰাঞ্চল ভ্ৰমন কৰি মনৰ ভাৱ ব্যক্ত কৰিছে ৷ আপুনি এবাৰ দুৰ্গম অঞ্চল ভ্ৰমন কৰি জাতিটোৰ প্ৰতি সম্যক জ্ঞান লৈ অভয় প্ৰদান কৰি দাৰিদ্ৰতাৰ পৰা মুক্তি দিয়া উচিত ৷ " সকলোকে সমান দেখা পুৰুষজন পণ্ডিত ৷ "- গীতা ৷ " আদৰ্শ মানুহ সেইজন যিজনে অন্যৰ উপকাৰ কৰি আনন্দ পায় আৰু বিনিময়ত কিবা দিলে লাজ পায় ৷"- এৰিষ্টটল ৷
শেষত ক্ষমা প্ৰাৰ্থনাৰে
সবনম চৌধুৰী

No comments:

Post a Comment

SPONSORED