ৰাজ্যৰ শীৰ্ষ আৰক্ষীত ৰদবদল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 22, 2016

ৰাজ্যৰ শীৰ্ষ আৰক্ষীত ৰদবদল

সংবাদ প্ৰহৰী, ২২ ছেপ্টেম্বৰ, ২০১৬ : ৰাজ্যৰ গৃহ বিভাগে ৰাজ্যখনৰ শীৰ্ষ আৰক্ষীত ৰদবদল কৰে৷ গৃহ  বিভাগৰ সূত্ৰত জানিব পৰা মতে কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক শ্যামল প্ৰসাদ শইকীয়াক বিআইইঅ’ লৈ বদলি কৰা হৈছে৷ দক্ষিণ শালমাৰাৰ আৰক্ষী অধীক্ষক হৰেকৃষ্ণ নাথক বদলি কৰি গুৱাহাটী অপাৰেচন ডিছিপিৰ দায়িত্ব দিয়া হৈছে৷ মাজুলীৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাক দক্ষিণ শালমাৰালৈ বদলি কৰা হৈছে৷ গুৱাহাটীৰ ডিছিপি ৰাজেন সিঙক বদলি কৰি কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে৷ শদিয়াৰ আৰক্ষী অধীক্ষক এন ভি চন্দ্ৰকান্তক মাজুলীলৈ বদলি কৰাৰ লগতে বিআইইঅ’ৰ অধীক্ষক প্ৰশান্ত সাগৰ চাংমাইক বদলি কৰি শদিয়াৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে৷

No comments:

Post a Comment

SPONSORED