প্রতিবেদন : ১
আবুল হুছেইন, জনীয়া, ২৩ ছেপ্টেম্বৰ, ২০১৬ : নামনি অসমৰ ৰােগী সকলৰ বাবে এক নিৰ্ভৰযোগ্য অনুষ্ঠান হিচাপে পৰিগণিত বৰপেটাৰ যতিগাওঁ স্থিত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত সম্প্রতি চলি আছে ল’ৰা ৰজাৰ শাসন। অনুষ্ঠানটােৰ চাৰিও ফালে কেৱল দুনীতিৰ অভিযোগ। বিগত প্রায় এবছৰ ধৰি অধ্যক্ষৰ প্রশাসনিক দুর্বলতাৰ সুযোগ লৈ চিকিৎসা মহাবিদ্যালয় খনৰ চাৰিওফালে চলিব ধৰিছে মাথো অনিয়ম আৰু লুণ্ঠনৰ অভিযোগ। স্থায়ী অধীক্ষকৰ অনুপস্থিতিত বর্তমান চিকিৎসালয় খনত ধন নহলে একো সুবিধাকে নোপোয়া হৈছে সর্বসাধাৰণ দুখীয়া ৰােগীসকলে। বিশেষকৈ প্ৰসুতি, ছাৰ্জাৰী, অর্থপেডিক্স আদি বিভাগত ধন নহলে কোনো অস্ত্রোপছাৰকে ধৰি সঠিক সেৱা প্রদান নকৰে চিকিৎসক সকলে। উল্লেখ্য যে, এচাম দালাল, ফার্মাচী আৰু ব্যক্তিগত লেৱৰটৰীৰ জৰিয়তে কিছুমান বিশেষ চিকিৎসকে চিকিৎসাৰ নামত ধন সংগ্ৰহ কৰাটাে নিয়মত পৰিণত হৈ পৰিছে চিকিৎসালয় খনত। অন্যহে নালাগে চৰকাৰী কোনো অধিসূচনা নোহােৱাকৈ নাম পঞ্জীয়ন কৰাৰ ক্ষেত্ৰটাে সম্প্রতি ৰােগীসকলৰ পৰা পাঁচ টকাৰ ঠাইত জোৰ-জুলুমকৈ আদায় লয়। দহ টকাকৈ চিকিৎসালয়ৰ কর্তৃপক্ষই। তাৰােপৰি পঞ্জীয়ন কৰিবলৈ গৈ দীঘলীয়া শাৰীৰ ৰােগীসকলৰ বাবে বহাৰ কোনো আসন নথকাৰ উপৰিও বহুটাে ৰােগী চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ বিপদ গ্রস্থ হৈ পৰা পৰিলক্ষিত হয়। নিতীে প্রায় এক সহস্রাধিক ৰােগীৰ বাবে মাত্ৰ দুটা কাউন্টাৰতহে এতিয়া নাম পঞ্জীয়ন কৰা হয়। এক ৰহস্য জনক কাৰণত বহুকেইটা কাউন্টাৰ সম্প্রতি বন্ধ দিয়া হৈছে। আনকি কর্মচাৰী সকলৰ অনিয়মীয়া উপস্থিতি, ৰােগীসকলৰ লগত কৰা খেংখেঙীয়া ব্যৱহাৰ আৰু চৰম অৱহেলাই চিকিৎসালয় খনৰ মানদণ্ড অতি নিম্নগামী হৈ পৰিছে। মহাবিদ্যালয়ৰ কর্মচাৰীসকলৰ অধিকাংশই মাহেকত মাত্র দুদিন মানহে উপস্থিত থকাৰ বাতৰি পোৱা গৈছে। এই ক্ষেত্ৰত অনুষ্ঠান কর্তৃপক্ষৰ উদাসীনতাই সর্বসাধাৰণ ৰােগীসকলক বাৰুকৈয়ে চিন্তিত কৰি তুলিছে। চালিত মাহতে এম বি বি এছৰ নাম ভর্তিৰ সময়ত দুটা শিতানত কোনো ৰচিদ নোহােৱাকৈ কর্মচাৰী সকলে মোটা অংকৰ ধন আদায় কৰাৰ এক গুৰুতৰ অভিযোগ পোৱা গৈছে। তাৰে এটা শিতানত নতুন ছাত্ৰ সকলে নাম ভর্তিৰ সময়ত জমা দিব লগীয়া একোখন শপতনামাৰ নামত কর্মচাৰী সকলে আদয় লয় ৭৫০ টকাকৈ। অথচ এই শপতনামা মাত্র ১০০ টকাতেই প্রস্তুত কৰিব পাৰি। বহু অভিভাৱকে নিজাকৈ শপতনামা বনাম বুলি কয় যদিও কর্মচাৰী সকলে বেলেগৰ পৰা অনা শপতনামা গ্রহণযোগ্য নহব বুলি পতিয়ন নিয়াই। এতিয়া ৬০০ টকাকৈ এশজনৰ পৰা সংগৃহীত মুঠ ৬০,০০০ টকা অনুষ্ঠানৰ কোনটাে শিতানত যায় বুলি এক কোটি টকীয়া প্রশ্ন বহু অভিভাৱকে তোলা দেখা গৈছে। নাম ভর্তিৰ প্রক্রিয়া অধ্যক্ষৰ প্রত্যক্ষ পৰিচালনাত হয় যদিও তেওঁ এই ক্ষেত্ৰত নিমাত কিয় ? নে ইয়াত তেওঁৰো পৰোক্ষ সমর্থন আছে ? আনহাতে ৫০ টকীয়া একোখন পৰিচয় পত্ৰৰ বাবেও ছাত্ৰ সকলে ২৫০ টকা আদায় দিব লগা হয়। এতিয়া ২০০ টকাকৈ এশজনৰ পৰা সংগৃহীত ধনৰ পৰিমান ২০,০০০ টকা কাৰ পকেটত সোমাল ? নে এয়া অসম চৰকাৰৰ পৰিবৰ্তনৰ নমুনা ? এই বােৰ প্ৰশ্নবােৰৰ উত্তৰ অসমৰ স্বাস্থ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিব নে ? আনহাতে অধ্যক্ষৰ কাৰ্যালয়ৰ আৰু কিছু দুনীতি পোহৰলৈ আহিছে। এই দুনীতি সম্পর্কে পৰৱতী প্রতিবেদনত প্রকাশ কৰা হ’ব। কেইমাহমান পুর্বে প্রায় ৯০ গৰাকী নাৰ্চৰ জাইনিংৰ সময়ত ২০ টকীয়া একোখন পৰিচয় পত্ৰৰ নামত তেওঁলোকৰ পৰা অধ্যক্ষৰ কাযালয়ৰ দুজন কর্মচাৰীয়ে ৩০০ টকাকৈ আদায় লয়। অতি আশ্বৰ্য্যজনক ভাবে প্রানকার্ড বনোৱা আৰু দৰমহা মুকলিৰ বাবেও তেওঁলোকৰ পৰা দুজনমান কর্মচাৰীয়ে শকত অংকৰ ধন আদায় কৰে। চলিত মাহতে অনুষ্ঠানটােৰ পৰিদৰ্শনৰ বাবে অসম বিধান সভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে আহােতেও বহু ৰাইজে অনুষ্ঠানটােত চলি থকা দুনীতিৰ সম্পর্কে তেওঁক অৱগত কৰে যদিও এতিয়ালৈকে অধ্যক্ষ গৰাকীয়ে কোনো ব্যৱস্থা গ্রহণ কৰা নাই। এই ক্ষেত্ৰত বৰপেটা জিলাৰ উপায়ুক্ত তথা অনুষ্ঠানটােৰ নৱগঠিত গবৰ্ণিঙ বডিৰ সভাপতি তথা বৰপেটা সদৰৰ বিধায়ক গুণিন্দ্ৰ নাথ দাসৰ প্রত্যক্ষ হস্তক্ষেপ স্থানীয় ৰাইজে কামনা কৰিছে।
![]() |
দূপৰীয়া ২ বজালৈ খোলা থকা বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত দিনৰ ১-৩০ বজাতো ৰোগীৰ দীঘলীয়া শাৰী |
ASSAM IS FAMOUS FOR TEA
ReplyDelete