আমাৰ শিক্ষানুষ্ঠান : চন্দ্ৰপ্ৰভা শইকীয়ানী বিজ্ঞান একাডেমি, পাঠশালা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 23, 2016

আমাৰ শিক্ষানুষ্ঠান : চন্দ্ৰপ্ৰভা শইকীয়ানী বিজ্ঞান একাডেমি, পাঠশালা

# জাহিৰ ইকবাল খান
চন্দ্ৰপ্ৰভা শইকীয়ানী বজালীৰ গৌৰৱ। ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰাৰ উপৰিও তেওঁৰ নামত ডাক টিকটতো প্রচলন কৰে। অগ্নি কন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী নাৰী শিক্ষাৰ বাটকটীয়া, স্বাধীনতা সংগ্রামী, অসম প্রাদেশিক মহিলা সমিতিৰ জন্মদাতা। তেওঁৰ জন্ম হৈছিল। ১৯০১ ইং চনৰ ১৬ মার্চ বজালীৰ দৈশিঙ্গৰী গাঁওত। মৃত্যু- ১৯৭২ ইং চনৰ ১৬ মার্চ। তেওঁৰ প্ৰতি শ্রদ্ধা নিবেদন কৰি ২০১৩ইং বৰ্ষত বজালীৰ কেন্দ্ৰ পাঠশালাত স্থাপন হয় চন্দ্ৰপ্ৰভা শইকীয়ানী বিজ্ঞান একাডেমি’। ২০১৩ ইং চনৰ অক্টোবৰ মাহত আনন্দৰাম বৰুৱা একাডেমিৰ পদার্থবিজ্ঞানৰ অভিজ্ঞ প্রবক্তা শ্ৰীকিশোৰ কুমাৰ দাস আৰু ৰসায়ন বিভাগৰ প্ৰবক্তা শ্ৰীধৰনীধৰ পাঠকদেৱে নতুন স্কুল পতাৰ পৰিকল্পনাৰে ৰিজাইন দিয়ে আৰু পাঠশালাত ভট্টদেৱ নগৰত ২০১৩ ইং ১২ ডিচেম্বৰত শুভাৰম্ভ হয় এখন নতুন বিদ্যালয় নাম- “চন্দ্ৰপ্ৰভা শইকীয়ানী বিজ্ঞান একাডেমি” (Chandraprabha Saikiani Academy of Science)৷

শিক্ষা পদ্ধতি : পাঠদানৰ বাবে শ্রেণী লোৱা হয় চাৰিটা- নৱম, দশম, একাদশ (বিজ্ঞান শাখা) আৰু দ্বাদশ (বিজ্ঞান শাখা)। এই শ্রেণীবোৰক নতুন শিক্ষা পদ্ধতিত Secondary Section (from class IX to XII) বোলে৷ কেৱল Secondary Section হিচাপে লৈ পতা অসমত বোধহয় এইখনেই একমাত্র শিক্ষা প্রতিষ্ঠান। এই বিদ্যালয়ৰ সকলোবোৰ শিক্ষক M.A. অথবা M.Sc. | দুগৰাকী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষকো আছে৷ তাৰে এগৰাকী B.Sc., B.Ed. আৰু আনগৰাকী B.A. (Hindi Provin)। নৱম-দশম শ্রেণীত বিজ্ঞান আৰু গণিত শিক্ষাদানৰ বাবে প্রায় বাৰ গৰাকী M.Sc. য়ে চন্দ্ৰপ্ৰভা শইকীয়ানী বিজ্ঞান একাডেমিত শিক্ষকতা কৰি আছে। তিনিগৰাকী Mathematicsৰ, তিনিগৰাকী Physicsৰ, তিনিগৰাকী Chemistryৰ আৰু তিনিগৰাকী Biology বিষয়ৰ। এই M.Sc. শিক্ষক কেইগৰাকীয়ে নৱম, দশম শ্ৰেণীৰ উপৰি H.S. 1st Year (science stream) আৰু H.S. 2nd year (science stream)তো পাঠদান কৰে৷ Computer Science Departmentৰ দুগৰাকী M.C.A. শিক্ষকতা কৰি আছে৷ এই Departmentত ইণ্টাৰনেটৰ সুবিধা আৰু কম্পিউটাৰৰ অন্যান্য চাৰ্টিফিকেট কোৰ্চৰ ব্যৱস্থাও উপলব্ধ। ইংৰাজী আৰু অসমীয়া বিষয়ত নৱম, দশম, একাদশ আৰু দ্বাদশ, এই চাৰিওটা শ্রেণীত পাঠদান কৰাৰ বাবে প্ৰতিটাে বিভাগত চাৰি গৰাকীকৈ M.A. শিক্ষক আছে। নৱম, দশম শ্রেণীৰ ঐচ্ছিক বিষয় হিচাপে Adv. Mathematics, Hindi, Sanskrit, Computer Science আছে৷ একাদশ আৰু দ্বাদশ শ্ৰেণীত শিক্ষাদানৰ বাবে কেৱল বিজ্ঞান শাখা (Science Stream) হে বাচি লোৱা হৈছে। সেয়ে নাম “বিজ্ঞান একাডেমি বা Academy of Science'৷ বিদ্যালয়খনত নীতি শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়৷ General classসমূহৰ লগতে Special classৰ ব্যৱস্থাৰে Medical/Engineering entrance exam পৰীক্ষাৰ প্রশ্নোত্তৰ আলোচনা কৰা হয়। অধ্যক্ষ, উপাধ্যক্ষই কাঢ়া অনুশাসনেৰে ছাত্র-ছাত্রীক বিপথে পৰিচালিত নোহােৱাকৈ ৰাখিবলৈ সক্ষম হৈছে।

বর্তমানৰ ছাত্ৰ-ছাত্রীৰ সংখ্যা : ২০১৪ ইং চনৰ জানুৱাৰী মাহত নৱম শ্রেণীত নামভৰ্ত্তি হয় ৫১ জন ছাত্ৰ-ছাত্রী। ইংৰাজী মাধ্যমত ১১ জন আৰু অসমীয়া মাধ্যমত ৪০ জন। অসমীয়া মাধ্যমৰ ছাত্র-ছাত্রীখিনি দুটা Section ত ভাগ কৰা হয়। ২০১৫ ইং চনৰ জানুৱাৰীত নৱম শ্রেণীত দুয়োটা মাধ্যমত নামভৰ্ত্তি কৰা ছাত্র-ছাত্রীৰ মুঠ সংখ্যা ৪৫ জন। ২০১৪ ইং বৰ্ষৰ মে মাহত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ H.S. 1st year class ৰ বাবে নামভৰ্ত্তিৰ প্রক্রিয়া আৰম্ভ হয়। আসনৰ সংখ্যা নিদ্ধাৰিত কৰা হয় ইংৰাজী আৰু অসমীয়া মাধ্যমত সর্বমুঠ ১৬০ আৰু মুঠ Section 4 টা। প্রথমবাৰেই মাত্র তিনিটা দিনৰ ভিতৰত আটাইবােৰ চিট ফিলাপ হৈ যায়, পিছত Admission ল‘বলৈ অহা সকলো ছাত্র-ছাত্রী ঘূৰি যাব লগা হয়। আনকি আনকি মেট্ৰিকত ৯০% পোৱা ছাত্রও ঘূৰি যাবলগীয়া হয়। এইবাৰাে ২০১৫ ইং চনৰ বাবে আসনৰ সংখ্যা নিদ্ধাৰিত ১৬০।


উপলব্ধ সা-সুবিধাসমূহ : Boys Student আৰু Girls Student ৰ বাবে পৃথক Hostel ৰ ব্যৱস্থা আছে। ছাত্রছাত্রীৰ পৰা পোৱা তথ্য অনুসৰি Hostelাৰ অনুশাসন ভাল আৰু খানাও যথেষ্ট ভাল। Hostell বিলাকত Inverter ৰ ব্যৱস্থা ৰাখিছে। স্কুল চৌহদতো ক্লাছৰুমবোৰৰ বাবে Digital Generator ৰ ব্যৱস্থা আছে। স্কুলখনত সাম্প্রদায়িক বিভেদৰ ভাব নাই। চাৰিত্রিকভাৱে ভাল ছাত্র-ছাত্রীয়ে Admission লৈছে। বিদ্যালয়খনৰ অনুশাসন, পৰিচালনা ভাল, Classroom উন্নত, Laboratory উন্নত, শিক্ষক অভিজ্ঞ, সা-সুবিধা উন্নত। সকলো আধুনিক সা-সুবিধাই উপলব্ধ। Transportation ৰ সুবিধাও আছে। সৰু-সুৰা বেমাৰত ছাত্র-ছাত্রীক স্কুল কর্তৃপক্ষই চােৱা-চিতা কৰে। এটা Section অত 40 জনতকৈ অধিক ছাত্র-ছাত্রীক শিক্ষাদান কৰা নহয় (Ideal section)। সকলো ছাত্র-ছাত্রীৰ সম উন্নয়নৰ বাবে স্কুল কর্তৃপক্ষ সদা যত্নপৰ। ছাত্রছাত্রীৰ বৌদ্ধিক বিকাশৰ বাবে বার্ষিক মুখপত্র "Spectra’ ২০১৪ ইং চনত প্রকাশিত হৈছে। ইয়াৰ উপৰিও এখন প্রাচীৰ পত্রিকা মননৰ চাৰিটা সংখ্যা ইতিমধ্যে প্রকাশিত হৈছে। ছাত্র-ছাত্রীৰ সাংস্কৃতিক দিশৰ বিকাশৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব দিয়া হৈছে। পুথিভঁৰালৰ যোগেদিও শিক্ষাদানৰ যত্ন কৰা হৈছে।


বিদ্যলয়ৰ আঁৰৰ ব্যক্তিত্ব : অধ্যক্ষ ডঃ জগন্নাথ পাটগিৰি M.A. (Geography), M. Phil., Ph.D., B.Ed, MTM। গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত Senior অধ্যাপক। যথেষ্ট অভিজ্ঞ ব্যক্তি। পাটগিৰিদেৱ এগৰাকী লিখক হিচাপে প্রতিস্থিত। ঘৰ দলগোমা (গোসাইবৰী, জিলা গোৱালপাৰা)ত। উপাধ্যক্ষ কিশোৰ কুমাৰ দাস, M.Sc.(Physics), M.Phil. B.Ed. পদার্থবিজ্ঞানৰ এগৰাকী সুদক্ষ শিক্ষক হিচাপে প্রতিষ্ঠিত। তেওঁ এগৰাকী কবি, নিবন্ধকাৰ আৰু শিল্পী হিচাপেও জনাজাত। তেওঁৰ ইতিমধ্যে বাৰখন গ্রন্থ প্রকাশিত হৈছে। তেওঁ নতুন দিল্লীস্থ ভাৰতীয় দলিত সাহিত্য একাডেমীৰ পৰা ভগৱান বুদ্ধ নেচনেল ফেল’শ্বিপ এৱার্ড ২০১২” পুৰস্কাৰ লাভ কৰিছে। Course Co-ordinator ধৰণীধৰ পাঠক, M.Sc. (Chemistry) এগৰাকী দক্ষ সংগঠক, পৰিচালক আৰু এগৰাকী ভাল শিক্ষক। এই শিক্ষা প্রতিষ্ঠানটােক উপদেশ পৰামৰ্শৰে আগবঢ়াই নিছে নৃপেন্দ্ৰ নাথ দাসদেৱ আৰু দ্বিজেন কলিতাদেৱে। ইয়াৰ উপৰিও বজালীৰ বহুকেইগৰাকী প্রতিষ্ঠিত মহান ব্যক্তি আৰু শিক্ষাবিদ এই অনুষ্ঠানৰ লগত জড়িত। ২০১৬ ইং চনত পোন প্রথমবাৰৰ বাবে এই বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীর্ণ হ’ব। আশা কৰাে বিদ্যালয়ে ভাল ফলাফল দেখুৱাব পাৰিব আৰু নতুন প্রজন্মক এটা ভাল দিশ দিব পাৰিব।
সংগ্ৰাহকৰ দূৰভাষ - ৮৮২২৯ ৫৪৭৩৭

বিঃদ্ৰঃ- আপুনিও বিভাগীয় সম্পাদকৰ সৈতে যোগাযোগ কৰি আপোনাৰ/আপুনি অধ্যয়ন কৰা/আপোনাৰ অঞ্চলৰ শিক্ষানুষ্ঠানৰ বিষয়ে লিখি আমালৈ পঠিয়াব পাৰে৷

No comments:

Post a Comment

SPONSORED