বটদ্ৰৱা থানৰ ভূমিত দীর্ঘদিন ধৰি চলি থকা বেদখল উচ্ছেদ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 24, 2016

বটদ্ৰৱা থানৰ ভূমিত দীর্ঘদিন ধৰি চলি থকা বেদখল উচ্ছেদ

সংবাদ প্ৰহৰী, নগাঁও, ২৪ ছেপ্টেম্বৰ, ২০১৬ : নগাঁও জিলা প্রশাসনে কালি বটদ্ৰৱা থানৰ ভূমিত দীর্ঘদিন ধৰি চলি থকা বেদখল উচ্ছেদ কৰে। আনুষ্ঠানিকভাৱে জাননী জাৰি কৰি প্রশাসনৰ এটা দল কালি পুৱা উপস্থিত হােৱাৰ লগে লগে থানৰ ভূমিত বসবাস কৰি থকা অৱশিষ্ট পাঁচটা পৰিয়ালে নিজৰ ঘৰ-দুৱাৰ ভাঙি থানৰ ভূমিৰ পৰা আঁতৰি যায়। উল্লেখ্য যে সুদীর্ঘকাল ধৰি বেদখল হৈ থকা ১৩৬ নং দাগৰ উক্ত ভূমি খণ্ডত ২০১২ চনৰ মার্চ মাহত দুস্কৃতিকাৰীয়ে অবৈধভাৱে মছজিদ নির্মাণৰ প্রস্তুতি চলাওঁতেই তদানীন্তন বন মন্ত্রী ৰকিবুল হুছেইনে বেদখলকাৰী পৰিয়ালকেইটাক সংস্থাপনৰ নামত চৰকাৰী ভূমি ক্রয় কৰি স্থানীয় বিধায়ক গৌতম বৰাৰ সহযোগত ইন্দিৰা আবাস যোজনাৰ গৃহ আবণ্টন দি তেওঁলোকক সংস্থাপন দিছিল। জিলা প্রশাসনে শান্তিপূর্ণভাৱে চলোৱা এই উচ্ছেদ অভিযানৰ অন্তত বটদ্ৰৱা থানত অনুষ্ঠিত এখন সংবাদমেলত থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্ৰজেন কাকতীয়ে অসমীয়া জাতিৰ প্রাণ প্রতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্র জন্মভূমি বটদ্ৰৱা থানৰ আকাশীগংগাৰ তীৰৰ কদমনি কিচামতৰ ১৩৬ নং দাগৰ ১৩০ বিঘা ১ কঠা ১৪ লেচা ভূমিৰ প্রতি লোলুপ দৃষ্টি প্রদানৰ পৰা বিৰত থাকি গুৰুজনাৰ জন্মস্থানখন সুৰক্ষাৰ ক্ষেত্ৰত সকলোকে অংশীদাৰ হ’বলৈও লগতে আহবান জনায়।

No comments:

Post a Comment

SPONSORED