ঝাৰখণ্ডৰ হাস্পতালৰ অমানৱীয় কার্য::মজিয়াতে আহাৰ খাবলৈ বাধ্য কৰালে ৰােগীক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 24, 2016

ঝাৰখণ্ডৰ হাস্পতালৰ অমানৱীয় কার্য::মজিয়াতে আহাৰ খাবলৈ বাধ্য কৰালে ৰােগীক

RIMS  hospital in Ranchi
ঝাৰখণ্ড, ২৪ ছেপ্টেম্বৰ, ২০১৬ : দেশৰ চৰকাৰী হাস্পতালসমূহৰ দুৰৱস্থা আৰু ৰােগীসকলৰ প্রতি হাস্পতালসমূহৰ প্রায়ে সংবাদ মাধ্যমত পঢ়িবলৈ বা দেখিবলৈ পোৱা যায়। অলপতে কেইবাখনো ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ৰ গাফিলতিৰ খবৰে দেশজুৰি ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। তেনে সময়তে ঝাৰখণ্ডৰ ৰীচিৰ এখন চৰকাৰী চিকিৎসালয়ত এগৰাকী ৰোগীক পকা মজিয়াতে আহাৰ খাবলৈ বাধ্য কৰােৱা ঘটনা এটা সংঘটিত হৈছে। ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচিৰ ৰাঁচি ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত এই ঘটনা সংঘটিত হয়।|ৰােগী এগৰাকীক পকাৰ মজিয়াতে ভাত, দাইল আৰু তৰকাৰি ঢালি দি সেয়া খাবলৈ বাধ্য কৰাৰ দৃশ্য বাতৰিকাকতৰ এজন সাংবাদিকে কেমেৰাত বন্দী কৰে। পালমতি দেৱী নামৰ ৰোগীগৰাকীয়ে বাহুত বেয়াকৈ আঘাত ঘাই হাস্পতালখনত চিকিৎসাৰ বাবে আহে। শৰীৰত বেণ্ডেজৰ সৈতে অতিশয় কষ্টেৰে থকা পালমতি দেৱীৰ ওচৰত আহাৰ খাবৰ বাবে নাছিল কোনাে থাল।সেয়েহে হাস্পতালৰ আহাৰ যোগান ধৰা এজন কৰ্মীয়ে মহিলাগৰাকীক মজিয়াখন পৰিষ্কাৰ কৰিবলৈ দিয়ে। তাৰ পিছতে কমীজনে মজিয়াতে ভাত, দাইল আৰু তৰকাৰি অলপ বাকী দিয়ে। যিখন হাস্পতালৰ বার্ষিক বাজেট ৩০০ কোটি টকা, সেইখন হাস্পতালত ৰােগীক এখন থাল যোগান ধৰিব নোৱৰাটাে ডাঙৰ কথা। এই খবৰ বিয়পি পৰাৰ পিছতে হাস্পতাল কর্তৃপক্ষই এই ঘটনাৰ তদন্তৰ নির্দেশ দিছে। যিয়ে এই কাম কৰিছিল, তেওঁৰ বিৰুদ্ধে শক্তিৰ ব্যৱস্থা লোৱা হ’ব বুলি হাস্পতাল কর্তৃপক্ষই জনাইছে।

No comments:

Post a Comment

SPONSORED