মই গঁড়ে কবিতাৰেই কৈছোঁ… - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, September 24, 2016

মই গঁড়ে কবিতাৰেই কৈছোঁ…

মই গঁড়ে কবিতাৰেই কৈছোঁ…


হে কবিতাপ্ৰেমী (?)
মাননীয়া বন মন্ত্ৰী,
মোৰ বিষয়ে লিখা কবিতা শুনি
টুকিলেই নহ’ব চকুপানী
সৎ সাহস আছে যদি
বৈ যোৱা কাজিৰঙাৰ মাজেদি
ৰাষ্ট্ৰীয় ঘাই পথটি
দিয়ক বন্ধ কৰি৷
ওৰেটো দিন-ৰাতি
চলে বহু গাড়ী
যাৰ ফলত সঘণে নিয়ে
আমি জন্তুবোৰৰ প্ৰাণ কাঢ়ি৷
মাননীয়া বন মন্ত্ৰী
সঁচাকৈ আছে যদি
আন্তৰিকতা আমাৰ প্ৰতি
পূৰণ কৰক আমাৰ দাবী৷
(তাৰিখঃ ২৩-০৯-২০১৬)

1 comment:

  1. অতি সুন্দৰ কবিতা পঢ়ি আপ্লুত হ'লো।

    ReplyDelete

SPONSORED