ৰাইজে আৰম্ভ কৰিলে গংগাধৰ নদীৰ মাথাউৰিৰ কাম, সজল ফাউণ্ডেশ্বনে আগবঢ়ালে আৰ্থিক সাহাৰ্য্য - SANGBAD PRAHARI

Breaking

Responsive Ads Here

April 27, 2018

ৰাইজে আৰম্ভ কৰিলে গংগাধৰ নদীৰ মাথাউৰিৰ কাম, সজল ফাউণ্ডেশ্বনে আগবঢ়ালে আৰ্থিক সাহাৰ্য্য

তামাৰহাট: "ধিক্কাৰ, অসম চৰকাৰ, ধিক্কাৰ শাসনাধিষ্ঠ বি জে পি চৰকাৰ, আমাক চৰকাৰৰ কোনো প্ৰয়োজন নই। যি চৰকাৰ ৰাইজৰ কামত নাহে সেই চৰকাৰৰ কি প্ৰয়োজন। ইমানদিনে আমি চৰকাৰৰ পৰা কোনো সহায় পোৱা নাই, আৰু এতিয়া চৰকাৰৰ কোনো সাহাৰ্য্যৰ প্ৰয়োজন নাই" এই ভাষ্য নৈপৰীয়া ৰাইজৰ৷ উল্লেখ্য যে, অসম-বঙ্গ তথা ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত বাঘডোকৰা অঞ্চলত দীর্ঘদিনৰে পৰা গংগাধৰ নৈয়ে বিস্তৰ ক্ষতি সাধন কৰি আহিছে যদিও চৰকাৰ প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাত এইবাৰ আগুন্তক বান পানীৰ পৰা পৰিত্ৰাণ পোৱাৰ আশাত আতংকিত ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে মথাউৰিৰ কাম আৰম্ভ কৰিছে। 
অসম বঙ্গ সীমান্তদি বৈ যোৱা ভয়ংকৰ গংগাধৰ নদীয়ে একেৰাহে পোন্ধৰ বছৰ ধৰি তাণ্ডব চলাই বিস্তৰ ক্ষতি সাধন কৰি আহিছে। বিগত দিনত এই নদীয়ে বাঘডোকৰা বজাৰ, বাঘডোকৰা এম,ই,স্কুল, এলপি স্কুল, এখন উপ-স্বাস্থ্য কেন্দ্ৰ, মন্দিৰ, মছজিদৰ লগতে অসংখ্য ঘৰবাৰী উটুৱাই নিয়ে শ শ লোকক পথৰ ভিখাৰী বনোৱা পৰিলক্ষিত হৈছে। জোংবান্দা নামৰ গাঁওখন এই নদীৰ বুকুত সম্পূৰ্ণ ৰূপে বিলীন হৈছে। লাউকুটি আৰু বাঘডোকৰা গাঁওদুখনো ইতিমধ্যে বিলীন হোৱাৰ উপক্ৰম হৈছে। হাজাৰ হাজাৰ খেতিভুমি এই নদীৰ বুকুত জাহ গৈছে। 
তথাপিও কিন্তু নীৰৱ ভূমিকা পালন কৰি আহিছে চৰকাৰে। এনেকৈ পোন্ধৰ বছৰ ধৰি বিধায়কৰ দায়ীত্বত থকা ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়েও উক্ত অঞ্চলটো বিটিএডিৰ বহিৰ্ভুত হোৱাৰ বাবে আজিলৈ কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে। ফলত পোন্ধৰ বছৰ ধৰি চলোৱা গংগাধৰৰ ভয়ংকৰ কালৰুপী সংহাৰ দেখি অহা অঞ্চলটোৰ ৰাইজে চৰকাৰৰ আশা নকৰি গংগাধৰ নদীৰ পৰা পৰিত্ৰাণ পোৱাৰ আশাত গৰু-ছাগলী বিক্ৰী কৰি ৰাইজৰ ধনেৰেই আৰাম্ভ কৰিছে মথাউৰিৰ নিৰ্মাণৰ কাম। 
আনহাতে অঞ্চলটোত আশ্ৰয়হীন তথা ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল বোৰক পূৰ্বেও সহায় কৰি অহা তামাৰহাটৰ বিশিষ্ট সমাজ সেৱক সজল সিংহই উক্ত মথাউৰি নিৰ্মাণৰ কাম দেখি ব্যক্তিগতভাৱে পঞ্চাশ হাজাৰ টকাৰ অনুদান আগবঢ়াইছে। সজল ফাউণ্ডেশ্বনৰ মুখ্য পৰিচালনা সঞ্চালক সজল সিংহই আগবঢ়োৱা আৰ্থিক সাহাৰ্য্যৰ ফলত চৰকাৰে গুৰুত্ব নিদিয়া কামটো ৰাইজে হাতত লবলৈ সক্ষম হৈছে বুলি মত প্ৰকাশ কৰিছে নৈপৰীয়া ৰাইজে। উল্লেখ্য যে চৰকাৰে বৃহত অঞ্চলটোৰ গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা নকৰা বাবে আগুন্তক নিৰ্বাচনত ৰাইজে ভোট বৰ্জন কৰিব বুলিও ভাবুকি প্ৰদান কৰিছে।

No comments:

Post a Comment

SPONSORED