গোসাইগাঁওঃ চাৰিওফালে অকল সেউজীয়া আৰু সেউজীয়া। সেউজীয়াৰ মাজত কৰবাত কৰবাত সৰু এটি এটি ঘৰ। কেঁচা মাটিৰ গোন্ধ, জাক জাক কলৰ বাগিছা, বিঘাই বিঘাই মাকৈৰ খেতি, বিঘাই বিঘাই পাণৰ খেতি, বিভিন্ন শাক-পাচলি, ফল-মূলৰ গছ-গছনি, ঔষধী গছ-গছনি আদিৰে পৰিপূৰ্ণ প্ৰতিটো পৰিয়ালৰে ঘৰৰ চোতাল। এইবোৰ বছৰটোৰ প্ৰতিটো ঋতুতে সাধাৰণতে দেখা পোৱা দৃশ্য বাজুগাওঁৰ।

কোকৰাঝাৰ জিলাৰ বিধায়ক শ্ৰীযুত মাজেন্দ্ৰ নাৰ্জাৰী নেতৃত্বাধীন ২৮ নং গোসাইগাওঁ বিধান সভা সমষ্টি তথা বিটিচি সংসদীয় চৰকাৰৰ সদস্য শ্ৰীযুত জিতেন্দ্ৰ নাৰ্জাৰী নেতৃত্বাধীন দুই নং যমদুৱাৰ সমষ্টিৰ আৰু সাপকাটা আৰক্ষী চকীৰ অন্তৰ্গত এটি অতি পিছপৰা গাঁও সেইয়া হৈছে বাজুগাঁও।৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ শ্ৰীৰামপুৰৰ পৰা ৫ কিমি উত্তৰে থকা প্ৰায় ১,০০০ জনবসতিৰে চিৰ সেউজীয়া গাঁও দুই নং বাজুগাঁও, যি বিভিন্ন সমস্যাৰে জৰ্জৰিত। স্বাধীনতাৰ ৭১ বছৰ পিছতো নাপালে কোনো চৰকাৰী ৰাস্তা-ঘাট। গাঁওখনত সোমাব নোৱাৰে কোনো এম্বুলেন্স, কোনো গাড়ী। জৰুৰীকালীন অবস্থাত ৰোগীক কঢ়িয়াই নিব লগা হয় কান্ধত বা ঠেলাগাড়ীত।
আজিলৈকে গাঁওবাসীয়ে নেদেখিলে বিজুলীৰ পোহৰ। চৰকাৰৰ চৰম অৱহেলা আৰু প্ৰবঞ্চনাৰ ফলত ১৯৮৫ চনতে স্থাপিত দক্ষিণ বাজুগাঁও প্ৰাথমিক বিদ্যালয়ৰ আজি হাঁহ নচৰা অৱস্থা। ১নং বাজুগাঁও আৰু ২নং বাজুগাঁও গাঁওদুখনৰ মাজেৰে বৈ গৈছে বুঢ়াচৰা নৈ। গাঁওখনৰ ৯৯% মানুহ কৃষীজীৱী যদিও প্ৰতিবছৰে বাৰিষাত বানে তাণ্ডৱ চলাই বিস্তৰ ক্ষতি সাধন কৰে।
দীৰ্ঘদিন ধৰি গাঁওবাসীয়ে বুঢ়াচৰা নৈত মথাউৰি বান্ধি দিয়াৰ বাবে দাবী জনাই আহিছে যদিও গাঁওবাসীৰ বাবে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাত বাৰুকৈয়ে চিন্তিত হৈ পৰে গাঁওবাসী, অৱশেষত উপায়ন্তৰ হৈ ২নং বাজুগাঁওৰ ভিডিপি সম্পাদক হাফিজ আবু তাহেৰ ভূঞা প্ৰাক্তন গাঁওবুঢ়া নুৰুল ইছলাম সেখ আৰু শ্ৰীযুত বিপেন চন্দ্ৰৰ উদ্যোগত গাঁওৰ প্ৰতিটো পৰিয়ালৰ পৰা দুশ, তিনিশ অথবা চাৰিশকৈ টকা সংগ্ৰহ কৰি প্ৰায় ৫০০ মিটাৰ দুৰত্বৰ ৫,৬ ফুটমান ওখকৈ মথাউৰি নিৰ্মাণ কৰে যদিও গাঁওবাসী এতিয়াও শংকিত। কাৰণ বাৰিষা সমাগত। সেয়ে গাঁওবাসীয়ে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি এই চিৰ-সেউজীয়া গাঁওখন ৰক্ষা কৰিবলৈ কাতৰ অনুৰোধ জনায়।

No comments:
Post a Comment