২৬ বছৰীয়া যুৱকে এপ’ল’ হাস্পতালত জীৱন দান কৰিলে তিনিজনক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, April 27, 2018

২৬ বছৰীয়া যুৱকে এপ’ল’ হাস্পতালত জীৱন দান কৰিলে তিনিজনক

- পথ দুৰ্ঘটনাত পতিত ২৬ বছৰীয়া যুৱকক ব্ৰেইন ডেড ঘোষণা
- পুত্ৰৰ অংগদান কৰিবলৈ মাতৃয়ে ল’লে নিঃস্বাৰ্থ সিদ্ধান্ত
- এপ’ল’ৰ তিনিগৰাকী ৰোগীয়ে লাভ কৰিলে হৃদযন্ত্ৰ,যকৃত আৰু বৃক্ক

নতুন দিল্লী : আশুতোষ আছিল অন্য যিকোনো ২৬ বছৰীয়া যুৱকৰ দৰেই। কিন্তু তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ বাবে তেওঁ আছিল অত্যন্ত যত্নশীল আৰু মৰমীয়াল ব্যক্তিত্বৰ অধিকাৰী, যাৰ আছে জীৱনত কিবা এটা ডাঙৰ কাম কৰাৰ হেঁপাহ। আৰু সেইদৰেই সদায়েই তেওঁক সকলোৱে মনত ৰাখিব। কৰুণ মৃত্যুৰ পাছতো, আশুতোষে চাৰিগৰাকী সংকটজনক অৱস্থাত চিকিৎধীন ৰোগীক দ্বিতীয় জীৱন দি যেন তাৰেই নিদৰ্শন দেখুৱাই গ’ল।
এমবিএৰ ছাত্ৰ, আশুতোষে দিল্লীৰ এটা কোম্পানীত ইণ্টাৰ্ণশ্বিপ কৰি আছিল। বিগত ৭ এপ্ৰিলত, তেওঁ কাৰ্যালয়লৈ গৈ থকা অৱস্থাত এক দুৰ্ঘটনাত পতিত হয় আৰু সংকটজনক অৱস্থাত ইন্দ্ৰপ্ৰস্থ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হয়। তেওঁক পুনৰ সুস্থ কৰি তুলিবলৈ চিকিৎসকসকলে আপ্ৰাণ চেষ্টা কৰিছিল যদিও অৱস্থা দিনে দিনে বেয়ালৈহে ঢাল খাই গৈ আছিল আৰু ১২ এপ্ৰিলত মস্তিস্কৰ ষ্টেম ৰিফ্লেক্সৰ গতিবিধি বন্ধ হৈ পৰিল। সম্ভাব্য সৰ্বোত্তম চিকিৎসা সেৱা প্ৰদান কৰাৰ পাছতো ১৫ এপ্ৰিলত আশুতোষক ব্ৰেইন ডেড হিচাপে ঘোষণা কৰা হয়।
যদিও একমাত্ৰ পুত্ৰৰ মৃত্যুৰ শোক সহ্য কৰাটো পৰিয়ালটোৰ বাবে সম্ভৱপৰ নাছিল, তথাপি আশুতোষক অমৰ কৰি তুলিবলৈ তেওঁলোকে এক সিদ্ধান্ত গ্ৰহণ কৰিলে। আশুতোষৰ মাতৃয়ে তেওঁৰ হৃদযন্ত্ৰ, যকৃত আৰু দুয়োটা বৃক্ক দান কৰিবলৈ সন্মতি প্ৰকাশ কৰিলে।
“আশুতোষৰ পৰিয়ালে তেওঁৰ হৃদযন্ত্ৰ, যকৃত আৰু বৃক্ক অন্য ৰোগীক প্ৰদান কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। তেওঁৰ হৃদযন্ত্ৰ এগৰাকী ৩৩ বছৰীয়া পুৰুষ ৰোগীক প্ৰদান কৰা হৈছে, যাৰ হৃদযন্ত্ৰ প্ৰায় বিকল হৈ পৰিছিল। তেওঁৰ যকৃত এগৰাকী ৪৯ বছৰ বয়সীয়া ব্যক্তিক প্ৰদান কৰা হৈছে। তেওঁৰ এটা কিডনী এগৰাকী ৪৯ বছৰীয়া ব্যক্তিক প্ৰদান কৰা হৈছে, যিয়ে ক্ৰনিক কিডনী ডিজিজ (চিকেডি)ত ভুগি আছিল আৰু ডায়েলাইছিছ কৰি আছিল। দ্বিতীয়টো বৃক্ক অন্য চিকিৎসালয়ত চিকিৎসাধীন আন এজন ৰোগীক প্ৰদান কৰা হয়।” এনেদৰে কয় ডাঃ ভৱানন্দ দাস, কাৰ্ডিঅ’ থোৰাচিক এণ্ড ভাছকুলাৰ ছাৰ্জন, ইন্দ্ৰপ্ৰস্থ এপ’ল’ হাস্পতাল।
ডাঃ দাসৰ নেতৃত্বত এটা দলে চাৰিঘণ্টীয়া চাৰ্জাৰীৰে হাস্পতালখনত জটিল হৃদযন্ত্ৰ সংৰোপণৰ কাৰ্য সম্পাদন কৰে। আনহাতে যকৃত আৰু বৃক্ক সংৰোপণ প্ৰক্ৰিয়া সম্পাদন কৰে ক্ৰমে ডাঃ নীৰৱ গোৱেল আৰু ডাঃ এছ এন মেহতাই। এটা বৃক্ক অন্য এখন হাস্পতালত সংৰোপণ কৰা হয় নেচনেল অৰ্গেন এণ্ড টিছু ট্ৰেন্সপ্লেণ্ট অৰ্গেনাইজেচন (নট্ট’)ৰ জৰিয়তে।
এপ’ল’ হাস্পতালত তিনিওগৰাকী গ্ৰহিতাই উন্নতিৰ সংকেট প্ৰদৰ্শন কৰিছে আৰু এটা বিশেষজ্ঞ চিকিৎসকৰ দলে তেওঁলোকক নিয়মীয়াকৈ নিৰীক্ষণ কৰি আহিছে।
আশুতোষৰ পৰিয়ালে, বিশেষকৈ তেওঁৰ মাতৃয়ে প্ৰদৰ্শন কৰা দৃঢ় সিদ্ধান্তক হাস্পতালৰ কৰ্মীবৃন্দই ভুয়সী প্ৰশংসা কৰিছে। “এয়া যিকোনো পৰিয়ালৰ বাবে কঠিন সিদ্ধান্ত। কিন্তু এই ক্ষেত্ৰত তেওঁৰ মাতৃয়ে প্ৰদৰ্শন কৰিলে এক দৃষ্টান্তমূলক সাহস আৰু দৃঢ়তা। পুত্ৰৰ মৃত্যুৰ পিছতো তেওঁ সুখী যে তেওঁৰ পুত্ৰই চাৰিজন ব্যক্তিক নতুন জীৱন প্ৰদান কৰিছে। আমি পৰিয়ালটোৰ সাহসী সিদ্ধান্তৰ বাবে অভিবাদন দিছোঁ আৰু আমি আশা কৰিছোঁ ইয়াৰ দ্বাৰাই এক আন্দোলনৰ সুচনা হ’ব য’ত অংগদান গ্ৰহণীয়ৰূপত দেখা যাব। সম্প্ৰতি আমি আগতকৈয়ো বেছিকৈ অংগদানৰ সপক্ষে জনজাগৰণ সৃষ্টি কৰাৰ প্ৰয়োজন আছে যাতে অন্তিম পৰ্যায়ৰ অংগ বিকল লাখ লাখ ৰোগীৰ জীৱন বচাব পাৰোঁ। আমাৰ চিকিৎসক আৰু কৰ্মীসকলেঅতি নিৰলসভাৱে কাম কৰি আছে যাতে তিনিওটা অত্যন্ত জটিল সংৰোপণৰ সুফল নিশ্চিত কৰিব পাৰি,” কয় অশোক বাজপাই, পৰিচালন সঞ্চালক, ইন্দ্ৰপ্ৰস্থ এপ’ল’ হাস্পতাল, নতুন দিল্লী।

No comments:

Post a Comment

SPONSORED