পুনৰ ৰাকেশ পালৰ ঘনিষ্ঠৰ ঘৰত এ পি এছ চিৰ জাপে জাপে উত্তৰ বহী উদ্ধাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, April 27, 2018

পুনৰ ৰাকেশ পালৰ ঘনিষ্ঠৰ ঘৰত এ পি এছ চিৰ জাপে জাপে উত্তৰ বহী উদ্ধাৰ


গুৱাহাটীঃ পুনৰ জাপে জাপে ওলাল ৰাকেশ পাল বাহিনীয়ে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু কৰি ৰখা উত্তৰ বহী৷ ৰাকেশ পালৰ ঘনিষ্ঠৰ বাসগৃহত মজুত কৰি ৰখা অৱস্থাত গুৱাহাটীত উদ্ধাৰ হয় পৰীক্ষাৰ বহীসমূহ৷
ডিব্রুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ নেতৃত্বত যোৱা নিশা আৰক্ষীৰ বৃহৎ দল এটাই অতর্কিতে অভিযান চলাই উত্তৰ বহীসমূহ জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দ কৰা বহীসমূহৰ মাজত আছে ২০০খন উত্তৰ বহী আৰু ৩০০খন উত্তৰ বহীৰ মাজৰ পৃষ্ঠা৷ আটাইকেইখন
বহীয়ে অসম লোকসেৱা আয়োগৰ চিহুযুক্ত৷বহীসমূহ উদ্ধাৰ হয় ৰাকেশ পালৰ দুর্নীতিৰ আন এজন সহযোগী গোপাল বৰাৰ গুৱাহাটীৰ ভঙাগড়স্থিত অম্বিকা শ্রীহৰি এপার্টমেণ্টৰ ৫ ‘চি’ত৷ যোৱা নিশা বহীসমূহ উদ্ধাৰ হোৱাৰ পাছত এতিয়া উক্ত বহী ফ’ৰেনচিক পৰীক্ষা কৰাৰ বাবে অনুমতি বিচাৰি আৰক্ষীয়ে অসমৰ বিশেষ আদালতত আৱেদন জনাইছে৷
সম্প্রতি গোপাল বৰাক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে৷ আৰক্ষীয়ে প্রাথমিক তদন্তত সন্দেহ কৰা অনুসৰি উক্ত বহীসমূহ আছিল নকল৷ লক্ষ লক্ষ টকাৰ বিনিময়ত একাংশ প্রার্থীক পৰীক্ষাত উত্তীর্ণ কৰাবলৈ বহীসমূহ প্রস্তুত কৰিছিল আৰু সেই বহীসমূহ ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পালৰ প্রেছত ছপা কৰিছিল৷ উল্লেখযোগ্য যে ৰাজীৱ পালৰ প্রেছত ছপা কৰা বহু নকল বহী ইয়াৰ পূর্বেও জব্দ হৈছিল৷
যিবোৰ উত্তৰ বহীৰে ৰাকেশ পাল বাহিনীয়ে বহু প্রার্থীক ৰাজপত্রিত বিষয়া হিচাপে বাছনি কৰিছিল৷ নকল বহীত প্রস্তুত কৰি দিয়া উত্তৰেৰে বাছনি হোৱা বহুকেইগৰাকী প্রার্থী ইতিমধ্যে কাৰাগাৰৰ আলহী হৈ থকাৰ পাছত এতিয়া আৰু অন্য একাংশ বাছনীকৃত প্রার্থীৰ সন্দর্ভত ন-ন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷ অৱশ্যে ফৰেনচিক পৰীক্ষাৰ পাছত সেই সমস্ত তথ্য পোহৰলৈ আহিব৷
গুৰুত্বপূর্ণ কথাটো এয়ে যে ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পালৰ প্রেছত লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ বহী বহু উদ্ধাৰ হোৱাৰ পাছতো আৰক্ষীয়ে ৰাজীৱ পালক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ আৰক্ষীৰ সন্দেহ– ৰাজীৱে বিদেশত আশ্রয় লৈছে৷ ইফালে গোপাল বৰাৰ ফ্লেটত যোৱা নিশা উত্তৰ বহীসমূহ উদ্ধাৰ হোৱাৰ পাছতে আৰক্ষীয়ে বৰাৰ সন্ধান আৰম্ভ কৰিছে৷ আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি গোপাল বৰা দুধনৈৰ লোক৷


No comments:

Post a Comment

SPONSORED