
ইফালে এই ঘটনাৰ বাবে ভেনখনৰ চালকজনৰ দায়িত্বজ্ঞানহীনতাই দায়ী বুলি কোৱা হৈছে। অভিযােগ অনুসৰি, তেওঁ সেই সময়ত কাণত ম'বাইলৰ ইয়াৰ ফ'ন লগাই থৈছিল আৰু সেয়েহে ৰেলখন অহাৰ শব্দ তেওঁ শুনা নাছিল। আনকি গাড়ীখনত থকা শিশুকেইটিয়ে ৰেলখন দেখি চিঞৰিছিল যদিও চালকজনে তালৈ কাণসাৰ দিয়া নাছিল। ৰেলৱে বিষয়াসকলেও প্রকাশ কৰিছে যে ভেনখনৰ চালকজনৰ কাণত এয়াৰ ফ'ন লাগি আছিল।
ইফালে দুর্ঘটনাটোৰ পাছতে ঘটনাস্থলীত উপস্থিত হােৱা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যােগী আদিত্যনাথ তাত উপস্থিত থকা লােকসকলৰ ক্ষোভৰ সন্মুখীন হয়। মুখ্যমন্ত্রীজনে এই ঘটনাত শােক প্রকাশ নিহত শিশুৰ পৰিয়াললৈ দুই লাখ টকাৰ এককালীন সাহায্য দিয়াৰ কথা ঘােষণা কৰে। তেওঁ এই ঘটনাৰ বাবে এক তদন্তকাৰী গােটো গঠন কৰে। আদিত্যনাথ তাত উপস্থিত হােৱাৰ পাছতে দুর্ঘটনাস্থলীৰ পৰিস্থিতি প্রায় নিয়ন্ত্ৰণৰ বাহিৰ হৈ যায়। বিষয়াসকলে নিয়ন্ত্রণ কৰিব নােৱৰা দেখি মুখ্যমন্ত্রী আদিত্যনাথে গাড়ীৰ ওপৰত উঠি জনসাধাৰণক শান্ত হ’বলৈ আহ্বান জনায়। তেওঁ ক্ষুব্ধ হৈ সময় নষ্ট কৰাতকৈ সংযমেৰে সমস্যা সমাধান কৰাৰ আহ্বান জনায়। কিন্তু একাংশ জনতাই তেওঁৰ কথালৈ কর্ণপাত নকৰি ৰেলৱে আৰু স্থানীয় প্রশাসনৰ বিৰুদ্ধে শ্ল'গান দি থাকে। তেতিয়া আদিত্যনাথে কয়, শ্ল'গান দিয়াটো বন্ধ কৰক, নাটক বন্ধ কৰক। মই সমবেদনা জনাবলৈ ইয়ালৈ আহিছো। ইফালে ৰাষ্ট্রপতি ৰামনাথ কবিন্দ আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়েও এই ঘটনাত শােক প্রকাশ কৰিছে।
No comments:
Post a Comment