অতি শীঘ্ৰে চি আই ডিৰ জালত পৰিব কয়লা কেলেংকাৰিৰ একাংশ ব্যৱসায়ী আৰু চৰকাৰী বিষয়া - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, April 27, 2018

অতি শীঘ্ৰে চি আই ডিৰ জালত পৰিব কয়লা কেলেংকাৰিৰ একাংশ ব্যৱসায়ী আৰু চৰকাৰী বিষয়া

গুৱাহাটী : অতি কম দিনৰ ভিতৰতে কয়লা কেলেংকাৰি সন্দৰ্ভত উজনি অসমৰ একাংশ ব্যৱসায়ী আৰু চৰকাৰী বিষয়া চি আই ডিৰ জালত পৰাটো নিশ্চিত হৈছে। মাৰ্ঘেৰিটা, লিডু আদিত কয়লাৰ অবৈধ বেহা চলি থকাৰ সন্দৰ্ভত তদন্তকাৰী সংস্থা চি আই ডিয়ে প্রস্তুত কৰিছে এখন বৃহৎ তালিকা। ইতিপূর্বে চি আই ডিয়ে ক্ষেত্রভিত্তিক নিৰীক্ষণ কৰাৰ লগতে দায়িত্বত নিয়ােজিত বিভিন্ন আৰক্ষী থানাৰ তদন্তকাৰী বিষয়াৰ পৰা তথ্য সংগ্রহ কৰিছে আৰু সেই তথ্যৰ ভিত্তিত কয়লাৰ অবৈধ বেহাত জড়িতসকলৰ এখন দীঘলীয়া তালিকা প্রস্তুত কৰিছে। যিখন তালিকাত ব্যৱসায়ীৰ লগতে একাংশ চৰকাৰী বিষয়াৰ নাম জড়িত হৈ পৰিছে। কয়লাৰ অবৈধ ব্যৱসায়ৰ সৈতে নাম জড়িত হৈ পৰিছে একাংশ আৰক্ষীৰাে। সেয়ে সকলাে দিশ চাৰি-জাৰি চাই চি আই ডিয়ে এখন তালিকা প্রস্তুত কৰিছে আৰু সেই তালিকাৰ ভিত্তিত কম দিনৰ ভিতৰতে উজনি অসমৰ ভালেসংখ্যক ব্যক্তিক তদন্তৰ আওতালৈ আনিব বুলি তদন্তকাৰী সূত্ৰটোৰ পৰা জানিব পৰা গৈছে। সমান্তৰালভাৱে যােগীঘােপা আৰু গুৱাহাটীত কয়লা কেলেংকাৰিত জড়িত একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। কিন্তু চি আই ডিৰ এই অভিযানৰ বাবে ৰাজ্য এৰি বহুকেইজন ব্যৱসায়ীয়ে নিৰাপদ স্থানত আশ্ৰয় লৈ অধিবক্তাৰ জৰিয়তে আগতীয়া জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আৱেদন জনাইছে। বিশেষকৈ, যােগীঘােপাৰ কয়লা কেলেংকাৰিৰ অন্যতম নায়ক হিচাপে পৰিচিত শ্বহিদুল হকক বিচাৰি অভিযান তীব্রতৰ কৰি তুলিছে যদিও আজি পর্যন্ত শ্বহিদুল হকৰ কোনাে সন্ধান উলিয়াব পৰা নাই। তদন্তকাৰী সংস্থাটোৰ মতে শ্বহিদুল হকে যােগীঘােপাৰ কয়লা ব্যৱসায়ৰ সমস্ত দিশ চোৱা-চিতা কৰিছিল। শ্বহিদুল হকে আৰক্ষী, পৰিবহণ বিষয়াৰ পৰা ৰাজনৈতিক আশীর্বাদপুষ্ট সকলাে লােকৰ লগত সম্পর্ক গঢ়ি ব্যৱসায়ীসকলক আইন ভংগ কৰি কয়লাৰ ব্যৱসায় কৰাৰ পথ সুচল কৰি দিছিল। আইনভংগকাৰী ব্যৱসায়ীসকলৰ পৰা নিয়মীয়া গতিত উৎকোচ সংগ্রহ কৰি তাৰ অংশ বিভিন্ন পক্ষক আদায় দি ব্যৱসায়ীসকলৰ ব্যৱসায়ৰ পথ সুচল কৰি ৰাখিছিল। সেয়ে এতিয়া যিকোনাে কাৰণত শ্বহিদুল হকক গ্রেপ্তাৰ কৰাটো চি আই ডিৰ বাবে অতি জৰুৰী হৈ পৰিছে। কাৰণ শ্বহিদুল হকক গ্রেপ্তাৰ কৰি জেৰা কৰিব পাৰিলেহে শ্বহিদুল হকে কোন কোন আৰক্ষী, পৰিবহণ বিষয়াক মেনেজ কৰিছিল, সেই সকলাে তথ্য স্পষ্ট হৈ পৰিব। ইতিমধ্যে তদন্তৰ দায়িত্বত থকা একাংশ আৰক্ষী বিষয়াই শ্বহিদুলল হক সন্দৰ্ভত চি আইডিৰ আগত বহু তথ্য দাখিল কৰিছে। কিন্তু বিগত প্রায় এমাহে শ্বহিদুল হকৰ কোনাে সন্ধান উলিয়াব পৰা নাই। সমান্তৰালভাৱে গুৱাহাটীত মেঘালয়ৰ পৰা অনা কয়লাৰ ব্যৱসায়ত জড়িত হৈ থকা বাঞ্চাল সিং উপাধিধাৰী একাংশ ব্যৱসায়ীৰাে সন্ধান উলিয়াব পৰা নাই। অসম এৰি উক্ত ব্যৱসায়ীসকলে বহিঃৰাজ্যত আশ্ৰয় লৈ থকা বুলি তদন্তকাৰী সংস্থাটোৱে সন্দেহ কৰিছে। কিন্তু যাতে উক্ত ব্যৱসায়ীসকলে আগতীয়া জামিন পাব নােৱাৰে, তাৰ বাবে ইতিমধ্যে আদালতত তদন্তৰ অগ্রগতি সন্দৰ্ভত প্রতিবেদন দাখিল কৰিছে। সমান্তৰালভাৱে মে’ৰ প্রথম সপ্তাহৰ ভিতৰত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ কেইবাজনাে বিষয়া কৰ্মচাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হ'ব বুলি তদন্তকাৰী সংস্থাটোৰ এক সূত্রই জানিব দিছে। মেঘালয়ৰ পৰা নিয়ম ভংগ কৰি কয়লাৰ ব্যৱসায় কৰা একাংশ ব্যৱসায়ীক সহযােগ কৰাৰ অপৰাধত পৰিবহণ বিভাগৰ কেইবাজনাে বিষয়া কর্মচাৰীক গ্রেপ্তাৰ কৰাটো প্রায় নিশ্চিত বুলি আজি জানিব দিছে। উল্লেখযােগ্য যে পৰিবহণ বিভাগৰ তিনিজন বিষয়া-কৰ্মচাৰীক ইতিপূর্বে চি আই ডিয়ে গ্রেপ্তাৰ কৰিছিল। অভিযুক্ত অন্য তিনিজন বিষয়াকর্মচাৰীয়ে আগতীয়া জামিন লৈ থকাত এতিয়াও গ্রেপ্তাৰ কৰিবলৈ সক্ষম হােৱা নাই। জানিব পৰা মতে, মে’ৰ প্রথম সপ্তাহত আগতীয়া জামিন ম্যাদ উকলিব। তাৰ পাছতেই কেইবাজনাে বিষয়া-কৰ্মচাৰী গ্রেপ্তাৰ হােৱাটো প্রায় নিশ্চিত হৈ পৰিছে।

No comments:

Post a Comment

SPONSORED